ETV Bharat / bharat

চিবিআইৰ অভিযানক লৈ তেজস্বী যাদৱৰ প্ৰতিক্ৰিয়া

author img

By

Published : Aug 24, 2022, 4:51 PM IST

সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰাৰ প্ৰাকমুহূৰ্তত বিহাৰৰ আৰজেডি মিত্ৰজোঁট চৰকাৰৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বান । আৰজেডিৰ কেইবাগৰাকী নেতাৰ সম্পত্তিত চিবিআইৰ অভিযান চলিছে (CBI raid against RJD leader)। তেজস্বী যাদৱৰ আৰ্বান কিউবছ মলতো অভিযান চলিছে । সমগ্ৰ বিষয়টোক লৈ তেজস্বী যাদৱৰ প্ৰতিক্ৰিয়া ।

CBI Raid
চিবিআইৰ অভিযানক লৈ তেজস্বী যাদৱৰ প্ৰতিক্ৰিয়া

নেশ্যনেল ডেস্ক,২৪ আগষ্ট : বিহাৰত আৰজেডি মিত্ৰজোঁট চৰকাৰৰ আস্থা ভোটৰ (Bihar vote of confidence) পূৰ্বে কেইবাটাও স্থানত চিবিআইৰ অভিযান চলিছে (CBI raid in Bihar)। কেইবাগৰাকী আৰজেডি নেতাৰ সম্পত্তিত চিবিআইয়ে অভিযান চলোৱাৰ লগে লগে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিজেপিক বুঢ়া আঙুলি দেখুৱাই বিহাৰত চৰকাৰ গঠন কৰাৰ লগে লগে আক্ৰোশমূলকভাৱে কেন্দ্ৰীয় চৰকাৰ নেতৃত্বাধীন বিজেপিয়ে এনেদৰে পদক্ষেপ লৈছে বুলিও অভিযোগ কৰিছে বহুতে । ইয়াৰ মাজতে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তথা আৰজেডি নেতা তেজস্বী যাদৱে সমগ্ৰ বিষয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Tejashwi Yadav on CBI raid)।

পাটনাৰ একাধিক স্থানত চিবিআইৰ অভিযানৰ মাজতে তেজস্বী যাদৱে কয় যে বিহাৰত নতুন চৰকাৰ গঠনৰ পিছত ভাৰতীয় জনতা পাৰ্টী ভয় খাইছে । তেওঁ উল্লেখ কৰা মতে সকলো পক্ষ তেওঁলোকৰ লগত আছে ।

উল্লেখ্য যে ভূমিৰ বিনিময়ত নিযুক্তি কেলেংকাৰী সন্দৰ্ভত চিবিআইৰ অভিযান চলিছে (Bihar)। এই অভিযান সন্দৰ্ভত মুখ্যমন্ত্ৰী নীতিশ কুমাৰ চৰকাৰৰ সংসদীয় পৰিষদৰ সভাপতি উপেন্দ্ৰ কুশৱাহাই কয় যে অভিযানৰ সময়ে স্পষ্ট ইংগিত দিয়ে যে তদন্তকাৰী সংস্থাসমূহে বিজেপিক সহায় কৰিবলৈ চেষ্টা কৰি আছে । চিবিআইয়ে আৰজেডি নেতা আৰু বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ মালিকানাধীন হাৰিয়ানাৰ গুৰুগ্ৰামৰ আৰ্বান কিউবছ মলতো অভিযান চলাই আছে (Tejashwi Yadav Urban Cube Mall)। ৰাজ্যসভাৰ সাংসদ আশফাক কৰিম, ফৈয়াজ আহমেদ আৰু প্ৰাক্তন এমএলচি সুবোধ ৰায়ৰ উপৰিও দলৰ এমএলচি সুনীল সিঙৰ বাসগৃহত চিবিআইৰ অভিযান চলিছে ।

ইতিমধ্যে শাসকীয় মিত্ৰজোঁটৰ দলসমূহৰ বিভিন্ন নেতাই চিবিআইৰ অভিযানক তীব্ৰ গৰিহণা দিছে । কেন্দ্ৰীয় চৰকাৰৰ দমনমূলক ৰাজনীতিক লৈ প্ৰশ্নও উত্থাপন কৰিছে । ইফালে বিহাৰৰ বৰ্তমানৰ বিৰোধী বিজেপিয়ে এই অভিযানক প্ৰশংসা কৰিছে । তেওঁলোকৰ মতে পূৰ্বৰ সহযোগী নীতিশ কুমাৰে কেৱল তেওঁলোকৰ ফালে পিঠি দিয়াই নহয়, আৰজেডি আৰু কংগ্ৰেছৰ দৰে দুৰ্নীতিগ্ৰস্ত দলৰ সৈতে মিত্ৰতা কৰিছে ।

লগতে পঢ়ক:বিধায়কৰ আপত্তিজনক মন্তব্যৰ পিছত হায়দৰাবাদত অব্যাহত চেপা উত্তেজনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.