ETV Bharat / bharat

৩ ৰাজ্যত মুখ্যমন্ত্ৰীৰ বাছনিক লৈ দোমোজাত বিজেপি - Rajasthan Politics

ৰাজস্থান, ছত্তীশগড় আৰু মধ্যপ্ৰদেশত এতিয়াও মুখ্যমন্ত্ৰী বাছনি কৰা হোৱা নাই । ফলাফলৰ পঞ্চম দিনাও বিজেপিয়ে পৰ্যবেক্ষক নিযুক্তি দিয়া নাই । ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেয়ে দিল্লীত বাহৰ পাতিছে ।

Rajasthan assembly elections
৩ ৰাজ্যত মুখ্যমন্ত্ৰীৰ বাছনিক লৈ দোমোজাত বিজেপি
author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 10:19 AM IST

নেশ্যনেল ডেস্ক,৮ ডিচেম্বৰ : ৰাজস্থান বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ৫ দিন অতিক্ৰম কৰিলে । কিন্তু নিৰ্বাচনত জয়ী বিজেপিয়ে এতিয়ালৈ মুখ্যমন্ত্ৰী কোন হ'ব সেয়া নিশ্চিত কৰা পৰা নাই । কেৱল এয়াই নহয়, দলটোৱে এতিয়ালৈ বিধায়িনী দলৰ বৈঠকৰ বাবে পৰ্যবেক্ষকো নিযুক্ত কৰা নাই । ইফালে, দিল্লী ভ্ৰমণৰ সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেই দলটোৰ শীৰ্ষ নেতাসকলক সাক্ষাৎ কৰিছে । বৃহস্পতিবাৰে নিশা ৰাজেই দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰে । আনহাতে সংসদীয় ব'ৰ্ডৰ বৈঠকৰ পাছত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা নিশা এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । ইফালে শুকুৰবাৰে ৩ খন ৰাজ্যত বিধায়িনী দলৰ বৈঠকৰ বাবে পৰ্যবেক্ষক নিযুক্ত কৰাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে ৰাজস্থানকে ধৰি ৩ খন ৰাজ্যত বৃহৎ সংখ্যাগৰিষ্ঠতাৰে বিজেপিয়ে নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হয় । কিন্তু এতিয়া মুখ্যমন্ত্ৰীৰ নামক লৈ দলটোৰ সন্মুখত বৃহৎ প্ৰশ্ন উত্থাপিত হৈছে । এতিয়ালৈ বিজেপিয়ে ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা নাই । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই দলটোত যাতে কোনো আভ্যন্তৰীণ বিদ্ৰোহ নহয় তাৰ বাবে নিৰন্তৰ সাক্ষাৎ কৰি আহিছে । বৃহস্পতিবাৰে সংসদীয় পৰিষদৰ বৈঠক অনুষ্ঠিত হয় কিন্তু তাতো কোনো সিদ্ধান্ত ল'ব পৰা নগ'ল ।

ইফালে পৰ্যবেক্ষক নিযুক্তি দিয়াৰ পাছত তেওঁলোকে অহা দুদিনৰ ভিতৰত ৰাজ্যসমূহলৈ যাব আৰু বিধায়িনী দলৰ বৈঠকৰ আহ্বান কৰিব আৰু তাৰ পাছত মুখ্যমন্ত্ৰীৰ নাম সন্দৰ্ভত দলৰ নেতৃত্বক প্ৰতিবেদন প্ৰদান কৰা হ'ব ।

একে সময়তে ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেও দুদিন ধৰি দিল্লীত শিবিৰ পাতি আছে । এই সময়ছোৱাত, ৰাজেৰ সৈতে তেওঁৰ পুত্ৰ আৰু সাংসদ দুষ্মন্ত সিঙো উপস্থিত থাকে । সূত্ৰৰ মতে ৰাজেৰ ৰিজৰ্টত চলি থকা ৰাজনৈতিক আলোচনা আৰু বিধায়কসকলৰ নৈশ ভোজৰ ওপৰতো বৈঠকত আলোচনা হৈছে । ৰাজেয়ে নাড্ডাক কৈছে যে ৰিজৰ্টৰ এই আলোচনা বা নৈশ ভোজৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই । বিধায়কসকলক সাক্ষাৎ কৰাৰ আঁৰত শক্তি প্ৰদৰ্শনৰ উদ্দেশ্য নাছিল বুলিও তেওঁ নিশ্চিত কৰিছে । ৰাজেয়ে নাড্ডাক আশ্বাস দিছে যে তেওঁ দলৰ এগৰাকী শৃংখলাবদ্ধ কৰ্মী আৰু কেতিয়াও দলৰ আইনৰ বিৰুদ্ধে কাম নকৰে ।

লগতে পঢ়ক :কোন হ’ব তিনি ৰাজ্যত বিজেপিৰ নতুন মুখ্যমন্ত্ৰী ? জল্পনা-কল্পনা অব্যাহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.