ETV Bharat / bharat

বৰ্তমান কোনটো স্তৰত মণিপুৰ-ম্যানমাৰ সমস্যা - Narcotic Drug and Psychotropic Substances Act

যদিও চলিত সপ্তাহৰ আৰম্ভণিতে ভাৰতৰ পূব প্ৰান্তৰ চুবুৰীয়া ম্যানমাৰৰ সীমান্তৱৰ্তী উত্তৰ-পূবৰ ৰাজ্য মণিপুৰত জাতিগত সংঘৰ্ষত নিহত ৮৭ গৰাকী লোকৰ মৃতদেহ গণসমাধিস্থ কৰা হৈছিল ৷ সামগ্ৰিকভাৱে অঞ্চলটোত পৰিস্থিতি বৰ্তমান স্থিতিশীল হৈ আছে ।

Manipur Myanmar conundrum
মণিপুৰ আৰু ম্যানমাৰ সমস্যা বৰ্তমান কোন স্তৰত আছে
author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 6:49 PM IST

নিউজ ডেস্ক, ২২ ডিচেম্বৰ : চলিত বছৰটোৰ বেছিভাগ সময় মণিপুৰে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । এটা ছাত্ৰ সংগঠনে উলিওৱা এক নিৰপেক্ষ সমদলৰ পিছতে ৰাজ্যখনত হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হৈছিল ৷ ই চুবুৰীয়া দেশ ম্যানমাৰত জাতিগত অস্থিৰতা আৰু ড্ৰাগছৰ ব্যৱসায়ৰ এক ভয়ানক দৃষ্টিকোণ আছিল । যি মণিপুৰৰ হিংসা এক মুখ্য কাৰণ হিচাপে উদ্ভৱ হৈছে ।

৩ মে'ত মণিপুৰৰ অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নে (এটিএছইউএম) ৰাজ্যিক উচ্চ ন্যায়ালয়ৰ অনুসূচিত জনজাতিৰ স্বীকৃতিৰ বাবে মেইটেইসকলৰ দাবী বিবেচনা কৰাৰ পৰামৰ্শৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ চুৰাচান্দপুৰত সমদল উলিয়ায় । যদিও মুখ্যতঃ হিন্দু মেইটেইসকল ৰাজ্যখনৰ সংখ্যাগৰিষ্ঠ আৰু প্ৰধানকৈ ইম্ফল উপত্যকাত বাস কৰে, কিন্তু খ্ৰীষ্টান কুকি-জেমি আৰু পাহাৰত বাস কৰা নগাসকলেহে এছটি মৰ্যাদা লাভ কৰে ।

এফালে কুকিসকলে যুক্তি দিয়ে যে এছটিৰ মৰ্যাদা প্ৰদান কৰিলে মেইটেইসকলক পাহাৰত মাটি ক্ৰয় কৰাৰ ক্ষমতা প্ৰদান কৰা হ'ব, আনফালে মেইটেইসকলে দাবী কৰে যে ম্যানমাৰৰ পৰা ড্ৰাগছৰ চোৰাং ব্যৱসায় আৰু ৰাজ্যখনৰ পাহাৰীয়া অঞ্চলত পপি খেতি নিয়ন্ত্ৰণ কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ বিৰুদ্ধে কুকিৰ প্ৰতিশোধৰ ফলত এই সংঘৰ্ষৰ উদ্ভৱ হৈছে ।

বিগত পাঁচ বছৰত পপি খেতি 15,400 একৰ পাহাৰীয়া ভূমিলৈ সম্প্ৰসাৰিত হৈছে, যাৰ ফলত এই সময়ছোৱাত নাৰ্কোটিক ড্ৰাগ এণ্ড ছাইকোট্ৰপিক ছাবষ্টেন্স (এনডিপিএছ) আইনৰ অধীনত 2,500 ৰো অধিক ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে ।

মেইটেই আৰু কুকিসকলৰ মাজত সৃষ্টি হোৱা অভূতপূৰ্ব জাতিগত সংঘৰ্ষত ১৮০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে । উত্তৰ-পূবৰ ৰাজ্যখনে জাতিগত বিভাজনেৰে এক সামাজিক ভাঙোনৰ সন্মুখীন হৈছে । য'ত বিৰোধী বিদ্ৰোহীসকলে বিৰোধী সম্প্ৰদায়ৰ ব্যক্তিৰ প্ৰৱেশ প্ৰতিহত কৰিবলৈ অৱৰোধ কৰিছে । ফলস্বৰূপে বহু পৰিয়ালে তেওঁলোকৰ অৱশিষ্ট আত্মীয়সকলক উদ্ধাৰ কৰাত অক্ষম হৈছে ।

