নেশ্যনেল ডেস্ক,৭ এপ্ৰিল : পশ্চিমবংগৰ কোচবিহাৰত নৃশংস কাণ্ড । প্ৰেমৰ সম্পৰ্ক মানি নোলোৱাৰ বাবে প্ৰেমিকে হত্যা কৰিলে যুৱতীৰ পৰিয়ালক (Youth murders his girlfriends family)। চাৰিজনীয়া পৰিয়ালটোৰ তিনি সদস্যৰ মৃত্যু হোৱাৰ লগতে প্ৰেমিকা গুৰুতৰভাৱে আহত । সমগ্ৰ ঘটনাক লৈ কোচবিহাৰত তীব্ৰ উত্তেজনা । ইফালে ৰাইজৰ প্ৰহাৰত আহত হৈছে হত্যাকাৰী প্ৰেমিক ।
পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ এখন গাঁৱত এই নিৰ্মম ঘটনাটো সংঘটিত হৈছে (Sensational murder in Cooch Behar)। আৰক্ষীয়ে জনোৱা মতে, যুৱতীগৰাকীৰ পিতৃ-মাতৃয়ে প্ৰেমৰ সম্পৰ্ক মানি লোৱা নাছিল । যাৰ বাবে যুৱকজনে হিংসাৰ পথ বাছি লৈছিল । যুৱতীগৰাকীৰ পিতৃয়ে প্ৰেমৰ সম্পৰ্কৰ বিৰোধিতা কৰিছিল । যাৰ ফলত প্ৰেমিকে প্ৰেমিকাৰ লগতে পিতৃ-মাতৃ আৰু ভনীয়েকক হত্যা কৰি চৰম প্ৰতিশোধ ল'ব বিচাৰিছিল ।
ইফালে যুৱতীগৰাকীৰ পিতৃ-মাতৃ দুয়ো তৃণমূল কংগ্ৰেছৰ সক্ৰিয় সদস্য আছিল (TMC leader murder)। প্ৰাথমিক অনুসন্ধান অনুসৰি, তেওঁলোকৰ কনিষ্ঠা কন্যাৰ সৈতে বিভূতি ভূষণ ৰয় নামৰ এজন যুৱকৰ প্ৰেমৰ সম্পৰ্ক আছিল । কিন্তু পৰিয়ালে প্ৰেমৰ সম্পৰ্ক মানি নোলোৱাৰ বাবে প্ৰেমিক বিভূতি ভূষণ ৰয়ে আন দুজন ব্যক্তিৰ সৈতে নিশা প্ৰেমিকাৰ ঘৰত প্ৰৱেশ কৰে আৰু পৰিয়ালৰ সদস্যসকলক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে । এই আক্ৰমণত পৰিয়ালটোৰ আটাইকেইজন সদস্য গুৰুতৰভাৱে আহত হয় ।
তেওঁলোকক ততাতৈয়াকৈ শিতালকুচি বিপিএইচচিলৈ প্ৰেৰণ কৰা হয় । পাছত উন্নত চিকিৎসাৰ বাবে তেওঁলোকক মথাভাঙ্গা এছডি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । য'ত প্ৰেমিকাৰ পিতৃ, মাতৃ আৰু জ্যেষ্ঠ ভগ্নীৰ মৃত্যু হয় । আনহাতে চিকিৎসাধীন প্ৰেমিকাৰো অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে ।
ইফালে হত্যাকাৰী যুৱকজনক স্থানীয় লোকে কৰায়ত্ত কৰি উত্তম মধ্যম সোধাই । অৱশ্যে, আৰক্ষীৰ হস্তক্ষেপত কথমপি ৰক্ষা পৰে যুৱকজন । যুৱকজনক গুৰুতৰ অৱস্থাত শিতালকুচি বিপিএইচচিলৈ প্ৰেৰণ কৰে । পাছত হত্যাকাৰী যুৱকজনক উন্নত চিকিৎসাৰ বাবে এমজেএন চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
এই ঘটনাটোৰ পাছতে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । নিৰ্মম হত্যাকাণ্ডৰ প্ৰতিবাদত একাংশ লোকে শিতালকুচি পথ অৱৰোধ কৰে । ইফালে পৰিয়ালটোৰ আত্মীয় আৰু চুবুৰীয়াসকলে অভিযুক্ত যুৱকজনক কঠোৰ শাস্তিৰ দাবী তুলিছে । ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক :Wife killed husband: বন্দনাকাণ্ডৰ পুনৰাবৃত্তি; বজালীত স্বামীক ঘপিয়াই হত্যা পত্নীৰ