নিউজ ডেস্ক,19 জানুৱাৰীঃ সোমবাৰে জম্মু আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ এটা ঘাটিত অভিযান চলাই দুটা সন্ত্ৰাসবাদীক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰৰ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে ৷
আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি আৰক্ষীৰ জালত পৰা দুৰ্ধষ সন্ত্ৰাসবাদী কেইটা হৈছে অনন্তনাগ আৰু বিজবিড়াৰ নিবাসী ওমৰ আহমেদ আৰু চহেল আহমেদ মালিক বুলি চিনাক্ত কৰা হৈছে ৷ লগতে আৰক্ষীয়ে সদৰি কৰে যে,সন্ত্ৰাসবাদী কেইটাই পাকিস্তানস্থিত জেইচ এ মহম্মদৰ হৈ কাম কৰি জম্মু-কাশ্মীৰৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিনৰ পৰা সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰি আহিছিল ৷ আৰক্ষীয়ে সন্ত্ৰাসবাদী কেইটাৰ পৰা দুটা AK-74, পিষ্টল এটা, 16 টা গ্ৰনেড, 9টা AK- মেগজিনৰ লগতে 29 জাই সজীৱ বুলেট জব্দ কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়কঃ অসম বিধানসভাৰ 13 শতাংশ বিধায়কৰ আছে অপৰাধজনিত গোচৰ