ETV Bharat / bharat

তাজমহলৰ ভিতৰত হিন্দু ধৰ্মৰ কোনো মূৰ্তি নাই ! - তাজমহলৰ ভিতৰত হিন্দু ধৰ্মৰ কোনো মূৰ্তি নাই

তাজমহলৰ ভিতৰত হিন্দু দেৱ-দেৱীৰ মূৰ্তি থকা বুলি এক বিতৰ্ক অব্যাহত আছে (Taj Mahal controversy)। এই বিতৰ্কৰ অৱসান ঘটাই ভাৰতীয় পুৰাতাত্ত্বিক জৰীপে স্পষ্ট উত্তৰ দিছে । আৰটিআইৰ প্ৰশ্নৰ উত্তৰত এএছআইয়ে ক'লে, প্ৰকৃততে তাজমহলৰ ভিতৰত দেৱ-দেৱীৰ মূৰ্তি নাই ।

Taj mahal
তাজমহলৰ ভিতৰত হিন্দু ধৰ্মৰ কোনো মূৰ্তি নাই
author img

By

Published : Jul 3, 2022, 3:43 PM IST

নেশ্যনেল ডেস্ক,৩ জুলাই : তাজমহল মন্দিৰ নে সমাধি ? এই বিষয়টোক লৈ শেহতীয়াকৈ দেশত হুলস্থূলৰ সৃষ্টি হৈছে (Controversy over Taj Mahal)। বিষয়টো আদালতৰ মজিয়ালৈও গৈছে । বিভিন্ন স্থানত এই সন্দৰ্ভত প্ৰতিবাদ হৈ থকাৰ মাজতে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (ASI)য়ে তাজমহলৰ ভিতৰৰ ২২ টা বন্ধ কোঠাত হিন্দু দেৱ-দেৱীৰ মূৰ্তি থকাৰ কথা স্পষ্টভাৱে অস্বীকাৰ কৰিছে ।

এএছআইয়ে এটা আৰটিআইৰ প্ৰতিক্ৰিয়াত নিজৰ স্থিতি স্পষ্ট কৰিছে । কৰ্তৃপক্ষৰ মতে, মন্দিৰৰ ভূমিত তাজমহল নিৰ্মাণ কৰা হোৱা নাই । অৱশ্যে, পূৰ্বেও এই সন্দৰ্ভত একেটাই স্পষ্টীকৰণ দিছিল এএছআইয়ে । ইফালে তাজমহলৰ বন্ধ কোঠা খোলাৰ বাবেও দাবী উত্থাপন হৈছে । অযোধ্যাৰ বিজেপিৰ মিডিয়া ভাৰপ্ৰাপ্ত ড৹ ৰজনীশ সিঙে ২০২২ চনৰ ৭ মে'ত উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠত এখন আবেদন দাখিল কৰিছিল ।

Taj mahal
ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ স্পষ্টীকৰণ

আৱেদনত তাজমহলৰ ভিতৰতত ২২ টা বন্ধ কোঠা খোলাৰ দাবী জনোৱা হৈছিল (BJP leader appeals to open 20 rooms of Taj Mahal)। আশংকা কৰা হৈছিল যে তাজমহলৰ বন্ধ কোঠাবোৰত হিন্দু-দেৱ-দেৱীৰ মূৰ্তি আছে । গতিকে ইয়াৰ ৰহস্য সকলোৰে ওচৰলৈ ওলাই আহিব লাগে । ১২ মে'ত আৱেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে আৱেদনখন খাৰিজ কৰিছিল ।

তাজমহলৰ উক্ত বিষয়টোক লৈ প্ৰতিবাদ হৈ থকাৰ মাজতে তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সাকেত এছ গোখলেয়ে ২০ জুনত এএছআইৰ ওচৰত এটা আৰটিআই দাখিল কৰিছিল । য'ত তেওঁ এএছআইৰ পৰা দুটা বিষয়ে জানিব বিচাৰিছিল । প্ৰথম প্ৰশ্নটোত সোধা হৈছিল যে তাজমহল যি ভূমিত নিৰ্মাণ কৰা হৈছে সেইভূমি মন্দিৰৰ হয় নে নহয় ? ইয়াৰ প্ৰমাণ দিবলৈ তেওঁ এএছআইক দাবী জনাইছিল । দ্বিতীয়তে তাজমহলৰ বন্ধ ২২ টা কোঠাত হিন্দু দেৱ-দেৱীৰ মূৰ্তি আছিল নেকি বুলি তেওঁ প্ৰশ্ন কৰিছিল ।

তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সাকেত এছ গোখলেৰ এই আৰটিআই প্ৰশ্নৰ উত্তৰ এএছআইয়ে এক লাইনতে দিছে (TMC leader on Taj mahal controversy)। উত্তৰটো এএছআইৰ জনসম্পৰ্ক বিষয়া মহেশ চান্দ মীনাই দিছে । প্ৰথম প্ৰশ্নটোৰ উত্তৰত, তেওঁ মাত্ৰ 'নহয়' বুলি লিখিছে । অৰ্থাৎ, তাজমহল মন্দিৰৰ ভূমিত নিৰ্মাণ কৰা হোৱা নাই । দ্বিতীয় প্ৰশ্নটোৰ উত্তৰত তাজমহলত হিন্দু দেৱ-দেৱীৰ কোনো মূৰ্তি নাই বুলি উল্লেখ কৰিছে ।

লগতে পঢ়ক :True or fake Ram Rahim: হাৰিয়ানা উচ্চ ন্যায়ালয়ত ৰাম ৰহিমৰ শুনানি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.