ETV Bharat / bharat

ৰাজভৱনত বোমা সংস্থাপনৰ ভুৱা ভাবুকি দি গ্ৰেপ্তাৰ যুৱক - ৰাজভৱনত বোমা সংস্থাপন

ৰাষ্ট্ৰীয় তদন্তকাৰী সন্থা চমুকৈ NIA ৰ লগত ল’ৰা-ধেমালি কৰিবলৈ গৈ ৰঙাঘৰত সোমাল যুৱক ৷ বেংগালুৰুৰ প্ৰায় অৰ্ধশতাধিক বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি দিয়াৰ গোচৰৰ তদন্ত চলি থকাৰ সময়তে NIAৰ কাৰ্যালয়ত ফোন কৰি বোমা সংস্থাপনৰ ভুৱা ভাবুকি দিছিল যুৱকজনে ৷ ইয়াৰ পাচতেই তদন্তকাৰী সন্থাটোৰ অভিযাগৰ ভিত্তিত আৰক্ষীয়ে বেনামী ফোনটো ট্ৰেক কৰি যুৱকজনক গ্ৰেপ্তাৰ কৰে ৷

Man arrested for hoax bomb threat
ৰাজভৱনত বোমা সংস্থাপনৰ ভুৱা ভাবুকি দি গ্ৰেপ্তাৰ যুৱক
author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 12:29 PM IST

নিউজ ডেস্ক, ১৩ ডিচেম্বৰ: বেংগালুৰু আৰু গ্ৰামাঞ্চলৰ ৬০খনতকৈও অধিক বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি দিয়াৰ গোচৰৰ তদন্ত চলি থকাৰ সময়তে এজন অচিনাকি ব্যক্তিয়ে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ(NIA) হেল্পলাইনত ফোন কৰি ভুৱা বোমাৰ ভাবুকি দিয়ে । এই গোচৰৰ সন্দৰ্ভত আৰক্ষীয়ে অভিযান চলাই ভাস্কৰ নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে ।

The accused who had called to bomb had been placed in the Raj Bhavan was arrested
ৰাজভৱনত বোমা সংস্থাপনৰ ভুৱা ভাবুকি দি গ্ৰেপ্তাৰ যুৱক

কোলাৰ জিলাৰ মুলবাগিলু তালুকৰ বদ্দাহল্লীৰ পৰা অহা ভাস্কৰে শেহতীয়াকৈ বেংগালুৰুৰ বিদ্যালয়ত বোমা ৰখাৰ খবৰৰ বিষয়ে জানিবলৈ পাৰে । এই সন্দৰ্ভত আৰক্ষীয়ে তীব্ৰ তদন্ত চলাই থকাৰ কথাও তেওঁ অৱগত হয় । মঙলবাৰে তেওঁ চহৰৰ পৰা বেংগালুৰুলৈ আহে আৰু বেংগালুৰু পুলিচৰ লগত খেল খেলাৰ সিদ্ধান্ত লয় । তেওঁ গুগলত সন্ধান কৰি NIAৰ নম্বৰ সংগ্ৰহ কৰে আৰু ৰাজভৱনত বোমা সংস্থাপন কৰা বুলি ফোন কৰি ভাবুকি দিয়ে ৷

ফোনযোগে এই ভাবুকি লাভ কৰাৰ পাচতেই NIAৰ বিষয়াসকলে এই বিষয়ে আৰক্ষীক অৱগত কৰে । আনহাতে ভাস্কৰে বেংগালুৰুৰ পৰা পোনে পোনে অন্ধ্ৰ চিত্তুৰৰ এটা মন্দিৰলৈ গৈছিল । চিত্তুৰৰ পৰা তন্নুৰলৈ উভতি আহি থকা অৱস্থাত ভাস্কৰক গ্ৰেপ্তাৰ কৰা হয় । বোমা ভাবুকি ফোন লাভ কৰাৰ পিচতে আৰক্ষীয়ে নম্বৰটো ট্ৰেক কৰি আছিল । সম্প্ৰতি বিধানসভা থানা আৰক্ষীয়ে ভাস্কৰৰ জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা হৈছে ।

উল্লেখ্য যে, সোমবাৰে নিশা প্ৰায় ১১.৩০ বজাত ৰাজ্যখনৰ ডোমালুৰস্থিত ৰাষ্ট্ৰীয় তদন্তকাৰী সন্থাৰ কাৰ্যালয়ৰ নিয়ন্ত্ৰণ কক্ষলৈ অচিনাক্ত লোকে ফোন কৰি ৰাজভৱনৰ চৌহদত বোমা স্থাপন কৰাৰ কথা ব্যক্ত কৰে ৷ বেনামী ফোন পোৱাৰ লগে লগে NIAৰ বিষয়াসকলে এই তথ্য আৰক্ষীলৈ প্ৰেৰণ কৰে । ইয়াৰ পিচত প্ৰায় ১২ বজাত আৰক্ষী, বোমা নিষ্কাশন দল, ডগ স্কোৱাড আৰু ফিংগাৰপ্ৰিণ্ট বিশেষজ্ঞই ৰাজভৱনত উপস্থিত হৈ চৌদিশে অভিযান চলায় । কিন্তু অভিযানকাৰী দলে কোনো সন্দেহজনক বস্তু লাভ কৰাত ব্যৰ্থ হয় আৰু এইটো এটা ভুৱা ফোন আছিল বুলি অভিযানকাৰী দলটো নিশ্চিত হয় । ইয়াৰে তদন্ত অব্যাহত ৰাখি আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত ভাস্কৰক গ্ৰেপ্তাৰ কৰে ৷

লগতে পঢ়ক: বোমা আতংকৰ পিছত বেংগালুৰুৰ বিদ্যালয়ত স্বাভাৱিক পাঠদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.