ETV Bharat / bharat

পুনৰুত্থানৰ আশাত ত্ৰিপুৰাত উপস্থিত তৃণমূল কংগ্ৰেছ

ত্ৰিপুৰাত পুনৰ স্থিতি সবল কৰাৰ আশা তৃণমূল কংগ্ৰেছৰ ৷ পুনৰুত্থানৰ আশাৰে এইবাৰ ত্ৰিপুৰাত উপস্থিত শিক্ষামন্ত্ৰী ব্ৰত্য বসুৰ নেতৃত্বত অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ এটা শক্তিশালী দল ৷ শুকুৰবাৰে অভিষেক বেনাৰ্জী ত্ৰিপুৰালৈ অহাৰ সম্ভাৱনা ৷ ত্ৰিপুৰাত উপস্থিত হৈ বেনাৰ্জীয়ে ঘোষণা কৰিব ত্ৰিপুৰাৰ তৃণমূল গোটৰ পূৰ্ণাংগ সমিতি ৷

TMC team reaches Tripura
পুনৰুত্থানৰ আশাত ত্ৰিপুৰাত উপস্থিত তৃণমূল কংগ্ৰেছ
author img

By

Published : Jul 28, 2021, 10:30 PM IST

আগৰতলা, 28 জুলাই : AITC ৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ সন্মুখত এক প্ৰতিবেদন উপস্থাপন কৰাৰ উদ্দেশ্যে পশ্চিমবংগৰ শিক্ষামন্ত্ৰী ব্ৰত্য বসুৰ নেতৃত্বত অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ এটা শক্তিশালী দল বুধবাৰে ত্ৰিপুৰাত উপস্থিত হয় ৷ জানিব পৰা মতে, শুকুৰবাৰে বেনাৰ্জী ত্ৰিপুৰাত উপস্থিত হ'ব আৰু তেওঁৰ ত্ৰিপুৰা ভ্ৰমণৰ সময়ছোৱাতে ত্ৰিপুৰাৰ তৃণমূল গোটৰ পূৰ্ণাংগ সমিতিখন তেওঁ ঘোষণা কৰিব ৷ প্ৰশান্ত কিশোৰ নেতৃত্বাধীন I-PAC দলক গৃহবন্দী কৰাৰ ঘটনাৰ পাচতে এই ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ৷ অৱশ্যে, I-PAC দলে ত্ৰিপুৰাত অনুমতিবিহীনভাৱে জৰীপ চলোৱা কাৰ্য তৃণমূলৰ বাবে নে আন কাৰোবাৰ বাবে সেই কথা এতিয়াও নিশ্চিত হোৱা নাই ৷

জানিব পৰা মতে, ব্ৰত্য বসুৰ নেতৃত্বত থকা দলটোত তৃণমূলৰ মন্ত্ৰী মলয় ঘটক আৰু প্ৰাক্তন সাংসদ ঋতব্ৰত বেনাৰ্জীও আছে ৷ I-PAC ৰ দলটোক গৃহবন্দী কৰাৰ পাচতে ব্ৰত্য বসুৰ নেতৃত্বত থকা দলটো ত্ৰিপুৰাত উপস্থিত হয় ৷ ত্ৰিপুৰাত উপস্থিত হৈ এখন সংবাদমেল সম্বোধন কৰি বসুৱে কয় যে, ভাৰত এখন গণতান্ত্ৰিক দেশ, গতিকে ইয়াত সকলোৰে বাবে যিকোনো ঠাই ভ্ৰমণ কৰাৰ লগতে জনমত লোৱাৰ স্বাধীনতা আছে ৷ I-PAC ৰ সদস্যসকলক বৰ্তমান ভাৰতীয় দণ্ডবিধি আইনৰ 188 ধাৰাৰ অধীনত আৰু ক'ভিড প্ৰট'কল ভংগ কৰাৰ অপৰাধত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত গৃহবন্দী কৰা হৈছে ৷

তেওঁলোকৰ প্ৰত্যেকেই ক'ভিড পৰীক্ষাৰ ফলাফল নিগেটিভ অহাৰ পাচতো ত্ৰিপুৰা চৰকাৰে তেওঁলোকক হাৰাশাস্তি কৰিছে বুলি বসুৱে অভিযোগ উত্থাপন কৰে ৷ এই কাৰ্যক তৃণমূল কংগ্ৰেছে তীব্ৰ গৰিহণা দিছে বুলি মন্তব্য কৰি এখন গণতান্ত্ৰিক দেশত মানুহক এনেদৰে আচৰণ কৰাক লৈও তেওঁ তীব্ৰ কটাক্ষ কৰে ৷ তেওঁ কয় যে, দলৰ নেত্ৰী মমতা বেনাৰ্জীৰ লগতে অভিষেক বেনাৰ্জীয়ে বিষয়টোত উদ্বেগ প্ৰকাশ কৰিছে আৰু বিজেপি চৰকাৰৰ এনে স্বৈৰাচাৰী মনোভাৱৰ বিৰুদ্ধে দলে প্ৰতিবাদ অব্যাহত ৰাখিব ৷

বসুৰ মতে, চৰকাৰে ত্ৰিপুৰাত তৃণমূল কংগ্ৰেছ পুনৰুজ্জীৱিত হোৱাক লৈ শংকাত ভুগিছে ৷ তেওঁ কয়, "আমি ভবা নাই যে ভয় কৰিবলগীয়া কিবা এটা হৈছে ৷ এইটো এটা অতি সাধাৰণ ঘটনা ৷ আমি জানো যে, বিজেপিয়ে তৃণমূলৰ পুনৰুত্থানক লৈ শংকাত ভুগিছে ৷ কিন্তু ৰাইজে ইতিমধ্যে মমতা বেনাৰ্জীক বাচনি কৰাৰ সিদ্ধান্ত লৈছে ৷ বংগই ইতিমধ্যে সিদ্ধান্ত ল'লে ৷ 2023ত তেওঁৰ সপক্ষে ত্ৰিপুৰাই সিদ্ধান্ত ল'ব আৰু 2024ত সমগ্ৰ দেশে সিদ্ধান্ত ল'ব ৷"

অভিষেক বেনাৰ্জী কেতিয়া ত্ৰিপুৰালৈ কেতিয়া আহিব সেই সন্দৰ্ভত বসুৱে সঠিককৈ একো প্ৰকাশ নকৰিলেও তৃণমূলৰ সূত্ৰই জানিবলৈ দিয়া মতে, শুকুৰবাৰে বেনাৰ্জী ত্ৰিপুৰালৈ অহাৰ সম্ভাৱনা আছে ৷ বহুসংখ্যক নেতাৰ বিজেপি গমনৰ পাচত সম্প্ৰতি ত্ৰিপুৰাত কোনো তৃণমূল কমিটি নাই ৷ গতিকে দলটোক ইয়াৰ পুৰণি দুৰ্গত পুনৰুজ্জীৱিত কৰাটোৱেই হ'ব বেনাৰ্জীৰ কাম ৷

লগতে পঢ়ক: দুষ্টচক্ৰৰ লক্ষ্য ত্ৰিপুৰা চৰকাৰৰ অ'ফিচিয়েল ৱেবছাইট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.