ETV Bharat / bharat

মুক্ত নিৰ্বাচন আৰু নিৰ্বাচনী আয়ুক্তৰ নিযুক্তি

2012 চনত প্ৰবীণ বিজেপি নেতা লালকৃষ্ণ আদৱানীয়ে উল্লেখ কৰিছিল যে, মুখ্য নিৰ্বাচনী আয়ুক্ত নিযুক্তিৰ সমগ্ৰ ব্যৱস্থাটোতেই যথেষ্ট কেৰোণ আছে । তেওঁ লগতে কয় যে, নিৰ্বাচনী আয়ুক্ত তথা চিএজি (CAG) নিযুক্তিৰ ক্ষেত্ৰত বিৰোধী দলসমূহৰ লগতো আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে । 2015 চনত দেশৰ আইন কমিশ্যনে মত পোষণ কৰিছিল যে, মুখ্য নিৰ্বাচনী আয়ুক্ত নিযুক্তিৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী, বিৰোধী দলপতি আৰু দেশৰ প্ৰধান বিচাৰপতিক লৈ এক কলেজীয়াম ব্যৱস্থা প্ৰৱৰ্তন কৰা উচিত ।

Time to reform the process
মুক্ত নিৰ্বাচন আৰু নিৰ্বাচনী আয়ুক্তৰ নিযুক্তি
author img

By

Published : Mar 23, 2021, 5:08 PM IST

ভাৰতৰ নিচিনা এখন গণতান্ত্ৰিক দেশত নিৰ্বাচন কুম্ভ মেলাতকৈ কোনো গুণে কম নহয় । কিন্তু দুৰ্ভাগ্যৱশতঃ এই দেশত য’ত গণতন্ত্ৰৰ আদৰ্শসমূহ সফলভাৱে পূজিত হ’ব লাগিছিল ৷ কিন্তু তাত সাধাৰণতে নিৰ্বাচনৰ জৰিয়তে গণতান্ত্ৰিক প্ৰমূল্যসমূহৰ ক্রমশঃ অৱক্ষয় হোৱাহে দেখা যায় ।

1990 চনত যেতিয়া টি এন শেষানে মুখ্য নির্বাচনী বিষয়া হিচাপে দায়িত্বভাৰ লৈছিল, সেই সময়ত ভাৰতৰ নিৰ্বাচনৰ প্রমূল্যসমূহ অৱক্ষয়ৰ শেষ সীমাত উপনীত হৈছিল । সেই সময়ত মুখ্য নিৰ্বাচনী বিষয়াৰ নিয়োগতো ৰাজনৈতিক হস্তক্ষেপ দেখা গৈছিল আৰু পাচলৈ সেয়া এক পৰম্পৰাত পৰিণত হৈছিল ।

এই বিষয়ত দেশৰ সর্বোচ্চ ন্যায়ালয়ে গোৱা চৰকাৰৰ আইন সচিবক ৰাজ্যখনৰ নিৰ্বাচনী বিষয়া হিচাপে দিয়া নিযুক্তিক অগ্ৰাহ্য কৰা সিদ্ধান্তটো আছিল খুবেই সবল সিদ্ধান্ত । মহামান্য ন্যায়ালয়ৰ তিনিজনীয়া এক বিচাৰপীঠে আগৰ এক নিৰ্দেশনাত স্পষ্ট কৰি দিছিল যে, দেশৰ নিৰ্বাচনী আয়োগৰ দৰে ৰাজ্যিক নিৰ্বাচনী আয়োগও এক স্বতন্ত্ৰ অনুষ্ঠান যাৰ মুক্ত আৰু স্বাধীন নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে একেই সামৰ্থ থকা উচিত ।

ৰাজ্যৰ নিৰ্বাচনী আয়োগ সমূহে ৰাজ্যসমূহৰ সবাতোকৈ নিম্ন পৰ্যায়ৰ নিৰ্বাচন কিন্তু সবল গণতান্ত্ৰিক নিৰ্বাচন, যেনে গাঁও পঞ্চায়ত বা নগৰ নিকায়সমূহৰ নিৰ্বাচনৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । কিন্তু একাংশ ৰাজনীতিবিদে এই সমগ্ৰ প্ৰক্ৰিয়াটো উভালি পেলাব বিচাৰে, যাতে গণতন্ত্ৰক সুৰক্ষিত কৰি ৰখা ৰাজ্যিক নিৰ্বাচনী আয়োগসমূহৰ সাংবিধানিক গুৰুত্বক মোহাৰি পেলাব পাৰে । শেহতীয়াকৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে সমূহ ৰাজ্যিক নিৰ্বাচনী বিষয়াসকল, যাৰ হাতত প্ৰশাসনৰ অতিৰিক্ত দায়িত্ব ন্যস্ত আছে, সেইসমূহ অনতিপলমে এৰি দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে । নিৰ্দেশনাটোত সৰ্বোচ্চ ন্যায়ালয়ে কয় যে, চৰকাৰী চাকৰিয়াল আৰু বিষয়াসকলক ৰাজ্যৰ নিৰ্বাচনী বিষয়া হিচাপে নিযুক্তি দিব নোৱাৰি ।

