ETV Bharat / bharat

Dangri killings: ১৪ ঘণ্টাত দুটাকৈ কূটাঘাটমূলক ঘটনাৰ পাছত ৰাজৌৰীত আজি দিনটোৰ ঘটনাক্ৰমৰ সবিশেষ

author img

By

Published : Jan 2, 2023, 10:54 PM IST

জম্মুৰ ৰাজৌৰী জিলাৰ ডাংগ্ৰী গাঁৱত সংঘটিত দুটাকৈ আক্ৰমণৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ মাত্ৰ ১৪ ঘণ্টাত দুটাকৈ কূটাঘাটমূলক ঘটনা সংঘটিত হোৱাৰ পাছতেই জিলাখনত সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতিৰ ৷ ৰাজৌৰী জিলা বন্ধ ৰখাৰ পাছতো আক্ৰমণত নিহত লোকৰ মৃতদেহ লৈ ৰাজপথত প্ৰতিবাদ স্থানীয় লোকৰ (Terror attack in Jammu Kashmir) ৷

Dangri killings
ৰাজৌৰীত আজি দিনটোৰ ক‘ত কি ঘটিল

নিউজ ডেস্ক, ২ জানুৱাৰী: জম্মুৰ ডাংগ্ৰী গাঁৱত মাত্ৰ ১৪ ঘণ্টাত সংঘটিত দুটাকৈ আক্ৰমণৰ ঘটনাই ৰাজ্যখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে (Terror attack in Jammu Kashmir) ৷ মাত্ৰ এদিন পূৰ্বে অঞ্চলটোত সন্ত্ৰাসবাদী আক্ৰমণত নিহত এজন লোকৰ ঘৰৰ ওচৰত সোমবাৰে সংঘটিত হয় আই ই ডি বিস্ফোৰণ ৷ এই বিস্ফোৰণত এটি ৪ বছৰীয়া শিশু আৰু এগৰাকী মহিলা নিহত হোৱাৰ লগতে তিনিটি শিশুকে ধৰি সাতজন লোক আহত হয় । ইয়াৰ লগতে ডাংগ্ৰী গাঁৱত সন্ত্ৰাসবাদী আক্ৰমণত নিহত লোকৰ সংখ্যা ছয়গৰাকীলৈ বৃদ্ধি পাইছে (Explosion after civilian killings in Dangri) ৷ ৰাজ্যখনৰ কেইবাগৰাকী নেতাই এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে । এই আক্ৰমণৰ শেহতীয়া তথ্যসমূহ এনেধৰণৰ:

1. ৰাজৌৰীত দেওবাৰে চাৰিগৰাকী নাগৰিক নিহত হোৱাৰ ঠিক এদিন পিছতে অৰ্থাৎ সোমবাৰে আইইডি বিস্ফোৰণত দুজন লোক নিহত হয় ৷ এই ঘটনাত গুৰুতৰভাৱে আহত হয় আন 9 জন লোক । সন্ত্ৰাসবাদীয়ে পূৰ্বে আক্ৰমণৰ ঘটনা সংঘটিত কৰা স্থানত এজন ভুক্তভোগী ঘৰৰ ওচৰত এই আক্ৰমণৰ ঘটনা সংঘটিত কৰে(Dangri killings ) ৷ আজিৰ বিস্ফোৰণত বিহান কুমাৰ নামৰ এটি চাৰি বছৰীয়া শিশু আৰু এগৰাকী ৪০ বছৰীয়া মহিলা নিহত হয় ।

2. প্ৰত্যক্ষদৰ্শীয়ে সদৰী কৰা অনুসৰি পুৱা প্ৰায় ৯.৩০ বজাত বিস্ফোৰণটো সংঘটিত হৈছিল (Dangri explosion) ৷ এই বিস্ফোৰণস্থলীত দেওবাৰে আক্ৰমণৰ ভুক্তভোগীৰ আত্মীয়সহ কেইবাজনো লোক আছিল । তেওঁলোক ক্ৰমে চানবী শৰ্মা (৪), কনয়া শৰ্মা (১৪), ভাংশু শৰ্মা (১৫), সমীক্ষা দেৱী (২০), শাৰদা দেৱী (৩৮), কমলেশ দেৱী (৫৫) আৰু সমীক্ষা শৰ্মা ৷ সম্প্ৰতি তেওঁলোক স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

3. ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ নিয়াৰ (National Investigation Agency) এটা দলে প্ৰাৰম্ভিক তদন্ত কৰিবলৈ ডাংগ্ৰীত উপস্থিত হৈছে ৷ জম্মুৰ এডিজিপি মুকেশ সিঙে জানিবলৈ দিয়া অনুসৰি সম্প্ৰতি সমগ্ৰ অঞ্চলটোত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ৷ আৰক্ষী, সেনা আৰু চিআৰপিএফৰ বিষয়াসকলে দুয়োটা আক্ৰমণৰ লগত জড়িত লোকসকলক বিচাৰি বৃহৎ তালাচী অভিযান আৰম্ভ কৰিছে । এই অভিযান অধিক তীব্ৰতৰ কৰিবলৈ নিৰাপত্তাৰক্ষীৰ সংখ্যা বৃদ্ধি কৰা হৈছে ।

4. দেওবাৰৰ আক্ৰমণৰ অভিযুক্ত সন্ত্ৰাসবাদী দুটাই ইজনে সিজনৰ পৰা প্ৰায় ৫০ মিটাৰ দূৰত্বত অৱস্থান কৰি তিনিটা ঘৰলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল ৷ এই ঘটনাত চাৰিজন লোক নিহত হয় আৰু ছয়জন গুৰুতৰভাৱে আহত হয় । শান্তিপূৰ্ণ জম্মু অঞ্চলত বিগত কেইবাবছৰৰ পাছত সংঘটিত এইটো প্ৰথম আক্ৰমণৰ ঘটনা ৷ নতুন বছৰৰ প্ৰথম দিনাই সংঘটিত হৈছিল এই আক্ৰমণৰ ঘটনা ৷

5. প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি, সন্ত্ৰাসবাদীকেইটাই সন্ধিয়া প্ৰায় ৭ বজাত গাঁওখনত উপস্থিত হৈছিল আৰু প্ৰায় ১০ মিনিট সময় নিৰ্বিচাৰ গুলীচালনা কৰিছিল । সন্ত্ৰাসবাদী দুটাই ইয়াৰ পাছত ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল । এই গুলি চালনাত মুঠ ১০ জন লোক আহত হৈছিল । ইয়াৰে তিনিজনক চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাৰ পাছত মৃত ঘোষণা কৰা হয় ৷ আনহাতে এজন চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷ নিহতসকলক সতীশ কুমাৰ (৪৫), দীপক কুমাৰ (২৩), প্ৰীতম লাল (৫৭) আৰু শিশু পাল (৩২) বুলি চিনাক্ত কৰা হৈছে ।

6. এই দুয়োটা আক্ৰমণৰ ঘটনা মাত্ৰ ১৪ ঘণ্টাৰ ভিতৰত সংঘটিত হৈছিল ৷ ৰাজৌৰীত সম্পূৰ্ণ বন্ধ ৰখাৰ পাছতো ক্ষুদ্ধ স্থানীয় লোকসকল ওলাই আহি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে ৷ তেওঁলোকে আক্ৰমণত নিহতসকলৰ মৃতদেহ লৈ ডাংগ্ৰী চকত একত্ৰিত হৈছিল আৰু পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে ৷ তেওঁলোকে ৰাজ্যপাল লেফটেনেণ্ট মনোজ সিনহাক প্ৰতিবাদস্থলীলৈ আহিবলৈ দাবী জনায় । আনহাতে জিলাখনৰ আইন-শৃংখলা বজাই ৰখাৰ স্বাৰ্থত প্ৰশাসনৰ তৰফৰ পৰা সংবেদনশীল এলেকাসমূহত অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে ৷

  • I strongly condemn the cowardly terror attack in Rajouri. I assure the people that those behind this despicable attack will not go unpunished. My thoughts and prayers are with the bereaved families.

