ETV Bharat / bharat

কংগ্ৰেছ-চিপিএমক ভোট দি অপচয় কৰাতকৈ তৃণমূলক ভোট দিয়াৰ আহ্বান অভিষেকৰ

author img

By

Published : Jun 20, 2022, 10:53 PM IST

ত্ৰিপুৰাৰ ৰাইজে কংগ্ৰেছ আৰু চিপিআই (এম)ক ভোট নিদিব, কিয়নো ই কেৱল আপোনালোকৰ ভোটৰ অপচয় কৰিব। তেওঁলোকে তৃণমূলৰ দৰে বিৰোধী নেতাৰ ভূমিকা পালন কৰিবলৈ সক্ষম হোৱা নাই । আমি কেৱল শব্দৰ যোদ্ধা নহয় আৰু বিজেপিক (BJP) সমানে সমানে প্ৰত্যাহ্বান জনাই আহিছোঁ ।

a
অভিষেক বেনাৰ্জীৰ সংবাদমেল

আগৰতলা, ২০ জুন : অহা ২৩ জুনত ত্ৰিপুৰা বিধানসভাৰ ৪টা সমষ্টিৰ উপ-নিৰ্বাচন (Tripura bye-poll 2022)। মঙলবাৰে অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰ। ইতিমধ্যে শাসকীয় দল বিজেপি (BJP), বিৰোধী চিপিআই (এম), কংগ্ৰেছ (INC) আৰু ৰাজ্যখনত নতুনকৈ অভিষেকৰ অপেক্ষাত থকা তৃণমূল কংগ্ৰেছৰ (TMC) নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । ৰাজনৈতিক দলবোৰৰ অভিযোগ-প্ৰতি অভিযোগত এতিয়া গৰম হৈ পৰিছে ত্ৰিপুৰাৰ আকাশ-বতাহ।

তাৰ মাজতে আজি ত্ৰিপুৰাত নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে (Trinamool Congress General Secretary Abhishek Banerjee) আগন্তুক উপ-নিৰ্বাচনত তেওঁৰ দলক এটা সুযোগ দিবলৈ আহ্বান জনায় । লগতে তেওঁ কয়, চিপিআই (এম) আৰু কংগ্ৰেক ভোট দিয়া মানে ভোট নষ্ট কৰাহে হ'ব ।

আগৰতলাত এক সংবাদমেল সম্বোধন কৰি অভিষেকে (Abhishek Benarjee press conference in Agartala) কয় যে চিপিআই (এম) চৰকাৰৰ ২৫ বছৰৰ পিছত ২০১৮ চনত ৰাজ্যৰ জনসাধাৰণে পৰিৱৰ্তন বিচাৰিছিল । তেওঁলোকে ডাবল ইঞ্জিন চৰকাৰৰ (Double Engine Govt.) প্ৰতিশ্ৰুতিক সুযোগ দিব বিচাৰিছিল আৰু ভাবিছিল যে ই ৰাজ্যখনৰ বিকাশত উদগনি দিব। কিন্তু বিজেপিয়ে ২০১৮ চনত দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হৈছে।

"আমি ২০২১ চনৰ আগষ্টত ৰাজ্যখনত গণতন্ত্ৰ পুনৰুদ্ধাৰৰ আমাৰ দৃষ্টিভংগীৰে ত্ৰিপুৰালৈ আহিছিলোঁ। বিগত ১০টা মাহত যথেষ্টসংখ্যক লোকে তৃণমূল কংগ্ৰেছত যোগদান কৰিছে (More people have joined Trinamool Congress)। অৱশ্যে প্ৰথম দিনৰ পৰাই আমাক আক্ৰমণ কৰা হৈছে যাতে আমাৰ বাৰ্তা জনসাধাৰণৰ ওচৰলৈ নাযায় । আমি জনসাধাৰণৰ মৰ্যাদা আৰু আমাৰ মহিলাসকলৰ সুৰক্ষাৰ বাবে ৰাজপথত নামিছোঁ । কিন্তু যদি আমাৰ ওচৰত জনসাধাৰণৰ সমৰ্থন নাথাকে, আমি এই যুঁজখন জিকিব নোৱাৰিম । এইটো বিভিন্ন দলৰ মাজত ৰাজনৈতিক যুঁজ নহয় । এয়া আমাৰ জনসাধাৰণৰ গণতন্ত্ৰ আৰু সুৰক্ষাৰ বাবে যুঁজ (fight for democracy and safety of people)।" অভিষেক বেনাৰ্জীয়ে কয়।

লগতে তেওঁৰ অভিযোগ, ২০১৮ চনত বিজেপি শাসনলৈ অহাৰ পিছৰে পৰা দলটোৱে তেওঁলোকৰ 'বাইক-গুণ্ডা বাহিনী' ব্যৱহাৰ কৰি ভয়ৰ পৰিৱেশ সৃষ্টি কৰিছে (BJP has created an atmosphere of fear)। "ভাৰতৰ আন কোনো অংশয়েই এনে ধৰণৰ হিংসা দেখা নাই । হিংসা বিয়পোৱাৰ ক্ষেত্ৰত তেওঁলোকে চিপিআই(এম)ৰ ২৫ বছৰীয়া চৰকাৰক পিছ পেলাই দিছে । বাহন ভঙাৰ পৰা আৰম্ভ কৰি আৰক্ষী থানা, সাংবাদিক আৰু বিৰোধী নেতাসকলক আক্ৰমণ কৰালৈকে, বিজেপি চৰকাৰে এই সকলোবোৰৰ অনুমতি দিছে ।" টিএমচি নেতাজনে কয় ।

অভিষেক বেনাৰ্জীয়ে লগতে কয়, " ত্ৰিপুৰাৰ ৰাইজে কংগ্ৰেছ আৰু চিপিআই (এম)ক ভোট নিদিব, কিয়নো ই কেৱল আপোনালোকৰ ভোটৰ অপচয় কৰিব। তেওঁলোকে তৃণমূলৰ দৰে বিৰোধী নেতাৰ ভূমিকা পালন কৰিবলৈ সক্ষম হোৱা নাই। আমি কেৱল শব্দৰ যোদ্ধা নহয় আৰু বিজেপিক সমানে সমানে প্ৰত্যাহ্বান জনাই আহিছোঁ । ত্ৰিপুৰাৰ ৰাইজে বিজেপি, কংগ্ৰেছ আৰু চিপিআই (এম)ক সুযোগ দিছে, মই এতিয়া আপোনালোকক অনুৰোধ জনাইছোঁ যে আগন্তুক উপ-নিৰ্বাচনত আমাক সুযোগ দিয়ক" (Abhishek Benarjee request to give chance in bye-polls)।

লগতে পঢ়ক :ত্ৰিপুৰাৰ উপ-নিৰ্বাচনত চাৰিওটা সমষ্টিতেই বিজেপিয়ে জয়লাভ কৰিব: হিমন্ত বিশ্ব শৰ্মা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.