সৰ্বোচ্চ ন্যায়ালয়ৰ এইসমূহ নিৰ্দেশনা ফঁহিয়াই চালে দেখা যায় যে, ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াসকলৰ সম্পূৰ্ণ স্বাধীনতাৰ বিষয়টো কোনো কাৰণতে আপোচবিহীন কৰি তোলা আৰু সেয়ে ৰাজ্যৰ নিৰ্বাচনী বিষয়াসকলৰ নিযুক্তিৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটোকেই সলনি কৰাতো খুবেই জৰুৰী ।

আমাৰ দেশৰ সংবিধান প্রণেতা ড৹ আম্বেদকাৰে নিৰ্বাচনী আয়ুক্ত তথা বিষয়াসকলৰ নিযুক্তিৰ বাবে এক বিশেষ প্ৰক্ৰিয়াৰ বিষয়ে উল্লেখ কৰিছিল । তেওঁৰ পৰামৰ্শৱাৱলীসমূহ প্ৰৱৰ্তন কৰাৰ বাবেই এতিয়াৰ নিৰ্বাচনী আয়ুক্তসকলৰ নিযুক্তিৰ ক্ষেত্ৰত যথেষ্ট খেলি-মেলিৰ সৃষ্টি হোৱা বুলিও অনুমান কৰা হয় ।

এতিয়া দেশত এনে কোনো ব্যৱস্থা নাই যাৰ দ্বাৰা নৈতিকভাৱে শক্তিশালী লোক এজনক নিৰ্বাচন আয়ুক্তৰ নিচিনা উচ্চ পদবীৰ বাবে মনোনীত কৰিব পৰা যায় আৰু সেয়ে ৰাজনৈতিক দলসমূহে নিজৰ ইচ্ছাৰ সপেক্ষে যিকোনো এজন লোককে এই পদৰ বাবে নিযুক্তি দিব বিচাৰে । 2017 চনত কেন্দ্ৰীয় চৰকাৰে সংসদত উল্লেখ কৰে যে, নিৰ্বাচনী আয়ুক্ত নিযুক্তিৰ ক্ষেত্ৰত ৰাজনৈতিক দলসমূহৰ লগত আলোচনা কৰাৰ কোনো পৰিকল্পনা নাই আৰু তেওঁলোকৰ কলেজীয়াম ব্যৱস্থা প্ৰৱৰ্তন কৰাৰো কোনো পৰিকল্পনা নাই ।

2012 চনত প্ৰবীণ বিজেপি নেতা লালকৃষ্ণ আদৱানীয়ে উল্লেখ কৰিছিল যে, মুখ্য নিৰ্বাচনী আয়ুক্ত নিযুক্তিৰ সমগ্ৰ ব্যৱস্থাটোতেই যথেষ্ট কেৰোণ আছে । তেওঁ লগতে কয় যে, নিৰ্বাচনী আয়ুক্ত তথা চিএজি (CAG) নিযুক্তিৰ ক্ষেত্ৰত বিৰোধী দলসমূহৰ লগতো আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে । 2015 চনত দেশৰ আইন কমিশ্যনে মত পোষণ কৰিছিল যে, মুখ্য নিৰ্বাচনী আয়ুক্ত নিযুক্তিৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী, বিৰোধী দলপতি আৰু দেশৰ প্ৰধান বিচাৰপতিক লৈ এক কলেজীয়াম ব্যৱস্থা প্ৰৱৰ্তন কৰা উচিত ।

মন কৰিবলগীয়া যে, কানাডাত মুখ্য নিৰ্বাচনী আয়ুক্তৰ নিযুক্তিৰ ক্ষেত্ৰত হাউচ অৱ কমনছৰ সিদ্ধান্তক গুৰুত্ব প্ৰদান কৰা হয় । সেয়ে নিৰ্বাচনী আয়ুক্ত গৰাকী কেৱল মাত্ৰ দেশৰ সংসদৰ ওচৰতে দায়বদ্ধ হয় । ভাৰততো সেই একেই ব্যৱস্থা প্ৰৱৰ্তন কৰা উচিত । যদি দেশৰ নিৰ্বাচনী ব্যৱস্থাৰ ওপৰত নাগৰিকৰ ক্ৰমাৎ হেৰাই যোৱা আস্থাখিনি ঘুৰাই আনিব লাগে, তেন্তে নিৰ্বাচনী আয়ুক্তৰ নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে সংশোধন কৰাতো খুবেই প্ৰয়োজনীয় । আমাৰ দেশত এনে এক ব্যৱস্থাৰ প্ৰৱৰ্তন কৰাতো যিমান সম্ভৱ শীঘ্ৰেই কৰি তোলাৰ প্ৰয়োজন আছে, য'ত একো গৰাকী স্বাধীন নিৰ্বাচনী আয়ুক্তই কেৱল মাত্ৰ সংবিধানৰ ওচৰত দায়বদ্ধ হৈ নিজৰ কাম নিয়াৰিকৈ সমাপন কৰি যাব পাৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.