নেশ্যনেল ডেস্ক,২৪ এপ্ৰিল : তেলেংগানাৰ খাম্মাম জিলাত শোকাৱহ ঘটনা । পত্নীক বচাবলৈ গৈ কুঁৱাত পৰি মৃত্যু দুৰ্ভগীয়া স্বামীৰ (Tragic incident at Khammam)। লোকজনক উদ্ধাৰ কৰিবলৈ কুঁৱাত জপিওৱা বন্ধুৰো অকাল মৃত্যু । সমগ্ৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্য । আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।
দেওবাৰে নিশা খাম্মাম জিলাত এই কৰুণ ঘটনাটো সংঘটিত হৈছে । আপ্পালানাৰাসিংহপুৰম গাঁৱত নাগাৰ্জু আৰু তেওঁৰ পত্নী ৰমনাৰ মাজত কোনো কথাক লৈ কাজিয়াৰ সূত্ৰপাত হৈছিল । তেওঁলোকৰ কাজিয়াৰ মাজতে পত্নী ৰমনা আঘাতপ্ৰাপ্ত হয় । তাৰ পাচতে ৰমনাই আত্মহত্যাৰ ভাবুকি দি ঘৰৰ পৰা ওলাই যায় । ৰমনাই স্বামী নাগাৰ্জুক কৈ গৈছিল যে তেওঁ কুঁৱাত জপিয়াই আত্মহত্যা কৰিব ।
পত্নীক তেনেদৰে ঘৰৰ পৰা ওলাই যোৱা দেখি নাগাৰ্জুৱেও পিছে পিছে গৈছিল । কিছু সময়ৰ পাচত নাগাৰ্জুৱে পত্নীক বিচাৰি নোপোৱাত চিন্তিত হৈ পৰে । তেতিয়া তেওঁ ভাবিলে যে সঁচাকৈয়ে পত্নীয়ে কুঁৱাত জপিয়াইছে । পলম নকৰি নাগাৰ্জুৱে পত্নীক উদ্ধাৰ কৰিবলৈ কুঁৱাত জাপ দিলে । কিন্তু দুৰ্ভাগ্যৰ কথাটো হ'ল যে নাগাৰ্জুৱে সাঁতুৰিব নাজানে । ফলত তেওঁ মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় (Husband drowns in well)।
ইফালে নাগাৰ্জুৰ ওচৰতে তেওঁৰ এগৰাকী ঘনিষ্ঠ বন্ধু আছিল । যাৰ নাম আছিল য়ান্দ্ৰতী জোজি । জোজিয়ে জানিছিল যে তেওঁৰ বন্ধু নাগাৰ্জু সাঁতুৰিব নাজানে । যাৰ বাবে বন্ধুক বচাবলৈ জোজিয়েও কুঁৱাটোত জাপ দিয়ে । পিছে নাগাৰ্জুক উদ্ধাৰ কৰাটো দূৰৰে কথা বন্ধু জোজিও কুঁৱাৰ ভিতৰতে মৃত্যুক সাৱতি লয় ।
পৰৱৰ্তী সময়ত স্থানীয় লোকসকলে কুঁৱাটোত তেওঁলোক দুয়ো বন্ধুৰ মৃতদেহ উদ্ধাৰ কৰে (Bodies of two friends recovered from well)। মৃতদেহ উদ্ধাৰৰ পাচত স্থানীয় লোকে সন্ধানহীন ৰমনাক বিচাৰি যায় । পাচত ৰমনাক এখন পথাৰত বহি কান্দি থকা অৱস্থাত দেখা পায় । লগে লগে তেওঁৰ স্বামীৰ মৃত্যুৰ কথা অৱগত কৰে গাঁৱৰ ৰাইজে । স্বামীৰ মৃত্যুৰ খবৰ পায় শোকত ভাগি পৰে ৰমনা । সমগ্ৰ ঘটনাটোক লৈ এতিয়া খাম্মাম জিলাত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।
লগতে পঢ়ক :Amritpal Singh latest news : সিংহৰ দৰে আত্মসমৰ্পণ কৰিছে অমৃতপালে: মাতৃ