ETV Bharat / bharat

Worst Food For Brain: এইসমূহ খাদ্যই মগজুত পেলাব পাৰে বিৰূপ প্ৰভাৱ!

author img

By

Published : Feb 1, 2023, 7:30 PM IST

আমাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ বাবে স্বাস্থ্যসন্মত খাদ্যাভ্যাস অতি গুৰুত্বপূৰ্ণ । কিন্তু কিছুমান খাদ্য সামগ্ৰী আছে যিবোৰ আমি অবিৰতভাৱে খালে আমাৰ মগজুত বেয়া প্ৰভাৱ পেলায় । গতিকে এনে কিছুমান খাদ্য সামগ্ৰীৰ বিষয়ে জানো আহক-

Worst Food For Brain
এইসমূহ খাদ্যই মগজুত পেলাব পাৰে বিৰূপ প্ৰভাৱ!

মগজুৰ বাবে আটাইতকৈ বেয়া খাদ্য: আমাৰ শৰীৰৰ সকলো অংগৰে নিজস্ব গুৰুত্ব আৰু কাৰ্যক্ষমতা আছে । শৰীৰৰ এনে এক অত্যাৱশ্যকীয় অংগ মগজুৱে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । মগজু আমাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ। ই আমাৰ শৰীৰৰ প্ৰক্ৰিয়াসমূহ সুচাৰুৰূপে চলোৱাত সহায় কৰে । এনে পৰিস্থিতিত শৰীৰৰ এই গুৰুত্বপূৰ্ণ অংশটোৰ বিশেষ যত্ন লোৱাটো অতি প্ৰয়োজনীয়(These food items have a bad effect on the brain) । সুষম আৰু স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিলে মগজুটোৱে অনুকূলভাৱে কাম কৰাত সহায় কৰিব(things that affect the brain negatively)। কিন্তু এনে খাদ্য সামগ্ৰীও বহুত আছে, খোৱাৰ ফলত আমাৰ মগজুত বেয়া প্ৰভাৱ পৰে(Worst Food For Brain)। আমাৰ স্মৃতিশক্তি আৰু মেজাজ ইহঁতৰ সেৱনৰ ফলত প্ৰভাৱিত হয়(what foods kill brain cells)। গতিকে সেই খাদ্য সামগ্ৰীৰ বিষয়ে জানো আহক, যিবোৰ খাদ্যই আমাৰ মগজুৰ ক্ষতি কৰিব পাৰে(what foods kill brain cells)।

অধিক মিঠা খাদ্য

অত্যধিক মিঠা খোৱাটো কেৱল আমাৰ স্বাস্থ্যৰ পক্ষেই নহয় মগজুৰ বাবেও ক্ষতিকাৰক হ’ব পাৰে(Worst Food For Brain) । দৰাচলতে অধিক চেনি খোৱাৰ ফলত হৃদৰোগ আৰু টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি হোৱাই নহয়, মগজুৰ ওপৰতো ইয়াৰ নেতিবাচক প্ৰভাৱ পৰে(things that affect the brain negatively)। অধিক চেনি সেৱনে মগজুত ইনচুলিন প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰিব পাৰে, যাৰ ফলত শিক্ষণ, স্মৃতিশক্তি আৰু নিউৰনৰ বিকাশত নেতিবাচক প্ৰভাৱ পৰিব পাৰে(brain fog foods to avoid)।

ট্ৰান্স ফেট

আমাৰ মগজুৰ বাবেও ট্ৰেন্স ফেট অতি ক্ষতিকাৰক । ই এক প্ৰকাৰৰ অসংপৃক্ত চৰ্বি, যাৰ সেৱনে মগজুত ক্ষতিকাৰক প্ৰভাৱ পেলায় । ট্ৰেন্স ফেট সেৱন কৰিলে মগজুত প্ৰদাহ হ’ব পাৰে, যাৰ ফলত মগজুৰ উৎপাদনশীলতা আৰু স্নায়ুকোষৰ কাৰ্যকলাপ লেহেমীয়া হয় । বজাৰত পোৱা মাংস, দুগ্ধজাত সামগ্ৰী আৰু বনস্পতি তেলতো ট্ৰান্স ফেট পোৱা যায় ।

সুৰা

অত্যধিক মদ্যপান কেৱল আমাৰ স্বাস্থ্যৰ বাবেই নহয়, আমাৰ মানসিক স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক । মদ্যপানে কেৱল যকৃত আৰু পেটৰ ওপৰত প্ৰভাৱ পেলোৱাই নহয়, দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰিলে brain volume হ্ৰাস, বিপাকীয় পৰিৱৰ্তন, নিউৰ’ট্ৰান্সমিটাৰৰ সমস্যাও হ’ব পাৰে ।

ৰিফাইন কাৰ্ব

ব্ৰেড, পাস্তা, কুকিজৰ দৰে ৰিফাইন কাৰ্ব সেৱন কৰাটোও আমাৰ মগজুৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে । দৰাচলতে এই খাদ্য সামগ্ৰীসমূহত কোনো ধৰণৰ আঁহ আৰু পুষ্টিকৰ উপাদান নাথাকে, যাৰ বাবে শৰীৰে ইয়াক সোনকালে হজম কৰে । ইয়াৰ ফলত চেনি আৰু ইনচুলিনৰ মাত্ৰা বৃদ্ধি পায় । লগতে ৰিফাইন কাৰ্ব খাদ্যত পোৱা উচ্চ গ্লাইচেমিক ইনডেক্স (GI) য়ে স্মৃতিশক্তি নষ্ট কৰিব পাৰে ।

লগতে পঢ়ক: Skin Care Tips: ৰুক্ষ ছালৰ পৰা পৰিত্ৰাণ পাবলৈ গ্ৰহণ কৰক এই উপায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.