নিউজ ডেস্ক, ৫ অক্টোবৰ : ২০২৪ চনত আগন্তুক লোকসভা নিৰ্বাচন (Lok Sabha election 2024) । এই নিৰ্বাচনত চকু দেশৰ আটাইকেইটা ৰাজনৈতিক দলৰে । এইবাৰ আগন্তুক লোকসভা নিৰ্বাচনক লক্ষ্য কৰি তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ 'মাষ্টাৰ ষ্ট্ৰোক' । তেলেংগানাৰ মুখ্যমন্ত্রী কে চন্দ্রশেখৰ ৰাও চমুকৈ কেচিআৰে এইবাৰ তেওঁ গঠন কৰা ৰাজ্যিক ৰাজনৈতিক দল তেলেংগানা ৰাষ্ট্র সমিতিক (TRS) ‘সর্বভাৰতীয় ৰূপ’ দিবলৈ সক্রিয় হৈছে (Telanagana CM declared National Party) ।
এই উপলক্ষে বুধবাৰে দুপৰীয়া হায়দৰাবাদত দলটোৰ নাম সলনি কৰি ‘ভাৰত ৰাষ্ট্র সমিতি’ কৰাৰ কথা ঘোষণা কৰে তেওঁ । এক কথাত ক'বলৈ গ'লে পঞ্জিকা চাই দিনৰ ১ বাজি ১৯ মিনিটৰ ‘শুভ মুহূর্ত’ত 'তেলেংগানা' গুচাই 'ভাৰত' হিচাবে আত্মপ্রকাশ কৰিলে কেচিআৰৰ নতুন দলটোৱে (KCR announced Bharat Rastra Samiti)।

বুধবাৰে কেচিআৰৰ নতুন দল ঘোষণা অনুষ্ঠানত উপস্থিত থাকে কৰ্ণাটকৰ প্রাক্তন মুখ্যমন্ত্রী তথা জেডি (এছ) নেতা এইচ ডি কুমাৰস্বামী আৰু তামিলনাডুৰ দলিত সংগঠন ভিচিকেৰ নেতা থল তিৰুমালব্যন । তেলেংগানাৰ মুখ্যমন্ত্রীয়ে জনোৱা মতে, আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে বিভিন্ন আঞ্চলিক দলবোৰক একগোট কৰাটোৱে হৈছে তেওঁৰ লক্ষ্য । লগতে ইংগিত দিছে, তেলেংগানাৰ লগতে মহাৰাষ্ট্র, গুজৰাট, কৰ্ণাটকৰ দৰে ৰাজ্যতো নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰে তেওঁৰ দল (TRS become BRS)।
আনহাতে, কেচিআৰে বুধবাৰে কয়, ‘‘নানা বাধা-বিঘিনি অতিক্রম কৰি আমি তেলেংগানাক দেশৰ এক নম্বৰ ৰাজ্যত পৰিণত কৰিছোঁ । এইবাৰ কল্যাণমূলক কাম সমগ্ৰ দেশতে বিয়পাই দিব লাগিব ।’’ উল্লেখ্য, অখণ্ড অন্ধ্রপ্রদেশৰ তেলুগু দেশম চৰকাৰৰ মন্ত্রী কেচিআৰে ২০০১ চনত নতুন দল টিআৰএছ গঢ়িছিল ।
উল্লেখ্য, লোকসভা নিৰ্বাচনৰ পূৰ্বেই অহা বছৰ তেলেংগানাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা । তাত কেচিআৰৰ দল আৰু বিজেপিৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ ইংগিত দিছে বিভিন্ন নিৰ্বাচন পূৰ্বৱৰ্তী সমীক্ষাই । আনহাতে, পূব তেলেংগানাৰ জিলাবোৰত প্ৰতিদ্বন্দ্বিতাত আছে কংগ্রেছো । গতিকে এনে পৰিস্থিতিত নতুন সর্বভাৰতীয় দলৰ ঘোষণা কৰি কেচিআৰে তৃতীয় ফ্রণ্ট পুনৰ গঠনৰ চেষ্টা আৰম্ভ কৰিব পাৰে বুলি ৰাজনৈতিক বিশ্লেষকসকলৰ একাংশৰ মত ।
লগতে পঢ়ক :হিমাচলৰ আন্তৰাষ্ট্ৰীয় দশেৰা উৎসৱত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