ETV Bharat / bharat

প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে বেংগালুৰুলৈ উৰা মাৰিলে তেলেংগনাৰ মুখ্যমন্ত্ৰীয়ে

author img

By

Published : May 26, 2022, 4:30 PM IST

Updated : May 26, 2022, 5:31 PM IST

ক্ষন্তেকীয়া ভ্ৰমণসূচীৰে তেলেংগনাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । কিন্তু প্ৰধানমন্ত্ৰীক আদৰণি জনোৱাৰ পৰিৱৰ্তে আন ৰাজ্যলৈ উৰা মাৰিলে মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাৱে (Telangana CM quits state before PM arrival)। প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰাকক্ষণত এনেদৰে আন ৰাজ্যলৈ মুখ্যমন্ত্ৰীয়ে ভ্ৰমণ কৰাক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া । ৰাজ্যিক বিজেপিৰ তীব্ৰ সমালোচনা ।

Telangana CM
প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে কৰ্ণাটকলৈ উৰা মাৰিলে তেলেংগনাৰ মুখ্যমন্ত্ৰীয়ে

নেশ্যনেল ডেস্ক,২৬ মে' : বৃহস্পতিবাৰে হায়দৰাবাদলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi visits Hyderabad)। কিন্তু প্ৰধানমন্ত্ৰী মোডী চহৰখনত উপস্থিত হোৱাৰ কেইঘণ্টামান পূৰ্বে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাৱে ত্যাগ কৰিলে হায়দৰাবাদ (Telangana CM quits state before PM arrival)। হায়দৰাবাদৰ পৰা বেংগালুৰু অভিমুখে ৰাওনা হ'ল মুখ্যমন্ত্ৰীগৰাকী । প্ৰধানমন্ত্ৰীক অভিবাদন জনোৱাৰ পৰিৱৰ্তে এনেদৰে ৰাজ্য এৰি আন ঠাইলৈ যোৱাক লৈ এতিয়া বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰায় আঢ়ৈ ঘণ্টীয়া কাৰ্যসূচীৰে হায়দৰাবাদলৈ আহিব । হায়দৰাবাদৰ ইণ্ডিয়ান স্কুল অৱ বিজনেছ (ISB)ত ২০ তম বাৰ্ষিক উদযাপনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে । তেওঁৰ আগমনৰ প্ৰাকমুহূৰ্তত বেগমপেট বিমানবন্দৰৰ পৰা বিশেষ বিমানযোগে কৰ্ণাটকৰ ৰাজধানীলৈ ৰাওনা হয় তেলেংগনাৰ মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাও (Telangana CM flew out of Hyderabad to Bangalore)। ইয়াকে লৈ বিভিন্ন মহলত চৰ্চা অব্যাহত আছে ।

বিশেষকৈ তেলেংগনা বিজেপিয়ে মুখ্যমন্ত্ৰীগৰাকীৰ এনে কাৰ্যক তীব্ৰ সমালোচনা কৰিছে । কিয়নো ইয়াৰ পূৰ্বে ৫ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী ৰাজ্যখনলৈ অহাৰ সময়তো প্ৰধানমন্ত্ৰীক আদৰণি জনোৱা নাছিল মুখ্যমন্ত্ৰী ৰাৱে । সেই সময়তো প্ৰধানমন্ত্ৰীক অপমান কৰাৰ অভিযোগ কৰিছিল বিজেপিয়ে ।

ৰাজ্যিক বিজেপিৰ সভাপতি বন্দী সঞ্জয় কুমাৰে অভিযোগ কৰিছে যে মোডীৰ মুখামুখি নহ'বলৈ টিআৰএছৰ মুৰব্বী তথা মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ পৰা পলায়ন কৰিছে ৷ তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰীগৰাকীয়ে ইচ্ছাকৃতভাৱে কৰ্ণাটক ভ্ৰমণৰ পৰিকল্পনা কৰিছিল কিয়নো তেওঁ প্ৰধানমন্ত্ৰীৰ মুখামুখি হ'বলৈ ভয় কৰে । অৱশ্যে টিআৰএছ নেতাসকলে বিজেপিৰ অভিযোগক অস্বীকাৰ কৰিছে । তেওঁলোকে দাবী কৰিছে যে, মুখ্যমন্ত্ৰীৰ বেংগালুৰু ভ্ৰমণ ইতিপূৰ্বেই নিৰ্ধাৰিত কৰা হৈছিল ।

আনহাতে, টিআৰএছৰ ২০ সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰী ৰাৱে ৰাষ্ট্ৰীয় ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ উদ্দেশ্যে এটা ৰাষ্ট্ৰীয় দল গঠন কৰিব বুলিও চৰ্চা চলিছে ।

লগতে পঢ়ক :নতুন দিল্লীত ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীক সাক্ষাৎ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ

Last Updated : May 26, 2022, 5:31 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.