আনহাতে, বহু মৃতদেহ ৰাজ্যৰ ৰাজধানী ইম্ফলৰ মৰ্গত পৰি আছিল । কিন্তু যোৱা মাহতহে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত মৃতদেহবোৰ সঠিকভাৱে সৎকাৰ বা সমাধিস্থ কৰাৰ নিৰ্দেশ দিয়ে । অৱশেষত চলিত সপ্তাহৰ আৰম্ভণিতে জাতিগত অস্থিৰতাৰ কেন্দ্ৰবিন্দু চুৰাচান্দপুৰত ৮৭ টা মৃতদেহক গণ সমাধিস্থ কৰা হয় ।

অৱশ্যে বৰ্তমান যদিও তেনে ধৰণৰ কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই, কিন্তু তথাপিও উত্তেজনা অব্যাহত আছে । পৰ্যবেক্ষকসকলৰ মতে, এই সমগ্ৰ সংঘৰ্ষৰ এক নাৰ্কো-সন্ত্ৰাসৰ দিশ আছে । সংঘৰ্ষপীড়িত চুবুৰীয়া ম্যানমাৰৰ জাতিগত সশস্ত্ৰ সংগঠনসমূহ, যিসকল ড্ৰাগছৰ চোৰাং ব্যৱসায়ৰ সৈতেও জড়িত, তেওঁলোকে মণিপুৰলৈ আহি হিংসাত জড়িত হৈ আছে । ভাৰতৰ পূব চুবুৰীয়া দেশত বিদ্ৰোহী আৰু সামৰিক জাণ্টাৰ মাজত হোৱা হিংসাত্মক সংঘৰ্ষৰ বাবে কুকিসকলৰ সৈতে জাতিগতভাৱে মিল থকা চিন শৰণাৰ্থীসকলেও ম্যানমাৰৰ পৰা মণিপুৰলৈ অনুপ্ৰৱেশ কৰিছে ।

উল্লেখ্য যে মণিপুৰৰ ম্যানমাৰৰ সৈতে 398 কিলোমিটাৰ দীঘল সীমান্ত আছে । এইটো হৈছে অবৈধ ড্ৰাগছৰ ব্যৱসায় কৰিবলৈ এটা সুৰক্ষিত সীমান্ত । মণিপুৰ চৰকাৰে ইয়াক হ্ৰাস কৰিবলৈ 'ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ' ঘোষণা কৰিছিল । এই যুদ্ধত ম্যানমাৰ, লাওছ আৰু থাইলেণ্ডৰ ড্ৰাগকাৰ্টেলৰ দ্বাৰা গঠিত সোণালী ত্ৰিভুজৰ বিৰুদ্ধে লক্ষ্য কৰা হৈছিল । এই কাৰ্টেলে মণিপুৰত প্ৰৱেশ কৰিছে আৰু ইয়াক প্ৰকৃততে ড্ৰাগছৰ উৎস কৰি তুলিছে । চলিত মাহৰ আৰম্ভণিতে ৰাষ্ট্ৰসংঘৰ ড্ৰাগছ আৰু অপৰাধ কাৰ্যালয়ে (ইউএনঅ'ডিচি) এক প্ৰতিবেদনত কৈছে যে আফগানিস্তানক অতিক্ৰম কৰি ম্যানমাৰ বিশ্বৰ সৰ্ববৃহৎ আফিং উৎপাদক হৈ পৰিছে ।

কিন্তু মণিপুৰৰ সংকটৰ বাবে ড্ৰাগছতকৈও অধিক ম্যানমাৰৰ পৰিস্থিতিয়ে নতুন দিল্লীক চিন্তিত কৰি তুলিছে । ২০২১ চনত ম্যানমাৰত নোবেল বঁটা বিজয়ী আং চাং চ্যু কীক ক্ষমতাৰ পৰা বহিষ্কাৰ কৰি অভ্যুত্থানৰ পিছত, ২০২০ চনত নিৰ্বাচিত সংসদৰ সদস্যৰ এটা দলে ৰাষ্ট্ৰীয় ঐক্য চৰকাৰ (এনইউজি) গঠন কৰে । ক্ষমতাসীন সামৰিক জুণ্টাৰ ৰাজ্যিক প্ৰশাসন পৰিষদে (এছএচি) এনইউজিক অবৈধ আৰু সন্ত্ৰাসবাদী সংগঠন বুলি ঘোষণা কৰে ।

এনইউজিয়ে তেতিয়া মে' মাহত পিপ'লছ ডিফেন্স ফ'ৰ্চ (পিডিএফ) স্থাপনৰ কথা ঘোষণা কৰে আৰু সামৰিক চৰকাৰৰ বিৰুদ্ধে 'জনসাধাৰণৰ প্ৰতিৰক্ষামূলক যুদ্ধ' ঘোষণা কৰে । পিডিএফ এক তৃণমূল পৰ্যায়ৰ বিদ্ৰোহত পৰিণত হয় আৰু সংগঠিত স্থানীয় জাতিগত সশস্ত্ৰ সংগঠনবোৰে সমগ্ৰ ম্যানমাৰত সৰু সৰু গোটত কাম কৰি থাকে ।

লগতে পঢ়ক :জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ অভিযান নিষ্ক্ৰিয় কৰিবলৈ হেলিকপ্টাৰ ব্যৱহাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.