ETV Bharat / bharat

কেৰালাত আৱৰ্জনা নিস্কাশন কেন্দ্ৰত বিস্ফোৰণ : আহত অসমৰ তিনিজন - বিস্ফোৰণ

Explosion at scrapyard in Kerala : কেৰালাত আজি পুৱা সংঘটিত হোৱা এক বিস্ফোৰণত আৱৰ্জনা পৃথক কৰি থকাৰ সময়তে গুৰুতৰভাৱে আহত হয় অসমৰ তিনিজনকৈ লোক। দেশীয়ভাৱে নিৰ্মিত এটা বোমা বিস্ফোৰণৰ ফলতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ।

Explosion at scrapyard in Kerala
আৱৰ্জনা নিস্কাসন কেন্দ্ৰত বিস্ফোৰণ
author img

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 9:25 PM IST

নিউজ ডেস্ক, 24 ডিচেম্বৰ : কেৰালাৰ কান্নুৰ জিলাৰ কাদিৰুৰৰ সমীপৰ এক স্ক্ৰেপ য়াৰ্ডত দেওবাৰে আৱৰ্জনা পৃথক কৰাৰ সময়ত সংঘটিত হোৱা বিস্ফোৰণত দুটি শিশুসহ তিনিজন লোক অগ্নিদগ্ধ হৈ আঘাতপ্ৰাপ্ত হয় ৷ আহতসকল অসমৰ বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে পুৱা প্ৰায় 9 বজাত এই বিস্ফোৰণ সংঘটিত হয় ৷ প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে দেশীয়ভাৱে নিৰ্মিত বোমাৰ দ্বাৰা এই বিস্ফোৰণ সংঘটিত হৈছে ৷ তথ্যৰ ভিত্তিত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় ৷ এই ঘটনা সন্দৰ্ভত ইতিমধ্যে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ৷ আহতসকলক ততাতৈয়াকৈ নিকটৱৰ্তী দুখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

আৰক্ষীয়ে জনোৱা মতে, বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত অসমৰ বাসিন্দা শ্বাহিদ আলী আৰু তেওঁৰ পুত্ৰ নুৰুদ্দিন আৰু মুতালিবে আৱৰ্জনা নিস্কাশন প্ৰকল্পত পৃথকীকৰণৰ কাম চলাই আছিল ৷ আহত আটাইকেইজনক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

আৰক্ষীয়ে জনোৱা মতে, আলীৰ হাত আৰু পেটত অগ্নিদগ্ধ হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে তেওঁক পাৰিয়াৰাম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে ৷ ইফালে তেওঁৰ পুত্ৰ কুঠুপাৰম্বা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ আৰক্ষীয়ে জনোৱা মতে, প্লাষ্টিকৰ কেনৰ দৰে দেখা পাত্ৰ এটা খুলি দিয়াৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয় ৷

আগষ্ট মাহত এক অনুৰূপ ঘটনাত মুশ্বীৰাবাদৰ ভোলকপুৰ অঞ্চলৰ এখন স্ক্ৰেপ য়াৰ্ডত বিস্ফোৰণত এজন স্ক্ৰেপ বিক্ৰেতা আহত হৈছিল ৷ তেওঁ প্লাষ্টিকৰ কেন এটা খুলিবলৈ চেষ্টা কৰি আছিল যেতিয়া বিস্ফোৰণ সংঘটিত হয় ৷ ঘটনাত শৰীৰৰ 55 শতাংশ অগ্নিদগ্ধ হোৱা লোকজনক গান্ধী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

ইয়াৰ পূৰ্বে ভীৱণ্ডীৰ এটা স্ক্ৰেপ ডিলাৰৰ গুদামত সংঘটিত বিস্ফোৰণত দুজন লোক নিহত হয় ৷ গুদামটোত ড্ৰামত জমা হৈ থকা এটা ৰাসায়নিক পদাৰ্থত জুই লাগিছিল যাৰ ফলত বিস্ফোৰণ সংঘটিত হৈছিল ৷

লগতে পঢ়ক : নামাজ পঢ়ি থকাৰ সময়তে প্ৰাক্তন আৰক্ষী বিষয়াক গুলীয়াই হত্যা সন্ত্ৰাসবাদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.