ETV Bharat / bharat

Terrorist killed at Uri : বাৰামুলাৰ উৰিত সংঘৰ্ষত নিহত তিনি সন্ত্ৰাসবাদী - Terrorist killed at Baramullas Uri

শনিবাৰে উৰিৰ হাথলাংগা অঞ্চলত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত এক সংঘৰ্ষৰ সূত্ৰপাত হয় । সেনাৰ গুলীত নিহত হয় তিনিকৈ সন্ত্ৰাসবাদী ।

Terrorist killed at Uri
Terrorist killed at Uri
author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 12:26 PM IST

Updated : Sep 16, 2023, 1:38 PM IST

নিউজ ডেস্ক, ১৬ ছেপ্টেম্বৰ : উত্তৰ কাশ্মীৰৰ বাৰামুলা জিলাৰ হাথলাঙ্গা অঞ্চলত শনিবাৰে সংঘটিত ভয়ংকৰ গুলীচালনাৰ ঘটনাত কমেও তিনিটা সন্ত্ৰাসবাদী নিহত হয় । এক চৰকাৰী সূত্ৰত এই কথা প্ৰকাশ । উল্লেখ্য যে অঞ্চলটোত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত নিৰন্তৰ সংঘৰ্ষ চলি আহিছে ।

বাৰামুলা জিলাৰ অন্তৰ্গত উৰিৰ হাথলাঙ্গা অঞ্চলত এই সংঘৰ্ষটো সংঘটিত হয় । স্থানীয় আৰক্ষী আৰু সেনাৰ এক যুটীয়া অভিযানৰ সময়ত সন্ত্ৰাসবাদীৰ সৈতে এই সংঘৰ্ষৰ সৃষ্টি হয় । অভিযানটোৰ উদ্দেশ্য আছিল ওচৰত লুকাই থকা সন্ত্ৰাসবাদীৰ সন্ধান কৰা আৰু যিকোনো সম্ভাব্য ভাবুকি নিষ্ক্ৰিয় কৰা । তাৰ বাবে সতৰ্কতাৰে পৰিকল্পিত বেষ্টনী আৰু অনুসন্ধান অভিযান আৰম্ভ কৰে ।

নিৰাপত্তা বাহিনীৰ যুটীয়া দলটোৱে অতি সতৰ্কতাৰে অঞ্চলটোকৈ তন্নতন্নকৈ অনুসন্ধান অভিযান আৰম্ভ কৰাৰ সময়তে লুকাই থকা সন্ত্ৰাসবাদীয়ে হঠাতে ওচৰলৈ অহা সৈন্যৰ ওপৰত গুলীচালনা কৰে । নিৰাপত্তাৰক্ষীয়েও তৎক্ষণাৎ প্ৰত্যুত্তৰ দিয়ে । যাৰ ফলত অঞ্চলটোত এক ভয়ংকৰ গুলীয়াগুলী আৰম্ভ হয় । ইয়াৰ ফলত স্থানীয় বাসিন্দাসকলৰ মাজত আতংকৰ সৃষ্টি হয় ।

উল্লেখ্য যে আৰক্ষী সূত্ৰই এনকাউণ্টাৰত তিনিটা সন্ত্ৰাসবাদীৰ মৃত্যু নিশ্চিত কৰিছে । অৱশ্যে নিহত তিনিটাৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই । নিৰাপত্তা বাহিনীয়ে অঞ্চলটোৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে তেওঁলোকৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ বাবে অঞ্চলটোত সতৰ্কতা অৱলম্বন কৰিছে ।

কাশ্মীৰ জ'নেল পুলিচে ছ'চিয়েল মিডিয়াত জনাইছে, "তিনিটা সন্ত্ৰাসবাদী নিহত হৈছে । অনুসন্ধান চলি আছে । অধিক বিৱৰণৰ বাবে অপেক্ষা কৰক ।" উল্লেখ্য যে সপ্তাহটোৰ আৰম্ভণিতে জম্মু-কাশ্মীৰত এক শোকাৱহ সংঘৰ্ষৰ সৃষ্টি হৈছিল । এই ঘটনাত জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ কোকেৰনাগ অঞ্চলত সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষৰ সময়ত এজন কৰ্ণেল, এজন মেজৰ আৰু এজন উপ-আৰক্ষী অধীক্ষক শ্বহীদ হয় ।

লগতে পঢ়ক :Building collapse in Maharashtra : মহাৰাষ্ট্ৰত খহি পৰিল চাৰি মহলীয়া অট্টাল্লিকা; নিহত ২, আহত ১

Last Updated : Sep 16, 2023, 1:38 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.