ETV Bharat / bharat

কানপুৰত পাকিস্তানীয়ে বিক্ৰী কৰিছিল ৰাম-জানকী মন্দিৰ ! - Shatru Sampati Sanrakshan Sangarsh Samiti filed a complaint

ভাৰতত মন্দিৰ আৰু কিছুমান সম্পত্তি পাকিস্তানী নাগৰিকে বিক্ৰী কৰা বিষয় পোহৰলৈ অহাৰ পাছতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰি উত্তৰ প্ৰদেশত (Temple sold off by Pak national in UP Kanpur)। বিষয়টোক লৈ কানপুৰ প্ৰশাসনে তদন্ত অব্যাহত ৰাখিছে । সম্পত্তিখিনিক শত্ৰুৰ সম্পত্তি হিচাপে তালিকাভুক্ত কৰাৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে ।

Kanpur
কানপুৰত পাকিস্তানীয়ে বিক্ৰী কৰিছিল ৰাম জানকী মন্দিৰ
author img

By

Published : May 19, 2022, 12:12 PM IST

নেশ্যনেল ডেস্ক,১৯ মে' : ১৯৮২ চনত ৰাম-জানকী মন্দিৰ আৰু কিছুমান সম্পত্তি বিক্ৰী কৰিছিল এজন পাকিস্তানৰ নাগৰিকে (Pakistani national sold off Ram Janaki temple)। পৰৱৰ্তী সময়ত সেই স্থানত ১৮ টাকৈ হিন্দু পৰিয়ালক উচ্ছেদ কৰি হোটেল নিৰ্মাণ কৰা হৈছিল । এই চাঞ্চল্যকৰ তথ্য লাভ কৰিছে উত্তৰ প্ৰদেশৰ কানপুৰ জিলা প্ৰশাসনে । লগে লগে সেই সম্পত্তিৰ গৰাকীক জাননী জাৰি কৰিছে প্ৰশাসনে । জানিব পৰা মতে শত্ৰু সম্পত্তি ৰক্ষকৰ কাৰ্যালয়ে এই সম্পত্তিবোৰক শত্ৰু সম্পত্তি হিচাপে তালিকাভুক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

উল্লেখ্য যে, বিগত বছৰত এই বিষয়ক লৈ শত্ৰু সম্পত্তি সংৰক্ষণ সংঘৰ্ষ সমিতিয়ে এক অভিযোগ উত্থাপন কৰিছিল (Shatru Sampati Sanrakshan Sangarsh Samiti filed a complaint)। অভিযোগৰ তদন্তৰ পাছতে এই কথা পোহৰলৈ আহিছে । জানিব পৰা মতে বেকনগঞ্জৰ উক্ত সম্পত্তিখিনি ১৯৮২ চনত পাকিস্তানৰ নাগৰিক আবিদ ৰেহমানে মন্দিৰ চৌহদত থকা চাইকেল মেৰামতি কৰা দোকানী মুখতাৰ বাবাক বিক্ৰী কৰিছিল (Temple sold off by Pak national in UP)।

ইয়াৰ পূৰ্বে আবিদ ৰেহমান ১৯৬২ চনত পাকিস্তানলৈ উভতি গৈছিল । তেওঁ মুখতাৰ বাবাক সম্পত্তিখিনি বিক্ৰী কৰিবলৈ উভতি আহিছিল যিয়ে পিছত ১৮ টা হিন্দু পৰিয়ালক চৌহদৰ পৰা উচ্ছেদ কৰিছিল আৰু এখন হোটেল নিৰ্মাণ কৰিছিল ।

কানপুৰ পৌৰ নিগমৰ তথ্য অনুসৰি, সম্পত্তিখিনি এতিয়াও মন্দিৰ হিচাপে তালিকাভুক্ত হৈ আছে । শত্ৰু সম্পত্তি সংৰক্ষণ সংঘৰ্ষ সমিতিয়ে অভিযোগৰ ভিত্তিত তেতিয়াৰ জিলা দণ্ডাধীশে যুটীয়া দণ্ডাধীশক বিষয়টো তদন্ত কৰিবলৈ আহ্বান জনাইছিল । তদন্তৰ প্ৰতিবেদন পিছত শত্ৰু সম্পত্তিৰ ৰক্ষকৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল । ইফালে, মুখতাৰ বাবাৰ পুত্ৰ মাহমুদ ওমৰে কয় যে তেওঁৰ ওচৰত সকলো প্ৰয়োজনীয় নথিপত্ৰ আছে আৰু শীঘ্ৰেই তেওঁ জাননীৰ প্ৰশ্নৰ উত্তৰ দিব ।

লগতে পঢ়ক :Sheena Bora murder case : ছবছৰ পাঁচ মাহৰ পাচত জামিন পালে ইন্দ্ৰাণী মুখাৰ্জীয়ে

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.