ETV Bharat / bharat

আগৰতলা পৌৰ নিগমৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে সাজু TIPRA মথা

TTAADC নিৰ্বাচনত বিজয়ী হোৱাৰ পাছত এইবাৰ আগৰতলা পৌৰ নিগমৰ নিৰ্বাচনত জয়ী হোৱাৰ লক্ষ্য স্থিৰ কৰিছে TIPRA মথাই । আঞ্চলিক ৰাজনৈতিক দলটোৰ অধ্যক্ষ প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনে কয় যে, এয়া অস্তিত্বৰ বাবে যুঁজ দিয়াৰ সময় ৷ নিৰ্বাচনত যুঁজ নিদিলে স্থানীয় লোকসকলক কেনেকৈ আশ্বাস দিব পাৰিম যে তেওঁলোক বৃহত্তৰ টিপ্ৰালেণ্ডৰ এটা অংশ ।

আগৰতলা পৌৰ নিগমৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে সাজু TIPRA মথা
আগৰতলা পৌৰ নিগমৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে সাজু TIPRA মথা
author img

By

Published : Jul 15, 2021, 12:06 PM IST

Updated : Jul 15, 2021, 12:54 PM IST

নেশ্যনেল ডেস্ক, ১৫ জুলাই : ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ নিৰ্বাচনত বিজয়ী হৈ উক্ত অঞ্চলটোৰ শাসনৰ গাদীত অধিষ্ঠিত হোৱা TIPRA মথাই এখোজ-দুখোজকৈ সমগ্ৰ ত্ৰিপুৰাৰ শাসনৰ বাঘজৰী নিজৰ হাতলৈ অনাৰ দিশে আগবাঢ়িছে । ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ নিৰ্বাচনত বিজয়ী হোৱাৰ পাছত এইবাৰ আগৰতলা পৌৰ নিগমৰ নিৰ্বাচনত জয়ী হোৱাৰ লক্ষ্য স্থিৰ কৰিছে দলটোৱে । পৌৰ নিগমৰ নিৰ্বাচন নতুন উদ্যমেৰে যুঁজ দিব আঞ্চলিক ৰাজনৈতিক দলটোৱে ।

২০২৩ চনত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে এয়া যেন দলটোৰ বাবে এক আখৰা । ক'ভিড-১৯ ৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত পৌৰ নিগমৰ নিৰ্বাচন পিছুৱাই দিয়া হৈছিল । চহৰ অঞ্চলত দ্ৰুতগতিত মহামাৰীৰ সংক্ৰমণ বৃদ্ধি হোৱা বাবে ৰাজ্য চৰকাৰে নিৰ্বাচন অনুষ্ঠিত কৰি সংক্ৰমণৰ বিপদাশংকা বৃদ্ধি কৰাতো উচিত হ'ব বুলি ভবা নাছিল ।

TIPRA মথাৰ অধ্যক্ষ প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনে এই বিষয়টো সন্দৰ্ভত কয় যে, আগৰতলাক বাদ দি বৃহত্তৰ টিপ্ৰালেণ্ড গঢ়াৰ কথা চিন্তা কৰিব নোৱাৰি ।

দলৰ আভ্যন্তৰীণ বিষয়ৰ বৈঠকত হোৱা আলোচনামৰ্মে চহৰখনত টিপ্ৰাছা লোকসকলৰ আধিপত্য থকা অঞ্চলত TIPRA মথাই প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত লৈছে । কেৱল পৌৰ নিগমৰ নিৰ্বাচনতে নহয়, ৰাজ্যখনৰ সকলো নিৰ্বাচনতে যুঁজ দিয়াই তেওঁলোকৰ লক্ষ্য বুলিও অধ্যক্ষগৰাকীয়ে মন্তব্য কৰে । তেওঁ কয় যে, কোনো আঞ্চলিক দলে আগৰতলাৰ পৰা নিৰ্বাচনত যুঁজিবলৈ সাহস কৰা নাছিল ।

তেওঁ লগতে কয় যে, আজি আগৰতলাত তুলনামূলকভাৱে ত্ৰিপুৰাৰ থলুৱা লোকসকলৰ আধিপত্য কম । ইয়াৰ কাৰণ হৈছে আঞ্চলিক দলবোৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা কেতিয়াও ভবা নাছিল । TIPRA মথাই নিৰ্বাচনত যুঁজ দিবলৈ সাজু আছে বুলিও তেওঁ মন্তব্য কৰে । প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনে কয় যে, এয়া অস্তিত্বৰ বাবে যুঁজ দিয়াৰ সময় আৰু নিৰ্বাচনত যুঁজ নিদিলে স্থানীয় লোকসকলক কেনেকৈ আশ্বাস দিব পাৰিম যে তেওঁলোক বৃহত্তৰ টিপ্ৰালেণ্ডৰ এটা অংশ ।

আনহাতে, আমৰা বঙালী দলে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । তেওঁ কয় যে, তেওঁৰ দলৰ এজন বুথ কৰ্মীয়েই আমৰা বাঙালী দলৰ অভিযোগৰ উত্তৰ দিয়াৰ বাবে যথেষ্ট । আমৰা বঙালী দলে এতিয়াও ত্ৰিপুৰাৰ ৰাজনীতিত ইমান গুৰুত্ব লাভ কৰা নাই যে, তেওঁ দলটোৰ কথাত প্ৰতিক্ৰিয়া কৰা উচিত বুলি তেওঁ কটাক্ষ কৰে ।

লগতে পঢ়ক: কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ভাল খবৰ

Last Updated : Jul 15, 2021, 12:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.