নেশ্যনেল ডেস্ক, ১ অক্টোবৰ : জম্মু-কাশ্মীৰ অঞ্চলত অব্যাহত আছে আৰক্ষী আৰু সেনাৰ এনকাউণ্টাৰ (encounter)। বিভিন্ন স্থানত সন্ত্ৰাসবাদীয়ে (militant) আত্মগোপন কৰাৰ খবৰ লাভ কৰাৰ পাছতে সেনা আৰু আৰক্ষীয়ে চলাইছে অভিযান । তেনে এক অভিযানৰ মাজতে শ্বপিয়ান জিলাৰ ৰাখামা অঞ্চলত অভিযানকাৰী দল আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় ।
এই সংঘৰ্ষত এটা সন্দেহজনক সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে । উল্লেখ্য যে, সন্ত্ৰাসবাদীৰ আত্মগোপন খবৰ লাভ কৰাৰ পাছতে সেনাৰ ৩৪ বেটেলিয়ান আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে ৰাখমাৰ কাপ্ৰান অঞ্চল ঘেৰাও কৰিছিল । কিন্তু নিৰাপত্তা বাহিনীক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰাৰ লগে লগে নিৰাপত্তা বাহিনীয়েও এনকাউণ্টাৰ আৰম্ভ কৰে ।
জানিব পৰা মতে অঞ্চলটোত সেনা-আৰক্ষীৰ অভিযান অব্যাহত আছে ।
লগতে পঢ়ক:চাৰ্জিকেল ষ্ট্ৰাইকৰ 5 বছৰ অতিক্ৰম...