ETV Bharat / bharat

TMC Protest in Tripura : মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবীৰে ত্ৰিপুৰাত তৃণমূলৰ প্ৰতিবাদী সমদল - CM of Tripura Manik Saha

ত্ৰিপুৰাত আইন-শৃংখলা পৰিস্থিতি সম্পূৰ্ণৰূপে বিফল হোৱাৰ প্ৰতিবাদত শুকুৰবাৰে আগৰতলাত তৃণমূল কংগ্ৰেছে মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহাৰ পদত্যাগ দাবী কৰি এক প্ৰতিবাদী সমদল উলিয়ায় (TMC urges resignation of Manik Saha) ।

TMC
TMC
author img

By

Published : Oct 29, 2022, 10:53 AM IST

আগৰতলা, ২৯ অক্টোবৰ : আগৰতলাত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী (Trinamool Congress protest rally in Agartala) । ত্ৰিপুৰাত আইন-শৃংখলা পৰিস্থিতি সম্পূৰ্ণৰূপে বিফল হোৱাৰ প্ৰতিবাদত শুকুৰবাৰে আগৰতলাত তৃণমূল কংগ্ৰেছে মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহাৰ পদত্যাগ দাবী কৰি এক প্ৰতিবাদী সমদল উলিয়ায় (TMC urges resignation of Manik Saha) ।

সমদলটো আৰম্ভ কৰাৰ পূৰ্বে টিএমচিৰ সাংসদ সুস্মিতা দেৱে (TMC MP Sushmita Dev) কয় যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে এফালে সুশাসন অভিযান আৰম্ভ কৰিছে, আনফালে বাতৰিকাকতৰ শিৰোনামসমূহে আমাক আইন-শৃংখলাৰ প্ৰকৃত পৰিস্থিতি দেখুৱাইছে (CM of Tripura Manik Saha) ।

"দুজন লোকৰ গুলীৰ আঘাতত আঘাতপ্ৰাপ্ত হৈছে । আমি নাজানো যে এইটো ঠিকাদাৰৰ সৈতে সম্পৰ্কিত বিবাদ হয়নে নহয় । বৰ্তমান বিগত সাত দিনত তিনিটা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে । লগতে আমি এনে উদাহৰণো পাইছো য'ত আৰক্ষীয়ে আনকি এজাহাৰ পঞ্জীয়ন কৰিবলৈও সাজু নহয় ।" সুস্মিতা দেৱে কয় (TMC protest rally over law and order in Tripura) ।

মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবীৰে ত্ৰিপুৰাত তৃণমূলৰ প্ৰতিবাদী সমদল

সুস্মিতাই লগতে এইটোও অভিযোগ কৰে যে কিছু বিজেপি নেতাক এই ধৰ্ষণৰ ঘটনাৰ সৈতে জড়িতৰ অভিযোগ পোৱা গৈছে । "যিসকল লোক এই বিষয়ৰ শীৰ্ষত আছে, তাৰ ভিতৰত বিজেপিৰ নিৰ্বাচিত বিধায়কসকল এই গোচৰবোৰৰ সৈতে জড়িত হৈ থকা দেখা গৈছে । ধৰ্ষণৰ ঘটনা সন্দৰ্ভত এজন মন্ত্ৰীৰ পুত্ৰৰ নাম পোৱা গৈছে । আমাৰ প্ৰশ্নটো হ'ল, ত্ৰিপুৰাৰ আইন-শৃংখলা পৰিস্থিতি ক'ত উপনীত হৈছে ? আইন-শৃংখলা ৰক্ষা কৰাটো মুখ্যমন্ত্ৰীৰ দায়িত্ব আৰু আমি আইন-শৃংখলাৰ তাৎক্ষণিক পুনৰীক্ষণৰ দাবী জনাইছোঁ । নহ'লে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে তেওঁৰ বিফলতা স্বীকাৰ কৰি পদ ত্যাগ কৰিব লাগে ।" তেওঁ লগতে দাবী কৰে ।

উক্ত প্ৰতিবাদী সমদলত সুস্মিতা দেৱৰ উপৰি ত্ৰিপুৰা তৃণমূলৰ দায়িত্বত থকা ৰাজীৱ বেনাৰ্জী, টিএমচিৰ সাধাৰণ সম্পাদক পূজন বিশ্বাস, যুৱ টিএমচিৰ ৰাজ্যিক সভাপতি শান্তনু সাহাইও অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : Manik Sarkar : ক্ৰমবৰ্ধিতৰ্ধি নাৰী নিৰ্যা তনৰ ৰ্যা ঘটনাত বিজেপিক সমালোচনা মাণিক সৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.