ETV Bharat / bharat

Airport Workers Honesty : সততাৰ পৰিচয় দি বিমানবন্দৰৰ কৰ্মচাৰীয়ে ৪৫ লাখ টকাৰ সোণ হস্তান্তৰ শুল্ক বিষয়াক - flight to Abu Dhabi

এতিয়াও যে সততা অক্ষুণ্ণ আছে তাৰে প্ৰমাণ কৰি আহমেদাবাদৰ এজন চাফাই কৰ্মচাৰীয়ে বিমানবন্দৰৰ প্ৰসাধন কক্ষত পোৱা 800 গ্ৰাম ওজনৰ সোণৰ ব্ৰেচলেট এডাল শুল্ক বিষয়াক হস্তান্তৰ কৰে (SVPIA housekeeper handed over gold to customs officials) ।

SVPIA
SVPIA
author img

By

Published : Jan 2, 2023, 8:58 PM IST

নিউজ ডেস্ক, ২ জানুৱাৰী : বৰ্তমান সময়ত সততে উচ্চাৰিত হয় সততা আৰু বিশ্বাসৰ অৱক্ষয়ৰ কথা । কিন্তু এতিয়াও যে মানুহৰ মাজত সততা আৰু বিশ্বাসযোগ্যতা অটুট আছে তাৰেই এক শেহতীয়া নিদৰ্শন পোহৰলৈ আহিছে । সততা আৰু বিশ্বাসক প্ৰকাশ কৰা এই কাহিনীটো হৈছে আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় (Sardar Vallabhbhai Patel International Airport, SVPIA) বিমানবন্দৰৰ ।

SVPIA-ৰ এজন গৃহ পৰিচাৰক কৰ্মচাৰীয়ে প্ৰায় 45 লাখ টকা মূল্যৰ প্ৰায় 800 গ্ৰাম ওজনৰ সোণ শুল্ক বিষয়াসকলক প্ৰদান কৰে । উল্লিখিত মূল্যৰ সোণৰ ব্ৰেচলেট এডাল কৰ্মচাৰীগৰাকীয়ে পাইছিল বিমানবন্দৰটোৰ প্ৰসাধন কক্ষত । পিছত তেওঁ উক্ত সোণৰ প্ৰতি কোনো ধৰণৰ লোভ নেদেখুৱাই সেইডাল বিমানবন্দৰৰ শুল্ক বিষয়াৰ হাতত অৰ্পণ কৰে (Airport worker handed over gold to customs officials) ।

ঘটনাটো দেওবাৰে SVPI বিমানবন্দৰৰ আন্তঃৰাষ্ট্ৰীয় টাৰ্মিনেলত সংঘটিত হৈছিল । বিমানবন্দৰটোত হাউছকিপিং ছুপাৰভাইজাৰ হিচাপে কাম কৰা হৰবিন্দৰ নাৰুকাই শৌচালয়বোৰ সঠিকভাৱে পৰিষ্কাৰ কৰা হৈছেনে নাই পৰীক্ষা কৰি আছিল । সেই সময়তে তেওঁ লক্ষ্য কৰে যে ফ্লাশ্ব টেংকৰ ঢাকনিখন খোলা অৱস্থাত আছিল । সেইটো তেওঁ পৰীক্ষা কৰাৰ লগে লগে তাত তেওঁ দুটা প্লাষ্টিকৰ মোনা লাভ কৰে । তাতেই দুডাল সোণৰ ব্ৰেচলেট আছিল । যাৰ ওজন পিছত 400 গ্ৰাম বুলি জানিব পৰা যায় ।

হৰবিন্দৰ নাৰুকাৰ মতে, আবু ধাবিলৈ যোৱা বিমানখন (flight to Abu Dhabi) শৌচাগাৰ পৰীক্ষা কৰাৰ আগতে উপস্থিত হৈছিল আৰু সন্দেহ কৰা হৈছে যে কোনো যাত্ৰীয়ে সোণখিনি তাত ৰাখিছিল । অৱশ্যে উক্ত সোণ কোনে আনিছিল আৰু কোনে ইয়াক শৌচাগাৰত ৰাখিছিল সেই বিষয়ে কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই । ইফালে তেওঁৰ সততাৰ প্ৰশংসা কৰি বিমানবন্দৰ পৰিচালনা কৰ্তৃপক্ষই হৰবিন্দৰক তেওঁৰ কামৰ বাবে সন্মানৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে (certificate of honour) ।

লগতে পঢ়ক :Another explosion in Rajouri: ৰাজৌৰীত পুনৰ বিস্ফোৰণ হৈ এজনৰ মৃত্যু, 5 জন আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.