ETV Bharat / bharat

টি-ছিৰিজৰ পৰিচালন সঞ্চালক ভূষণ কুমাৰৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু - ডি এন নগৰ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে

প্ৰয়াত গুলছন কুমাৰ(Gulshan Kumar)ৰ পুত্ৰ তথা টি-ছিৰিজ(T-Series company)ৰ পৰিচালন সঞ্চালক ভূষণ কুমাৰ(Bhushan Kumar)ৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী মহিলাই । চাকৰিৰ প্ৰলোভন দি ভূষণ কুমাৰে শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ তুলিছে মহিলাগৰাকীয়ে । এই মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিতে ডি এন নগৰ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে ।

T Series company’s managing director Bhushan Kumar booked for rape
টি-ছিৰিজৰ পৰিচালন সঞ্চালক ভূষণ কুমাৰৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু
author img

By

Published : Jul 17, 2021, 7:06 AM IST

নেশ্যনেল ডেস্ক, ১৬ জুলাই : ধৰ্ষণ কাণ্ডৰে নাম সাঙোৰ খাইছে প্ৰয়াত গুলছন কুমাৰ(Gulshan Kumar)ৰ পুত্ৰ তথা টি-ছিৰিজ(T-Series company)ৰ পৰিচালন সঞ্চালক ভূষণ কুমাৰ(Bhushan Kumar)ৰ । শুকুৰবাৰে এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে, এগৰাকী মহিলাই ভূষণ কুমাৰৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে । মহিলাগৰাকীয়ে পশ্চিম আন্ধেৰীৰ ডি এন নগৰ আৰক্ষী চকীত অভিযোগ দাখিল কৰে । তেওঁৰ অভিযোগৰ ভিত্তিতে শুকুৰবাৰে আৰক্ষীয়ে প্ৰযোজকগৰাকীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে ।

৩০ বছৰীয়া মহিলাগৰাকীৰ অভিযোগ অনুসৰি ভূষণ কুমাৰে নিজৰ কোম্পানীৰ কিছুমান প্ৰকল্পত চাকৰিৰ প্ৰলোভন দি ভূষণ কুমাৰে শাৰীৰিক নিৰ্যাতন চলাইছিল । আৰক্ষীয়ে জনোৱা মতে, মহিলাগৰাকীয়ে অভিযোগ তুলিছে যে, ভূষণ কুমাৰে তেওঁক প্ৰতাৰণা কৰিছে । সেয়ে, তেওঁ আৰক্ষীৰ কাষ চাপিছে । ভাৰতীয় দণ্ডবিধিৰ ৩৭৬(ধৰ্ষণ)নং, ৪২০(প্ৰৱঞ্চনা) নং আৰু ৫০৬ (অপৰাধমূলক ভাবুকি)নং ধাৰাৰ অধীনত ভূষণ কুমাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিছে ।

উল্লেখ্য যে, ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা মহিলাগৰাকী আন্ধেৰীৰ বাসিন্দা । তেওঁ পেছাত এগৰাকী মডেল আৰু তেওঁ ২০১৭ চনতে ভূষণ কুমাৰক লগ পাইছিল ।

২০১৭ চনৰ পৰা ২০২০ চনলৈকে চাকৰিৰ ভুৱা প্ৰতিশ্ৰুতি ভূষণ কুমাৰে শাৰীৰিক নিৰ্যাতন চলাই আহিছে বুলি মহিলাগৰাকীয়ে অভিযোগ তুলিছে । টি-ছিৰিজ হৈছে গুলচন কুমাৰে প্ৰতিষ্ঠা কৰা এটা সংগীত বাণীবদ্ধ কৰা প্ৰতিষ্ঠান আৰু ছবি প্ৰযোজনা প্ৰতিষ্ঠান । কেছেট ৰজা হিচাপে জনাজাত গুলচন কুমাৰক ১৯৯৭ চনত আন্ধেৰীত গুলীয়াই হত্যা কৰা হৈছিল ।

লগতে পঢ়ক:জম্মু–কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত দুই সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.