    — Office of LG J&K (@OfficeOfLGJandK) January 2, 2023
" class="align-text-top noRightClick twitterSection" data=" ">

7. ৰাজ্যপাল লেফটেনেণ্ট মনোজ সিনহাই ঘটনাত নিহত লোকসকলৰ নিকটাত্মীয়লৈ ১০ লাখ টকাৰ অনুদান আৰু পৰিয়ালৰ এজন লোকক চৰকাৰী চাকৰি নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে । তেওঁ টুইটযোগে এই আক্ৰমণৰ লগত জড়িতসকলক উচিত শাস্তি প্ৰদানৰ কথা উল্লেখ কৰে । ইয়াৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষত আহতসকলক প্ৰয়োজনীয় চিকিৎসা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে ৷

8. আনহাতে ডাংগ্ৰী গাঁৱৰ গাঁওবুঢ়া দীপক কুমাৰে আৰক্ষী আৰু নিৰাপত্তা সংস্থাৰ ত্ৰুটিৰ বাবেই এই বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ দাবী কৰিছিল ৷ তেওঁ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে সুৰক্ষিত অনুভৱ নকৰাৰ কথা ব্যক্ত কৰি প্ৰশাসনে কঠোৰ ব্যৱস্থা লোৱাৰ বাবে আহ্বান জনায় ৷ আনহাতে জম্মুৰ আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙে শেহতীয়াকৈ জম্মু-কাশ্মীৰত চৰকাৰী বাহিনীৰ 'সক্ৰিয় দৃষ্টিভংগীৰ' বাবে উগ্ৰবাদ হ্ৰাস পাইছে বুলি কৰা মন্তব্যৰ বিৰুদ্ধে সোঁচ্চাৰ হৈ পৰে প্ৰতিবাদকাৰী স্থানীয় লোকসকল ৷

9. আনহাতে আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙে আজি ৰাজৌৰী আক্ৰমণত নিহতসকলৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰে ৷ তেওঁ লগতে এই আক্ৰমণৰ লগত জড়িতসকলক যিমান সম্ভৱ সোনকালে আটক কৰি কঠোৰতম শাস্তি বিহাৰ আশ্বাস দিয়ে(Dilbagh Singh assured to arrest the killers soon) । তেওঁ এই ঘটনাক গৰিহণা দি তেওঁ ইয়াক 'মানৱতাৰ হত্যা' বুলি অভিহিত কৰি ইয়াৰ লগত জড়িতসকলক কেতিয়াও ক্ষমা নকৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷

  • An ex-gratia of Rs. 10 lakh and a Govt job would be given to the next of kin of each of those civilians martyred in dastardly attack. Seriously injured would be given Rs.1 lakh. Officials have been directed to ensure best treatment to injured.

    — Office of LG J&K (@OfficeOfLGJandK) January 2, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

10. কাশ্মীৰৰ কেইবাজনো ৰাজনৈতিক নেতাই এই হত্যাকাণ্ডক গৰিহণা দিয়ে ৷ তেওঁলোকে লগতে অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ চাৰি বছৰ ৰখাৰ পিছতো সন্ত্ৰাসবাদ আঁতৰ কৰাত ব্যৰ্থ হোৱাৰ বাবে লেফটেনেণ্ট মনোজ সিনহা নেতৃত্বাধীন প্ৰশাসনক সমালোচনা কৰে । জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লা, নেচনেল কনফাৰেন্সৰ উপ-সভাপতি ওমৰ আব্দুল্লা, পিডিপিৰ সভাপতি মেহবুবা মুফতি, পিপলছ কনফাৰেন্সৰ নেতা চাজাদ লোন আৰু আলতাফ বুখাৰী নেতৃত্বাধীন আপনি পাৰ্টিৰ কেইবাজনো নেতাই টুইটযোগে চৰকাৰক সমালোচনা কৰাৰ লগতে এই হত্যাকাণ্ডক নিন্দা কৰে ৷

লগতে পঢ়ক: Rajouri militant attack: ৰাজৌৰী বিস্ফোৰণত জড়িত দুৰ্বৃত্তক শীঘ্ৰেই গ্ৰেপ্তাৰৰ আশ্বাস DGP দিলবাগ সিঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.