ETV Bharat / bharat

টিপ্ৰাই মহাৰাজা বীৰ বিক্ৰম মাণিক্যক অৱমাননা কৰিছে : বিজেপি

মঙলবাৰে টিপ্ৰা মথাৰ অধ্যক্ষ প্ৰদ্যুৎ কিশোৰ দেববৰ্মনৰ ককাদেউতাক মহাৰাজা বীৰ বিক্ৰম মাণিক্যক অসন্মান কৰাৰ বাবে টিপ্ৰা মথাৰ বিৰুদ্ধে সৰৱ মুখপাত্ৰ নবেন্দু ভট্টাচাৰ্য ৷ প্ৰদ্যুৎ কিশোৰ দেববৰ্মনৰ তেওঁৰ দলৰ কৰ্মীসকলৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাই বুলি সমালোচনা মুখপাত্ৰ ভট্টাচাৰ্যৰ ৷

TIPRA demeaning Bir Bikram
টিপ্ৰা মথাৰ বিৰুদ্ধে সৰৱ বিজেপি
author img

By

Published : Apr 14, 2021, 10:07 AM IST

আগৰতলা,14 এপ্ৰিল : ত্ৰিপুৰাৰ বিজেপিৰ মুখপাত্ৰ নবেন্দু ভট্টাচাৰ্যই মঙলবাৰে টিপ্ৰা মথাৰ অধ্যক্ষ প্ৰদ্যুৎ কিশোৰ দেববৰ্মনৰ ককাদেউতাক মহাৰাজা বীৰ বিক্ৰম মাণিক্যক অসন্মান কৰাৰ বাবে টিপ্ৰা মথাৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷

প্ৰদ্যুৎ কিশোৰ দেববৰ্মনৰ তেওঁৰ দলৰ কৰ্মীসকলৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাই আৰু তেওঁ অহিংসাৰ হকে কাম কৰাত ব্যৰ্থ হয় বুলি উল্লেখ কৰি মুখপাত্ৰ নবেন্দু ভট্টাচাৰ্যই কয় যে, হিংসাৰ সীমা ইমানেই অতিক্ৰম কৰে যে সন্মানীয় মহাৰাজা বীৰ বিক্ৰমৰ প্ৰতিমূৰ্তিক অসন্মান কৰা হয় ৷

লগতে তেওঁ কয় যে, ক্ষমতালৈ অহাৰ পাচত টিপ্ৰা মথা সমৰ্থকসকলে সৃষ্টি কৰা সন্ত্ৰাসে কেৱল বহু বিজেপি কৰ্মীক গৃহহীন কৰাই নহয়, ই মহাৰাজা বীৰ বিক্ৰম মাণিক্যৰ প্ৰতিমূৰ্তিকো অসন্মান জনাইছে । টিপ্ৰা মথা সমৰ্থকসকলে টিটিএএডিচি অঞ্চলত ধ্বংসযজ্ঞ আৰম্ভ কৰে ৷

এই ক্ষেত্ৰত চিপিআই(এম) দলৰ নীৰৱ ভূমিকা দেখি তেওঁ কয় যে, টিপ্ৰা মথা শাসনলৈ অহাৰ পাচত বিজেপি দলৰ সমৰ্থকসকলে হিংসা আৰু ভাবুকিৰ সন্মুখীন হয় । অধিক উত্তেজনাৰ আশংকাত দলৰ কিছুসংখ্যক কৰ্মীয়ে সুৰক্ষিত স্থানৰ কাষ চাপিছিল আৰু কিছু সময় একেলগে পাৰ কৰে । কিন্তু আশ্চৰ্যজনকভাৱে চিপিআই(এম) দলৰ কোনো সদস্যকে এতিয়ালৈকে আক্ৰমণ কৰা হোৱা নাই ।

ভট্টাচাৰ্যই টিপ্ৰাক চিপিআই(এম)ৰ সৈতে সংযোগ কৰিবলৈ চেষ্টা কৰিছিল ৷ তেওঁ কয় যে, বিজেপি কৰ্মীসকলে সুৰক্ষাৰ হেতু পলাই থকা বেছিভাগ ঘৰৰ অৱস্থা শোচনীয় আছিল ।

লগতে পঢ়ক : যাত্ৰীবাহী বাছ পৰা আটক চাৰি আন্তঃৰাজ্যিক ড্ৰাগ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.