নিউজ ডেস্ক, 12 মে’ : সমগ্ৰ দেশৰ লগতে মিজোৰামটো কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ৷ স্বাস্থ্য বিভাগে জনোৱা মতে, 10 মে’ লৈকে মিজোৰামত 173 গৰাকী লোক ক’ভিড-19 পজিটিভ বুলি চিনাক্ত হৈছে ৷ জেডএমচিত 1245 টা আৰ টি পি চি আৰ পৰীক্ষাত, 85 গৰাকী লোকৰ দেহত ক’ভিড-19ৰ অৱস্থিতি ধৰা পৰিছে ৷
আনহাতে, বিভিন্ন জিলাৰ ট্ৰু-এনএটি পৰীক্ষাগাৰৰ 145 টা পৰীক্ষাত 12 গৰাকী লোকৰ দেহত ক’ভিড-19ৰ অৱস্থিতি ধৰা পৰিছে ৷ ইয়াৰ লগতে ৰাজ্যৰ বিভিন্ন ক’ভিড পৰীক্ষা কেন্দ্ৰত 2168 টা আৰ এ জি টি পৰীক্ষাত 76 গৰাকী লোক ক’ভিড-19ত চিনাক্ত হৈছে ৷ 10 মে’ লৈকে মিজোৰামত 3558 টা ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছে বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, সম্প্ৰতি ৰাজ্যখনৰ বিভিন্ন ক’ভিড পৰীক্ষা কেন্দ্ৰত 8.90 শতাংশ লোক ক’ভিড-19ত আক্ৰান্ত বুলি চিনাক্ত হোৱাৰ বিপৰীতে বিভিন্ন ক’ভিড চিকিৎসা কেন্দ্ৰত 76.99 শতাংশ লোক সুস্থ হৈ হৈছে ৷ বৰ্তমানলৈকে মিজোৰামত 7795 গৰাকী ক’ভিড-19ত আক্ৰান্ত ৰোগী থকাৰ বিপৰীতে 6002 গৰাকী লোক সুস্থ হৈছে ৷ আনহাতে, 22 গৰাকী কৰ’ণা আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে বুলি স্বাস্থ্য বিভাগে সদৰি কৰিছে ৷ ৰাজ্যখনত 11 মে'ত নতুনকৈ 1771গৰাকী লোকৰ দেহত ক’ভিড-19ৰ অৱস্থিতি ধৰা পৰিছে ৷
লগতে পঢ়ক : যোৰহাটত সাপ্তাহিক বজাৰ বন্ধৰ নিৰ্দেশনা জিলা প্ৰশাসনৰ