নিউজ ডেস্ক, 11 এপ্ৰিল : কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হয় তামিলনাডুৰ শ্ৰীভিল্লীপুথোৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মাধৱ ৰাওৰ ৷ তামিলনাডুত চলি থকা বিধানসভা নিৰ্বাচনত শ্ৰীভিল্লীপুথোৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৰাওৱে ৷
কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী মাৰ্চ মাহতে কৰ'ণাত আক্ৰান্ত হৈছিল ৷ যাৰ পাছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ কিন্তু দেওবাৰে মৃত্যুৰে যুঁজি শেষ নিশ্বাস ত্যাগ কৰে মাধৱ ৰাওৱে ৷
উল্লেখ্য যে, নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাচত প্ৰাৰ্থীগৰাকীৰ মৃত্যু হোৱাৰ বাবে এতিয়া উক্ত সমষ্টিত পুনৰ নিৰ্বাচন সম্ভৱ নহ’ব ৷ সেয়ে যদিহে উক্ত সমষ্টিৰ পৰা মাধৱ ৰাও বিজয়ী হয় তেন্তে সমষ্টিটোত উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব ৷