ETV Bharat / bharat

Telugu Actor Chandra Mohan passes away : ৮২ বছৰ বয়সত মৃত্যু অভিনেতা চন্দ্ৰ মোহনৰ

author img

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 8:59 PM IST

তেলেগু অভিনেতা চন্দ্ৰ মোহনৰ শনিবাৰে পুৱা হায়দৰাবাদৰ এপ'ল' চিকিৎসালয়ত মৃত্যু । দাক্ষিণাত্যৰ ছবিজগত শোকৰ ছাঁ । ১৯৭৮ চনত ফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিল ।

Telugu Actor Chandra Mohan passes away
৮২ বছৰ বয়সত মৃত্যু অভিনেতা চন্দ্ৰ মোহনৰ

চিটাৰা ডেস্ক,১১ নৱেম্বৰ : দীপাৱলী উদযাপনক লৈ আজি দেশবাসী ব্যস্ত । তাৰ মাজতে দাক্ষিণাত্য চলচ্চিত্ৰ জগতত শোকৰ ছাঁ পৰিছে । পুৱাই দাক্ষিণাত্যৰ চলচ্চিত্ৰ উদ্যোগৰ প্ৰবীণ অভিনেতা চন্দ্ৰ মোহনৰ মৃত্যু হয় । চলচ্চিত্ৰ উদ্যোগক একাধিক হিট চলচ্চিত্ৰৰ উপহাৰ দিয়া অভিনেতা চন্দ্ৰ মোহনে ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে । তেওঁৰ মৃত্যুৰ খবৰে উদ্যোগটোত শোকস্তব্ধ কৰি তুলিছে । আনহাতে সকলো তাৰকাই চন্দ্ৰ মোহন 'গাৰু'ৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ।

হাস্যৰসৰ পৰা আৰম্ভ কৰি গাম্ভীৰ্যপূৰ্ণ চৰিত্ৰলৈ সকলো চৰিত্ৰই তেওঁ সুন্দৰভাৱে উপস্থাপন কৰিছিল । যাৰ বাবে দৰ্শকসকলে তেওঁ পছন্দ কৰিছিল । জানিব পৰা মতে অভিনেতাগৰাকী হৃদযন্ত্ৰৰ সমস্যাত ভুগি আছিল । যাৰ বাবে তেওঁক হায়দৰাবাদৰ এপ'ল' চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । য'ত পুৱা প্ৰায় ৯:৪৫ মান বজাত অভিনেতাগৰাকীৰ মৃত্যু হয় ।

চন্দ্ৰ মোহনৰ জন্ম ১৯৪৫ চনৰ ২৩ মে'ত অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণা জিলাৰ পামিদিমুক্কালা গাঁৱত হৈছিল । তেওঁ মেদুৰুৰ ৱাইভিআৰএমজেডপি উচ্চ বিদ্যালয়ত শিক্ষা লাভ কৰিছিল আৰু বাপটলাৰ কৃষি মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল । চন্দ্ৰ মোহনে ১৯৬৬ চনৰ ছবি 'ৰঙ্গুলা ৰত্নম'ত আৰু তাৰ পাছত ১৯৬৮ চনৰ ছবি 'সুখ দুহকালু'ত অভিনয় কৰে । যাৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ ৰাজ্যিক নন্দী বঁটাও লাভ কৰে ।

ইয়াৰ লগতে তেওঁ ১৯৭৮ চনত পদৰেলা ভাইচু ছবিখনত অভিনয় কৰে । এই ছবিখনৰ বাবে তেওঁ ফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে । চন্দ্ৰ মোহনৰ প্ৰথম তামিল চলচ্চিত্ৰ আছিল ১৯৭৫ চনৰ 'নালাই নামধে'। ইয়াৰ লগতে তেওঁক সীতামালক্ষ্মী, ৰাম ৰবাৰ্ট ৰহিম, ৰাধা কল্যাণম, ৰেণ্ডু ৰেলু আৰু আৰু চান্দামামা ৰাৱে মুভিজতো মুখ্য চৰিত্ৰত দেখা গৈছিল ।

লগতে পঢ়ক :Bigg Boss 17: দীপাৱলীৰ দিনাই বিগ বছত ছলমানৰ ৰুদ্ৰমূৰ্তি; ঘৰৰ পৰা বাহিৰ হৈ যাব লাগিব নেকি ঐশ্বৰ্য-মন্নাৰা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.