ETV Bharat / bharat

চুৰ কৰা কাৰ্ডেৰে কোটি টকা খৰচ : ৰঙাঘৰৰ আলহী তিনি যুৱক - ডাৰ্ক ৱেব

চুৰি কাৰ্ডেৰে অনলাইনযোগে সামগ্ৰী ক্ৰয় কৰি আৰক্ষীৰ জালত তিনি যুৱক ৷ ডাৰ্ক ৱেবযোগে বিদেশী নাগৰিকৰ তথ্য ব্যৱহাৰ কৰি সামগ্ৰী ক্ৰয় কৰিছিল তিনি যুৱকে ৷

3 held for spending crores with stolen bank cards

author img

By

Published : Mar 14, 2021, 2:18 PM IST

নেচনেল ডেস্ক, 14 মাৰ্চ: চুৰ কৰা কাৰ্ডেৰে অনলাইন যোগে কোটি টকা খৰছ কৰি গুজৰাটত ৰঙাঘৰৰ আলহী হ'ল তিনিগৰাকী যুৱক ৷ শনিবাৰে গুজৰাট আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ডাৰ্ক ৱেবযোগে সংযুক্ত ৰাষ্ট্ৰ আৰু কানাডাৰ নাগৰিকৰ ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ডছ ব্যৱহাৰ কৰি অনলাইনযোগে প্ৰায় 2 কোটিৰো অধিক মূল্যৰ সামগ্ৰী ক্ৰয় কৰাৰ অভিযোগত তিনিগৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷

বিভাগীয় সূত্ৰই জানিবলৈ দিয়া মতে অভিযুক্ত হৰ্ষবৰ্ধন পাৰমাৰ, কল্পেশ সিংহ আৰু মোহিত লালবানিয়ে অনলাইনযোগে সোণৰ মুদ্ৰা, ফোন আৰু অন্যান্য সামগ্ৰী ক্ৰয় কৰি লাভ অৰ্জন কৰাৰ উদ্দেশ্যে অন্য অনলাইন প্লেটফৰ্মত বিক্ৰি কৰিছিল ৷

অপৰাধ শাখাৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, টেলিগ্ৰাম মেচেঞ্জাৰ ব্যৱহাৰ কৰি পাৰমাৰে কৰাচী আৰু পাকিস্তানৰ দুগৰাকী ব্যক্তিৰ আইডি আৰু পাছৱৰ্ড লাভ কৰিছিল ৷ ইয়াৰ পাছতে পাৰমাৰে 70 লাখ টকাৰ সামগ্ৰী ক্ৰয় কৰাৰ পৰিৱৰ্তে সিংহই 70 লাখ আৰু লালবানিয়েও 70 লাখ টকাৰ সামগ্ৰী ক্ৰয় কৰে ৷ ওড়িশাৰ ফোন নম্বৰৰ পৰা পাৰমাৰে অনলাইনযোগে সামগ্ৰী সমূহ ক্ৰয় কৰিছিল বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: অন্ধ্ৰ প্ৰদেশৰ নজভিদত ট্ৰাক আৰু অট’ৰ মাজত মূখামুখি সংঘৰ্ষ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.