ETV Bharat / bharat

NIAৰ জালত সন্দেহযুক্ত ISIS সন্ত্ৰাসবাদী

author img

By

Published : Nov 18, 2021, 1:09 PM IST

বেংগালুৰুত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা(National Investigative Agency)ই গ্ৰেপ্তাৰ কৰিলে এজন সন্দেহযুক্ত ISIS সন্ত্ৰাসবাদী । ধৃত সন্ত্ৰাসবাদীটো জোহেইব মান্না(Zohaib Manna) বুলি জানিব পৰা গৈছে । ২০২০ চনৰ পৰাই ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ চোৰাংচোৱাই জোহেইবক বিচাৰি আছিল । অৱশেষত বুধবাৰে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ জালত পৰে জোহেইব ।

Suspected ISIS terrorist held in Bengaluru by NIA
সন্দেহযুক্ত ISIS সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক, ১৮ নৱেম্বৰ : অৱশেষত বুধবাৰে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা(National Investigative Agency)ৰ জালত পৰিল সন্দেহযুক্ত ISIS সন্ত্ৰাসবাদী জোহেইব মান্না(Zohaib Manna) । বেংগালুৰু(Bengaluru)ত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই গ্ৰেপ্তাৰ কৰে জোহেইবক । ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, আইএছআইএছ(ISIS) আৰু আইএছআইএল(ISIL)ৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল সন্ত্ৰাসবাদীটোৱে । ২০২০ চনৰ পৰাই ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ চোৰাংচোৱাই জোহেইবৰ সন্ধান উলিয়াবলৈ চেষ্টা চলাই আছিল ।

সূত্ৰটোৰ মতে, জোহেইবে সহজ-সৰল যুৱকক সন্ত্ৰাসবাদৰ পথত ভৰি দিবলৈ উচতনি দি আহিছিল আৰু তেওঁলোকক আইএছআইএছ(ISIS)ত নিযুক্ত কৰিছিল । জোহেইবে 'কোৰাণ চাৰ্কোল'(Quoran Circle) নামৰ এটা গোট গঠন কৰিছিল আৰু যুৱকসকলক অস্ত্ৰ হাতত তুলি ল'বলৈ প্ৰৰোচিত কৰিছিল । সহজ-সৰল যুৱকসকলৰ মনত সন্ত্ৰাসবাদৰ বিষবাষ্প বিয়পাবলৈ তেওঁ চিৰিয়াৰ হিংসাত্মক ফটো আৰু ভিডিঅ' দেখুৱাইছিল । তেওঁ ভাৰতৰ বহু যুৱকক তুৰ্কী হৈ চিৰিয়ালৈ পঠিয়াইছিল ।

ইফালে, ISIS ৰ বাবে পুঁজি সংগ্ৰহ কৰাৰ অভিযোগত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই বেংগালুৰুত চাউল ব্যৱসায়ী ইৰফান নাছিৰ, তামিলনাডুৰ বেংক কৰ্মচাৰী আহমেদ আব্দুল খাদেৰ আৰু চিকিৎসক মহম্মদ টুকীৰ মেহবুবক গ্ৰেপ্তাৰ কৰিছে ।

আটাইকেইজন অভিযুক্ত এই সন্ত্ৰাসবাদী গোটটোৰ সৈতে জড়িত হৈ আছে । তদন্তত পোহৰলৈ আহিছে যে, ভাৰতত দেশ বিৰোধী কাৰ্যকলাপৰ বাবে অভিযুক্তকেইজনক পুঁজি যোগান ধৰা হৈছিল । চিৰিয়াৰ ISIS সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্ক আছিল আটাইকেইজনৰ । ধৰ্মীয় আলোচনাৰ অচিলাৰে বেংগালুৰুৰ যুৱক, শিক্ষাৰ্থী আৰু আন বহু লোকক সন্ত্ৰাসবাদৰ সৈতে জড়িত হ'বলৈ উচতনি দিছিল ।

তেওঁলোকে ভাৰতৰ পৰা চিৰিয়ালৈ যুৱকৰ প্ৰায় সাতটা দল প্ৰেৰণ কৰিছে । উল্লেখ্য যে, বুধবাৰে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ জালত পৰা জোহেইবে বেংগালুৰু চহৰৰ উপকণ্ঠ অঞ্চলত আশ্ৰয় লৈ আছিল । তেওঁ চৌদি আৰৱত থকা শীৰ্ষ নেতৃত্বৰ নিৰ্দেশনা অনুসৰি কাম কৰিছিল । ভাৰতত ISIS সন্ত্ৰাসবাদী সংগঠনৰ ভেটি শক্তিশালী কৰি তোলাৰ পৰিকল্পনা কৰিছে সন্ত্ৰাসবাদী সংগঠনটোৱে ।

লগতে পঢ়ক : বৰপেটাত ৯ জুৱাৰীসহ লক্ষাধিক টকা জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.