নিউজ ডেস্ক, ১৩ মাৰ্চ: মাতৃ মমতাময়ী । এগৰাকী হৃদয়হীনা মাতৃয়ে 'মা' শব্দত সানিলে কালিমা । লজ্জানত হৈছে নাৰী সমাজ । কেৰেলাত এগৰাকী মাতৃয়ে নিজৰে প্ৰায় চাৰিমহীয়া সন্তানক ডিঙি চেপি হত্যা কৰা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে । কেৰালাৰ পুথুৰ দক্ষিণৰ এগৰাকী স্থানীয় লোক ড০ বাবুলুৰ কন্যা অনুপাক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । ঘটনাত সন্দৰ্ভত বাবুলুৰ পত্নী দিব্যা (২৫)ক কুন্দাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । ইফালে, চাৰিমহীয়া সন্তানটোৰ মৃতদেহ পৰিপল্লী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।
ঘটনা অনুসৰি, বাবুলুৰ পত্নী দিব্যাই তেওঁলোকৰ চাৰিমহীয়া কন্যা সন্তানক কেৰালাৰ কাঞ্জিৰাকোডৰ মায়ামকোডস্থিত ঘৰত ডিঙি চেপি হত্যা কৰে । যেতিয়া দিব্যাই কোঠাৰ দুৱাৰখন খুলিবলৈ সংকোচ কৰিছিল তেতিয়াই দিব্যাৰ পিতৃ জনি চেবাষ্টিয়ানে আৱদ্ধ কোঠাটোৰ ভিতৰত প্ৰৱেশ কৰাত সন্তানটোক মৃত অৱস্থাত প্ৰত্যক্ষ কৰে । পাচত সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে । ঘটনাতো সংঘটিত হোৱাৰ পাচতে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ দিব্যাক গ্ৰেপ্তাৰ কৰে ।
স্থানীয় লোকে জনোৱা অনুসৰি, কন্যা সন্তানটো জন্মৰ পাচৰে পৰা দিব্যা মানসিকভাৱে বিকাৰগ্ৰস্ত হৈছিল । সন্তানটোৰ নামাকৰণ অনুষ্ঠানতো দিব্যাই অনুপাক হত্যা কৰাৰ চেষ্টা চলাইছিল । বুধবাৰেও মাতৃৰ স্বীকাৰৰ বলি হ'বলগীয়া হয় চাৰিমহীয়া সন্তান অনুপা । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক:মিজোৰামৰ বিভিন্ন জিলাত শৰণ লৈছে ১৪৪ জন ম্যানমাৰৰ লোকে