নেচনেল ডেস্ক, 7 মে’: সন্দেহযুক্ত উগ্ৰপন্থীয়ে শনিবাৰে শ্ৰীনগৰৰ আলি জান পথৰ কাষত অফ ডিউটিত থকা এগৰাকী জোৱানৰ ওপৰত গুলীচালনা কৰে (Off duty policeman fired at in Srinagar ) ৷ এই আক্ৰমণত তেওঁ গুৰুতৰভাৱে আহত হয় । এই সন্দৰ্ভত এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিছে যে, আহত আৰক্ষী বাহিনীৰ লোকজন আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষৰ হেল্পলাইন ১১২ ত চালক হিচাপে কাম কৰা গোলাম হাছান ৷
শনিবাৰে, পুৱাতেই আলি জান ৰোডৰ আইৱা দলঙৰ ওচৰত তেওঁলৈ লক্ষ্য কৰি গুলীচালনা কৰা হৈছিল (Cop shot at in Srinagar) ৷ এই আক্ৰমণৰ সময়ত গোলাম হাছানে এখন মটৰচাইকেলত যাত্ৰা কৰি আছিল । আঘাতপ্ৰাপ্ত আৰক্ষী জোৱানজনক সংকটজনক অৱস্থাত ততাতৈয়াকৈ এছকেআইএমএছ সৌৰা হাস্পতাললৈ চিকিৎসা প্ৰদানৰ বাবে লৈ যোৱা হয় ।
ইফালে, উগ্ৰপন্থীৰ দলটোৰ সন্ধানত সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি চলাইছে অভিযান । উল্লেখ্য যে, এই ঘটনাই এতিয়া সমগ্ৰ শ্ৰীনগৰতে চাঞ্চল্যৰ সৃষ্টি কৰিছে (Srinagar latest news ) ৷
লগতে পঢ়ক : ৰঙাঘৰৰ আলহী ৩ আইএএছ বিষয়া