ETV Bharat / bharat

Threats to blow up school again in Delhi: দিল্লীৰ বিদ্যালয়ত পুনৰ বোমৰ আতংক

author img

By

Published : May 16, 2023, 3:30 PM IST

বোমাৰে বিদ্যালয় উৰুৱাই দিয়াৰ ভাবুকি অচিনাক্ত লোকৰ (Bomb threat to Amrita school in Delhi)। দিল্লীৰ বিদ্যালয়ত হাহাকাৰ অৱস্থা । আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ।

Threats to blow up school again in Delhi
দিল্লীৰ বিদ্যালয়ত পুনৰ বোমাতংক

নেশ্যনেল ডেস্ক, ১৬ মে' : দিল্লীৰ বিদ্যালয়ত বোমাতংক অব্যাহত আছে (Bomb scare in Delhi school) । এইবাৰ দক্ষিণ দিল্লীৰ পুষ্প বিহাৰ অঞ্চলৰ আন এখন বিদ্যালয়ক ভাবুকি । অমৃতা বিদ্যালয় কৰ্তৃপক্ষই মঙলবাৰে পুৱাই প্ৰায় ৬:৩০ বজাত এটা ই-মেইলৰ জৰিয়তে বোমাৰ ভাবুকি লাভ কৰে (Bomb threat to Amrita school in Delhi) । ভাবুকি পোৱাৰ পাচতে অভিভাৱকসকলক বিদ্যালয় কৰ্তৃপক্ষই অৱগত কৰে । লগে লগে বিদ্যালয়খন খালী কৰা হয় আৰু শিশুসকলক ঘৰলৈ প্ৰেৰণ কৰা হয় ।

ইফালে বিদ্যালয় পৰিচালনা সমিতিয়ে আৰক্ষীক এই বিষয়ে অৱগত কৰে । তথ্য পোৱাৰ পাচতে, আৰক্ষী আৰু বোমা বিশেষজ্ঞৰ দল বিদ্যালয়ত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে । লক্ষণীয়ভাৱে এয়া প্ৰথম ঘটনা নহত ইয়াৰ পূৰ্বে দিল্লীৰ বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি দিয়া হৈছিল ।

ইফালে বিদ্যালয় পৰিচালনা সমিতিয়ে খবৰ দিয়াৰ পাছতে বিদ্যালয়ৰ বাহিৰত সন্তানক নিবলৈ অভিভাৱকসকলে ভিৰ কৰে । অভিভাৱকসকলৰ মাজত একপ্ৰকাৰ আতংকময় পৰিৱেশে বিৰাজ কৰে । অভিভাৱকসকলে জনোৱা মতে যোৱা এমাহত বহু বিদ্যালয় লৈ এইধৰণৰ বোমাৰ ভাবুকি দিয়া হৈছে । বিদ্যালয়ত উপস্থিত হোৱা এগৰাকী অভিভাৱকে কোৱা মতে তেওঁ কোনো ফোন পোৱা নাছিল, কেৱল এটা হোৱাটছএপ মেছেজ পাইছিল য'ত তেওঁক তেওঁৰ সন্তানক লৈ যাবলৈ কৈছিল ।

তেওঁ লগতে কয় যে, ইণ্ডিয়ান পাব্লিক স্কুলে তিনিবাৰ এনে ধৰণৰ ভাবুকি লাভ কৰিছে (Bomb threat in Delhi School)। কিন্তু আজিলৈকে ফোন কৰা বা ভাবুকি প্ৰদান কৰা লোকজনৰ সন্ধান আৰক্ষীয়ে উলিয়াব পৰা নাই । এই ধৰণৰ খবৰে অভিভাৱকসকলক আতংকিত কৰি তোলে আৰু সন্তানৰ সুৰক্ষাক লৈও তেওঁলোক চিন্তিত । দিল্লীৰ বিদ্যালয়সমূহত বোমাৰ ভাবুকিৰ এয়া পঞ্চমটো ঘটনা ।

দক্ষিণ দিল্লীৰ উপ আৰক্ষী আয়ুক্ত চন্দন চৌধুৰীয়ে কোৱা মতে তদন্তত এতিয়ালৈ একো পোৱা হোৱা নাই । এয়া কোনো লোকৰ প্ৰেংক হ'ব পাৰে বুলিও তেওঁ উল্লেখ কৰে । আৰক্ষীয়ে কাৰিকৰী নিৰীক্ষণৰ ভিত্তিত ইমেইল প্ৰেৰণ কৰা লোকজনক বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছে । বিদ্যালয় পৰিচালনা সমিতিয়ে লাভ কৰা মেইলটো পৰীক্ষা কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :Suspected woman intruder shot dead : বাৰামুলাত সন্দেহযুক্ত মহিলা অনুপ্ৰৱেশকাৰীক গুলীয়াই হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.