ETV Bharat / bharat

Meghalaya Politics: বিধানসভা নিৰ্বাচনৰ পূৰ্বে মেঘালয়ত বিধায়কৰ দল সলনিৰ জোৱাৰ

author img

By

Published : Jan 5, 2023, 4:36 PM IST

মেঘালয়ত চলিত বৰ্ষত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন (Meghalaya Assembly election) ৷ ইতিমধ্যে ৰাজ্যখনত ৰাজনৈতিক দল-সংগঠন সমূহে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰা দেখা গৈছে ৷ কিন্তু তাৰ মাজতে মেঘালয়ৰ ৰাজনীতিত চলিছে দল বাগৰাৰ প্ৰতিযোগিতা (Changing of Political parties)৷ কোনে কোন দলৰ পৰা বিধায়কক নিজৰ দললৈ আনিব পাৰে তাৰেই যুঁজত নেতাসকল নমা দেখা গৈছে ৰাজ্যখনত ৷ এই সন্দৰ্ভত এক প্ৰতিবেদন...

Meghalaya MLAs will join in NPP
এন পি পিত যোগ দিব তিনি বিধায়কে

গুৱাহাটী, 5 জানুৱাৰী: মাত্ৰ দুমাহৰ পিছত হ’বলগীয়া বিধানসভা নিৰ্বাচনক লৈ ৰাজনৈতিক কুচকাৱাজ তুংগত উঠিছে মেঘালয়ত (Meghalaya Assembly Poll 2023) ৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই নিজৰ ৰাজনৈতিক ৰণকৌশল ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে ৷ নিৰ্বাচনমুখী মেঘালয়ত বৰ্তমানৰ মিত্ৰজোঁটৰ চৰকাৰক নেতৃত্ব দিয়া কনৰাড চাংমাৰ নেশ্যনেল পিপলছ পাৰ্টিয়ে আঞ্চলিক মিত্ৰশক্তিৰ কেইবাজনো বিধায়কৰ যোগদানেৰে শক্তি লাভ কৰিব (Meghalaya political news) ৷

এন পি পিৰ ভিতৰুৱা তথ্য মতে, মিত্ৰদল পিপলছ ডেম’ক্ৰেটিক ফ্ৰণ্টৰ (Peoples democratic front) দুজন বিধায়ক আৰু হিল ষ্টেট পিপলছ ডেম’ক্ৰেটিক পাৰ্টিৰ (Hill state peoples democratic party) এজন বিধায়কসহ মুঠ তিনিজন বিধায়কে এসপ্তাহৰ ভিতৰত এনপিপিত যোগদান কৰাটো প্ৰায় নিশ্চিত হৈছে । পি ডি এফ দলৰ বিধায়ক হেমলেটছন ডহলিং আৰু জেছন এছ মাউলঙৰ লগতে এইচ এছ পি ডি পিৰ বিধায়কজন হৈছে ছামলিন মালংগিয়াং। তেওঁলোকে ক্ৰমে মাইলিয়াম, উমছিং আৰু ছ’হিয়ং বিধানসভা সমষ্টিৰ বিধায়ক (Meghalaya MLAs will join in NPP)।

কেইদিনমান পূৰ্বে বিধায়ক ডহলিঙে সংবাদ মাধ্যমৰ সন্মুখত সদৰী কৰি কৈছিল, নিজৰ সমৰ্থকসকলৰ পৰামৰ্শৰ বাবেই এন পি পিলৈ যোৱাৰ সিদ্ধান্ত লৈছে । ২০১৮ চনৰ মেঘালয়ৰ বিধানসভা নিৰ্বাচনত পি ডি এফে চাৰিখন আৰু এইচ এছ পি ডি পিয়ে দুখন আসন লাভ কৰে । ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টিয়ে আঠজন বিধায়ক আৰু ভাৰতীয় জনতা পাৰ্টিয়ে দুজন বিধায়কক লৈ এন পি পিৰ চৰকাৰৰ ক্ষুদ্ৰ অংশীদাৰ হৈ পৰে ।

২০২২ চনৰ ডিচেম্বৰ মাহতো নিলম্বিত কংগ্ৰেছৰ তিনিজন বিধায়ক আম্পাৰিন লিংডো, মহেন্দ্ৰ ৰাপছাং আৰু কিমফা এছ মাৰ্বানিয়াঙে মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ নেতৃত্বত এন পি পিত যোগদান কৰিছিল । ইয়াৰ বিপৰীতে এন পি পিৰ দুজন বিধায়ক বেনেডিক আৰ মাৰাক আৰু ফাৰ্লিন চি এ চাংমাই মিত্ৰদল বিজেপিত যোগদান কৰিছিল ।

বিজেপিত আৰু দুজন বিধায়কে যোগদান কৰিছিল শেহতীয়াকৈ ৷ তেওঁলোক দুজন ক্ৰমে তৃণমূল কংগ্ৰেছৰ বিধায়ক হিমালয় চাংপ্লিয়াং আৰু নিৰ্দলীয় বিধায়ক চেমুৱেল চাংমা । মেঘালয়ৰ ৰাজনীতিত শেহতীয়াকৈ মিত্ৰদল বিজেপিৰে মুকলি সংঘাত আৰম্ভ হৈছিল কনৰাড চাংমাৰ দল এনপিপিৰ সৈতে ৷ দুয়োটা দলে এইবাৰৰ বিধানসভা নিৰ্বাচনত ৰাজনৈতিক বৈৰী হিচাবেই নিৰ্বাচনী যুঁজত নামিব (Meghalaya NPP MLA to join TMC) ৷

ইয়াৰ বিপৰীতে শাসকীয় নেশ্যনেল পিপলছ পাৰ্টি দলটোৰ আন এজন বিধায়ক এছ জি এছমাতুৰ মমিনে বুধবাৰে বিধানসভাৰ সদস্য পদ আৰু দলৰ পৰা পদত্যাগ কৰিছে ৷ তেওঁ শীঘ্ৰেই তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা আছে । ২০১৮ চনৰ নিৰ্বাচনত ফুলবাৰী বিধানসভা সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হোৱা মমিনে অধ্যক্ষ মেটবাহ লিংডোক বুধবাৰে পদত্যাগ পত্ৰ দাখিল কৰে ।

তৃণমূলৰ সূত্ৰই জনোৱা মতে, কাইলৈৰ ভিতৰত এন পি পিৰ বিধায়কগৰাকীয়ে তৃণমূল কংগ্ৰেছ দলত যোগদান কৰিব । এইজন বিধায়ককে ধৰি এতিয়ালৈ নিৰ্বাচন আসন্ন মেঘালয়ৰ আঠজন বিধায়কে সদন আৰু নিজ নিজ দলৰ পৰা পদত্যাগ কৰি বিভিন্ন দলত যোগদান কৰিছে ।

লগতে পঢ়ক: Meghalaya MLA joins BJP: মেঘালয়ৰ ৰাজনীতিত পট পৰিৱৰ্তন, চাৰি বিধায়কে যোগ দিলে বিজেপিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.