নেশ্যনেল ডেস্ক, ২২ মাৰ্চ: ৰাজস্থানৰ ঝুনঝুনুত খেলি থকা সময়তে কৰুণ মৃত্যুক সাৱতিলে ৩টা শিশুৱে । শনিবাৰে ঝুনঝুনুৰ উদয়পুৰ্ৱতী আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত থকা এটি মন্দিৰৰ সমীপত এই ঘটনা সংঘটিত হয় ।
আৰক্ষী অধীক্ষক মণীষ ত্ৰিপাঠীয়ে জনোৱা মতে, মন্দিৰৰ সমীপত থকা এটা মাটিৰ দ'মৰ ওপৰত চাৰিটা শিশুৱে খেলি আছিল । হঠাতে মাটিৰ মাজত শিশুকেইটা অৱদ্ধ হৈ পৰে । শিশু কেইটাই উশাহ-নিশাহ লোৱাত কষ্ট পায় আৰু ৩টা শিশুৰ মৃত্যু হয় ।
আটাইকেইটা শিশুক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও ৩টা শিশুক চিকিৎসকে মৃত ঘোষণা কৰে । আনহাতে, এটি শিশুক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । সম্প্ৰতি উন্নত চিকিৎসাৰ বাবে শিশুটিক জয়পুৰলৈ প্ৰেৰণ কৰা হৈছে । মৃত শিশুকেইটা হৈছে প্ৰিন্স(৭ বছৰ), সুৰেশ (৭ বছৰ) আৰু সোণা (১০ বছৰ) ।