ETV Bharat / bharat

মোডী কেবিনেটত কোন মন্ত্ৰীৰ কি দপ্তৰ লাভ...

মোডী কেবিনেটত নতুন মুখ । বুধবাৰে শপত গ্ৰহণ কৰিলে কেইবাগৰাকীও নতুন মন্ত্ৰীয়ে । ইয়াৰ পাছতে ঘোষণা কৰা হয় দপ্তৰসমূহ । গৃহ মন্ত্ৰালয়ৰ উপৰিও সহযোগিতা মন্ত্ৰণালয়ৰ দায়িত্ব অৰ্পণ কৰা হৈছে অমিত শ্বাহক ।

author img

By

Published : Jul 8, 2021, 11:47 AM IST

Portfolio for Modi 2.0 cabinet announced
সম্প্ৰসাৰণৰ পিছত মোডী কেবিনেটৰ দপ্তৰ ঘোষণা

নেশ্যনেল ডেস্ক, ৮ জুলাই : ২০১৯ চনৰ মে' মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰ দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পাছত বুধবাৰে প্ৰথম কেন্দ্ৰীয় কেবিনেটত ৰদবদল আৰু সম্প্ৰসাৰণ হয় । বুধবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত ১৫ জন কেবিনেট মন্ত্ৰী আৰু ২৮ জন ৰাজ্যিক মন্ত্ৰীয়ে শপত গ্ৰহণ কৰে । ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এই মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায় । ইয়াৰ পাছতে দপ্তৰসমূহ বিতৰণ কৰা হয় ।

কেন্দ্ৰীয় কেবিনেটৰ সম্প্ৰসাৰণৰ পিছত মনসুখ মাণ্ডৱিয়া(Mansukh Mandaviya)ক স্বাস্থ্য(health), ৰাসায়নিক পদাৰ্থ আৰু সাৰ মন্ত্ৰালয়(Ministry of chemicals and fertilisers)ৰ দায়িত্ব দিয়া হয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(NARENDRA MODI)য়ে কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়, পাৰমাণৱিক শক্তি বিভাগ, মহাকাশ বিভাগ আৰু সকলো গুৰুত্বপূৰ্ণ নীতিগত বিষয়ৰ দায়িত্ব লৈছে । জ্যোতিৰাদিত্য সিন্ধিয়া(Jyotiraditya Scindia) ক অসামৰিক বিমান পৰিবহণ দপ্তৰৰ দায়িত্ব অৰ্পণ কৰা হৈছে ।

আনহাতে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক নতুনকৈ সৃষ্টি কৰা সহযোগিতা মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছে । পীযুষ গোৱেলে বাণিজ্য আৰু উদ্যোগ, উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ দায়িত্ব পালন কৰাৰ উপৰিও বস্ত্ৰ মন্ত্ৰী হিচাপেও কাম কৰিব । ধৰ্মেন্দ্ৰ প্ৰধানক শিক্ষা আৰু দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰণালয়ৰ দায়িত্ব দিয়া হৈছে ।

বন্দৰ, জাহাজ আৰু জলপথ, আয়ুষ মন্ত্ৰণালয়ৰ দায়িত্ব দিয়া হৈছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল(SARBANANDA SONOWAL)ক । ৰামচন্দ্ৰ প্ৰসাদ সিং হ'ব নতুন ইস্পাত মন্ত্ৰী । পশুপতি কুমাৰ পাৰসক খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ কৰা হৈছে ।

পূৰ্বে ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ দায়িত্ব পালন কৰা কিৰেণ ৰিজিজুক এতিয়া আইন আৰু ন্যায় মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছে । ধৰ্মেন্দ্ৰ প্ৰধানৰ পৰিৱৰ্তে হৰদীপ সিং পুৰীক পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ, গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ কৰা হৈছে । বুধবাৰে মুঠ ৪৩ গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰে ।

লগতে পঢ়ক: মোডী মন্ত্ৰীসভাত 7 গৰাকীকৈ মহিলা নতুনকৈ অন্তৰ্ভুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.