ETV Bharat / bharat

ৰাজহুৱা অনুষ্ঠানত নিষেধাজ্ঞা তেলেংগানা চৰকাৰৰ

author img

By

Published : Mar 28, 2021, 11:07 AM IST

কৰ’ণা মহামাৰীৰ গণ সংক্ৰমণ বৃদ্ধি পোৱাৰ ফলত তেলেংগানা চৰকাৰে 30 এপ্ৰিললৈকে ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান, উৎসৱ পালন আদিৰ লগতে ৰাজহুৱা সভা সমিতি, শোভাযাত্ৰা আদি বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

ৰাজহুৱা অনুষ্ঠানত নিষেধাজ্ঞা  তেলেংগানা চৰকাৰৰ
ৰাজহুৱা অনুষ্ঠানত নিষেধাজ্ঞা তেলেংগানা চৰকাৰৰ

নেশ্যনেল ডেস্ক,28 মাৰ্চ: ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’ণা মহামাৰীৰ গণ সংক্ৰমণ ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত শনিবাৰে তেলেংগানা চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত ৷ পৰৱৰ্তী 30 এপ্ৰিললৈকে বন্ধ হৈ থাকিব ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান, উদ্যান আদিৰ লগতে ৰাজহুৱা সভা সমিতি, শোভাযাত্ৰা আদি ৷ লগতে ৰাজহুৱা সভা-সমিতিয়ে বা ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে তেলেংগানা চৰকাৰে ৷

তেলেংগানাৰ মুখ্য সচিব চমশ কুমাৰে জাৰি কৰা এক তথ্য অনুসৰি, বিগত কিছুদিনৰ পৰা ক’ভিড-19 ৰ সংক্ৰমণ বৃদ্ধি পাইছে ৷ ক’ভিড-19 ৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰে তেলেংগানাৰ মুখ্য সচিব গৰাকীয়ে ৷ তেলেংগানা চৰকাৰৰ এই সিদ্ধান্ত উলংঘন কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইন, আইপিচি আৰু অন্যান্য আইনৰ অধীনত দোষী সাব্যস্ত কৰা হ’ব ৷

তেলেংগানাৰ মুখ্য সচিব গৰাকীয়ে আৰক্ষী আয়ুক্ত তথা অধীক্ষকসকলক এই নিৰ্দেশনা কঠোৰভাৱে ৰূপায়ণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ৷

লগতে পঢ়ক: COVID ১৯: গোৱাত ১৪৪ ধাৰা আইন জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.