ETV Bharat / bharat

উৰিত ভাৰতীয় সেনাৰ গুলীত নিহত তিনি অনুপ্ৰৱেশকাৰী - Barrier in LOC by Indian Army

উৰিত তিনিটাকৈ অনুপ্ৰৱেশকাৰীক গুলীয়াই হত্যা সেনা বাহিনী আৰু বাৰমুল্লা আৰক্ষীৰ ৷ তিনিওজন অনুপ্ৰৱেশকাৰীৰ মৃতদেহৰ লগতে অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে (Infiltrators killed in J K)।

three infiltrators neutralized in Uri
three infiltrators neutralized in Uri
author img

By

Published : Aug 25, 2022, 2:54 PM IST

Updated : Aug 25, 2022, 6:10 PM IST

নিউজ ডেস্ক, 25 আগষ্ট: জম্মু-কাশ্মীৰৰ উৰিৰ কমলকোটে খণ্ডৰ মদিয়ান নানাক চকীৰ সমীপত সেনা-আৰক্ষীৰ অভিযান ৷ ভাৰতীয় সেনা আৰু বাৰামুলা আৰক্ষীয়ে তিনিজন অনুপ্ৰৱেশকাৰীক গুলীয়াই হত্যা কৰা বুলি বৃহস্পতিবাৰে জম্মু-কাশ্মীৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে (Three infiltrators neutralized in Uri)। সূত্ৰই জনোৱা মতে, সীমান্ত অঞ্চলত অনুপ্ৰৱেশৰ চেষ্টা কৰা তিনিজন সন্ত্ৰাসবাদীক হত্যা কৰিবলৈ সফল হৈছে নিৰাপত্তা বাহিনী (Infiltrators neutralized in Uri) । তেওঁলোকে লগতে কয় যে, তিনিওজন অনুপ্ৰৱেশকাৰীৰ মৃতদেহৰ লগতে অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে ।

three infiltrators neutralized in Uri
উৰিত ভাৰতীয় সেনাৰ গুলীত নিহত তিনি অনুপ্ৰৱেশকাৰী

শেহতীয়াকৈ জম্মুৰ ৰাজৌৰী অঞ্চলত একাধিক অনুপ্ৰৱেশৰ চেষ্টা চলোৱাৰ কিছুদিন পিছতে এই কাণ্ড সংঘটিত হৈছে (Jammu Kashmir news) ৷ এই ঘটনাক “দেশৰ সীমা অতিক্ৰম কৰি শান্তি বিঘ্নিত কৰাৰ প্ৰত্যক্ষ প্ৰচেষ্টা” বুলি সেনাই অভিহিত কৰিছে । ৰাজৌৰী জিলাৰ নৌশ্বেৰা খণ্ডত নিয়ন্ত্ৰণ ৰেখাত নিয়োজিত ভাৰতীয় সেনাই অনুপ্ৰৱেশৰ এক প্ৰচেষ্টা বিফল কৰে । এই অভিযানত সেনাই দুজন অনুপ্ৰৱেশকাৰীক হত্যা কৰাৰ লগতে এজনক জীৱন্তে বন্দী কৰাৰ দাবী কৰিছে ।

সঁচাকৈয়ে অনুপ্ৰৱেশ কমিছেনে ?

উল্লেখযোগ্য যে, কেন্দ্ৰই চলিত বৰ্ষৰ আৰম্ভণিতে সংসদত কৈছিল যে জম্মু-কাশ্মীৰত ২০১৮ চনৰ পৰা নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰৰ পৰা অনুপ্ৰৱেশ যথেষ্ট হ্ৰাস পাইছে (Infiltration in Indo Pak border) ৷ ২০১৮ৰ পৰা ২০২১ চনৰ ভিতৰত সীমান্তত আনুমানিক ৩৬৬টা অনুপ্ৰৱেশৰ বাতৰি পোৱা গৈছে । লোকসভাৰ সাংসদ ৰঞ্জনবেন ধনঞ্জয় ভাট্টৰ প্ৰশ্নৰ লিখিত উত্তৰ দিয়ে কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে (Infiltration to India from Pakistan)।

লগতে পঢ়ক: জম্মু কাশ্মীৰত সন্ত্ৰাস, গ্ৰেণেড বিস্ফোৰণত আহত 9 গৰাকী অসামৰিক লোক

তেওঁ কয়, ‘‘জম্মু-কাশ্মীৰত ২০১৮ চনৰ পৰা নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰৰ পৰা অনুপ্ৰৱেশ বহু পৰিমাণে হ্ৰাস পাইছে । যোৱা চাৰি বছৰৰ ভিতৰত আনুমানিক অনুপ্ৰৱেশ হৈছে ৩৬৬ টা” ৷ ২০০৪ চনৰ ভিতৰত ভাৰতে ৭৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এল অ’ চিৰ কাষেৰে ৫৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাধা প্ৰাচীৰ নিৰ্মাণ কৰিছিল (Barrier in LOC by Indian Army) ।

এই প্ৰাচীৰ সাধাৰণতে ভাৰতৰ নিয়ন্ত্ৰিত পক্ষত প্ৰায় ১৪০ মিটাৰ দূৰত থাকে । ইয়াৰ উল্লেখিত উদ্দেশ্য হৈছে পাকিস্তানত খোপনি লৈ থকা বিচ্ছিন্নতাবাদী উগ্ৰপন্থীৰ অস্ত্ৰ সৰবৰাহ আৰু অনুপ্ৰৱেশত বাধা দিয়া । এন্টি-ইনফিল্ট্ৰেচন অব্ষ্টেকল চিষ্টেম (AIOS) বুলি কোৱা এই বাধাটো ৮–১২ ফুট উচ্চতাৰ ফেন্সিং আৰু কনচাৰ্টিনা তাঁৰৰ দুটা শাৰীৰে গঠিত আৰু ইয়াক বিদ্যুৎস্পৃষ্ট কৰি গতি সংবেদক, তাপীয় প্ৰতিবিম্বন যন্ত্ৰ, পোহৰৰ নেটৱৰ্কৰ সৈতে চিষ্টেম আৰু এলাৰ্ম সংযুক্ত কৰা হয় ।

লগতে পঢ়ক : ভাৰতত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ ষড়যন্ত্ৰ ৰচা আই এছ সন্ত্ৰাসবাদীক ৰাছিয়াত আটক

Last Updated : Aug 25, 2022, 6:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.