নেশ্যনেল ডেস্ক, ২৬ মাৰ্চ : আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত পঞ্জাৱ চৰকাৰক প্ৰশংসা কৰে আম আদমি পাৰ্টীৰ (আপ) ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে (Kejriwal praises Punjab govt)। আপ নেতৃত্বাধীন ভগৱন্ত মান চৰকাৰক প্ৰশংসা কৰি তেওঁ কয় যে, ৰাজ্যখনত শান্তি, আইন-শৃংখলা দলটোৰ বাবে অতি গুৰুত্বপূৰ্ণ । শনিবাৰে ডেৰা সচখণ্ড বল্লানত শ্ৰী গুৰু ৰবিদাস বানী অধ্যয়ন কেন্দ্ৰ উদ্বোধন কৰাৰ পাচত তেওঁৰ ভাষণত কয় যে, যোৱা কেইদিনমানত কিছুমান লোকে পঞ্জাৱৰ পৰিৱেশ বিনষ্ট কৰিবলৈ চেষ্টা কৰি আছে । কিন্তু আপ চৰকাৰে এই ক্ষেত্ৰত কাকোৱে সফল হ'বলৈ নিদিয়ে (Kejriwal on Punjab law and order situation)।
কেজৰিৱালে কয় যে, কেতিয়াবা আইন-শৃংখলা বজাই ৰাখিবলৈ কঠোৰ সিদ্ধান্ত ল'ব লাগিব আৰু ভগৱন্ত মানৰ নেতৃত্বত আপ চৰকাৰে কঠোৰ সিদ্ধান্ত ল'বলৈ সক্ষম হৈছে । তেওঁ কয় যে, ভগৱন্ত মান চৰকাৰে পৰিস্থিতিটো সুন্দৰকৈ চম্ভালিছে আৰু আনকি এটাও গুলী নিক্ষেপ নকৰাকৈয়ে সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হৈছে । পঞ্জাৱ আৰক্ষীৰ খালিস্তান বিৰোধী অভিযান চলি থকাৰ মাজতে কেজৰিৱালৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে (Opeartion against Khalistan supporters)।
আপৰ ৰাষ্ট্ৰীয় আহ্বায়কে লগতে কয় যে, যিসকলে পঞ্জাৱৰ সাম্প্ৰদায়িক সম্প্ৰীতি আৰু শান্তি বিঘ্নিত কৰিবলৈ চেষ্টা কৰি আছে তেওঁলোকে ভয় খাইছে আৰু পলায়ন কৰিছে । পঞ্জাৱৰ শান্তিৰ প্ৰতি ভাবুকি আনিব পৰা বা ড্ৰাগছ বিক্ৰী কৰা কোনো লোককে এৰি দিয়া নহ'ব বুলিও তেওঁ সকীয়াই দিয়ে । তেওঁৰ মতে যদি ৩ কোটি পাঞ্জাৱী লোক চৰকাৰৰ সৈতে থাকে তেতিয়া কোনো ড্ৰাগছ সৰবৰাহকাৰীয়ে সাহস নাপাব (Punjab govt strict against drugs)।
কেজৰিৱালে কয় যে, ৰাজ্যখনত আম আদমি পাৰ্টী চৰকাৰ গঠন হোৱাৰ পাছত আইন-শৃংখলা পৰিস্থিতি উন্নত হৈছে । কিয়নো পূৰ্বৰ চৰকাৰৰ সময়ছোৱাত তেওঁলোকৰ বিধায়ক আৰু মন্ত্ৰীসকল গুণ্ডা, মাফিয়া আৰু অপৰাধীৰ সৈতে সহযোগত আছিল । কিন্তু আপ চৰকাৰে এতিয়া গুণ্ডা আৰু মাফিয়াক শাস্তি দিছে ।
ইফালে কেজৰিৱালে শ্ৰী গুৰু ৰবিদাস বানী অধ্যয়ন কেন্দ্ৰ উদ্বোধন কৰি কয় যে, এই কেন্দ্ৰৰ জৰিয়তে গুৰু ৰবিদাসজীৰ পবিত্ৰ বাণী পঞ্জাৱৰ লগতে বিশ্বৰ প্ৰতিটো কোণলৈ যাব । এই কেন্দ্ৰ উদ্বোধন কৰিবলৈ পাই তেওঁ নিজকে বহুত ভাগ্যৱান বুলি বিবেচনা কৰিছে (Kejriwal in Punjab)।
কেজৰিৱালে উল্লেখ কৰা মতে, বাবা চাহিব আম্বেদকাৰে শিক্ষাক তেওঁৰ জীৱনত সৰ্বাধিক গুৰুত্ব দিছিল । বাবা চাহিবে আমেৰিকা আৰু লণ্ডনত পিএইচডি ডিগ্ৰী লৈছিল । শিক্ষাৰ ক্ষেত্ৰত দিল্লী চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কামৰো বৰ্ণনাও কৰে কেজৰিৱালে । তেওঁৰ মতে দিল্লীত বিশ্বমানৰ বিদ্যালয় নিৰ্মাণ কৰা হৈছে যাৰ বাবে শিক্ষাৰ্থীসকল চিকিৎসক, উকীল আৰু অভিযন্তা হ'বলৈ সক্ষম হৈছে (Kejriwal on Delhi education department)।
তেওঁ অত্যন্ত সুখী যে এতিয়া পঞ্জাৱতো ভগৱন্ত মানে চৰকাৰী বিদ্যালয়সমূহক পুনৰুজ্জীৱিত কৰাৰ কাম আৰম্ভ কৰিছে । অহা পাঁচ বছৰৰ ভিতৰত পঞ্জাৱৰ সকলো চৰকাৰী বিদ্যালয়ক বিশ্বমানৰ কৰি তুলিব বুলিও কেজৰিৱালে প্ৰতিশ্ৰুতি দিছে ।
লগতে পঢ়ক :Khalistan Supporters Threatening: বিমানযাত্ৰীক ভাবুকিপূৰ্ণ ফোন খালিস্তানী সমৰ্থকৰ