ETV Bharat / bharat

Telangana Formation Day : ৰাজ্যপাল সৌন্দৰৰাজনে নাপালে নিমন্ত্ৰণী পত্ৰ !

author img

By

Published : Jun 2, 2023, 11:16 AM IST

আজি তেলেংগানা প্ৰতিষ্ঠা দিৱস(Telangana Formation Day) ৷ ২ জুনৰ পৰা ২১ দিনীয়া কাৰ্যসূচীৰে তেলেংগানা চৰকাৰে তেলেংগানা প্ৰতিষ্ঠা দিৱসৰ যো জা কৰিছে ৷ কিন্তু তেলেংগানা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীলৈ নিমন্ত্ৰণ নাপালে ৰাজ্যপাল তামিলিছাই সৌন্দৰৰাজনে (Governor Tamilisai Soundararajan) ।

Telangana Formation Day
নিমন্ত্ৰণি পত্ৰ নাপালে ৰাজ্যপালে

নেশ্যনেল ডেস্ক, ২ জুন : আজি তেলেংগানা গঠন দিৱস (Telangana Formation Day) ৷ অতি উলহ-মালহেৰে তেলেংগানা চৰকাৰে ‘‘তেলেংগানা প্ৰতিষ্ঠা দিৱস’’ পালনৰ যো-জা কৰিছে ৷ কিন্তু ইয়াৰ মাজতে তেলেংগানাত ৰাজ্য চৰকাৰ আৰু ৰাজ্যপালৰ মাজত চলি থকা মতবিৰোধিতা পুনৰ চৰ্চালৈ আহিছে । ৰাজভৱনৰ পৰা লাভ কৰা তথ্য অনুসৰি, তেলেংগানা গঠন দিৱসৰ প্ৰাকক্ষণত আয়োজিত অনুষ্ঠানৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ নিমন্ত্ৰণ লাভ কৰা নাই ৰাজ্যপাল তামিলিছাই সৌন্দৰৰাজনে (Governor Tamilisai Soundararajan) ।

তেলেংগানা প্ৰতিষ্ঠা দিৱসৰ এদিন পূৰ্বে অৰ্থাৎ বৃহস্পতিবাৰে ৰাজ্যপাল তামিলিছাই সৌন্দৰৰাজন আৰু মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে ৰাজ্যবাসীক দশম প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে। ইফালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে তেলেংগানাৰ জনসাধাৰণক সম্ভাষণ জনায় ।

তেলেংগানা চৰকাৰে ২ জুনৰ পৰা ২১ দিনীয়া কাৰ্যসূচীৰে এই দিৱসটি উদযাপনৰ বাবে যো-জা কৰিছে ৷ লগতে তেলেংগানা প্ৰতিষ্ঠা দিৱস উপলক্ষে এক প্ৰেছ বিবৃতিযোগে মুখ্যমন্ত্ৰী ৰাৱে ছয় দশকত তেলেংগানাই বিভিন্ন পৰ্যায়ত ৰাজ্যিক স্থান লাভ কৰাৰ আঁৰৰ সংগ্ৰাম, আন্দোলন আৰু ত্যাগক স্মৰণ কৰে (Chief Minister K Chandrasekhar Rao) ৷ ২১ দিনীয়া উদযাপন কৰা তেলেংগানাৰ দশম প্ৰতিষ্ঠা দিৱস মুকলি সভা ২ জুনৰ দিনা ৰাজ্যিক সচিবালয়ত অনুষ্ঠিত কৰা হ’ব ৷ য’ত মুখ্যমন্ত্ৰী ৰাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব ।

উল্লেখ্য যে, ৯ বছৰ পূৰ্বে ২০১৪ চনৰ ২ জুনত তেলেংগানা ভাৰতৰ ২৯ সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হৈছিল ৷ নতুন ৰাজ্য তেলেংগানাই সকলো বাধা অতিক্ৰম কৰি বিৰোধীসকলে ৰচনা কৰা ৰাজনৈতিক ষড়যন্ত্ৰক বিফল কৰি এক শক্তিশালী আৰু বিকাশশীল ৰাজ্য হিচাপে থিয় দি আহিছে ৷

তেলেংগানা চৰকাৰৰ মতে, বছৰ বছৰ ধৰি চলি থকা তেলেংগানা আন্দোলনৰ বাবে এই দিনটোৱে ৰাজ্যখনৰ ইতিহাসত তাৎপৰ্য বহন কৰিছে । বিজ্ঞান, শিল্প আৰু সাহিত্যৰ উল্লেখযোগ্য সাফল্যৰ বাবে তেলেংগানাৰ জনসাধাৰণক সন্মান জনাই ৰাজ্যখনৰ ৩৩ খন জিলাৰ আটাইকেইখনেই এই দিৱসটো অতি মহত্বপূৰ্ণ হিচাবে বিবেচিত হৈ আহিছে ৷

লগতে পঢ়ক : Rahul Gandhi America visit : সাংসদ পদ খাৰিজক লৈ আমেৰিকাত ৰাহুলৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.