নেশ্যনেল ডেস্ক,১১ আগষ্ট : মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী নৱাব মালিকক অৱশেষত উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰিলে । ধন আত্মসাৎ গোচৰত কাৰাগাৰত বন্দী হৈ থকা প্ৰাক্তন মন্ত্ৰীগৰাকীক চিকিৎসাৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰে । ইডিয়ে চিকিৎসাৰ ভিত্তিত জামিন মঞ্জুৰ কৰাত আপত্তি কৰা নাছিল । ২০২২ চনৰ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ হোৱাৰ পাছৰে পৰা মালিক কাৰাগাৰত আছিল ।
নৱাব মালিকে বোম্বাই উচ্চ ন্যায়ালয়ত কেইবাবাৰো জামিন আবেদন দাখিল কৰিছিল । কিন্তু মালিকৰ জামিনৰ আবেদন বোম্বাই সত্ৰ আদালতৰ এখন বিশেষ আদালতে নাকচ কৰিছিল । মালিকে বোম্বাই উচ্চ ন্যায়ালয়ত এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাইছিল । কিন্তু তাৰ পাছতো বোম্বাই উচ্চ ন্যায়ালয়ে মালিকৰ জামিন অস্বীকাৰ কৰিছিল । অৱশ্যে, সম্প্ৰতি উচ্চতম ন্যায়ালয়ে নৱাব মালিকক জামিন প্ৰদান কৰে ।
উল্লেখ্য যে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী নৱাব মালিকৰ বিৰুদ্ধে কুখ্যাত সন্ত্ৰাসবাদী, আণ্ডাৰৱৰ্ল্ড ডন দাউদ ইব্ৰাহিমৰ সৈতে জড়িত ব্যক্তিসকলৰ সৈতে বিত্তীয় লেনদেন কৰাৰ অভিযোগ আছে । ইডিয়ে তেওঁৰ বিৰুদ্ধে কুৰ্লাত ভূমি ক্ৰয়ত অবৈধ লেনদেনৰ অভিযোগো উত্থাপন কৰিছে । সেই অভিযোগৰ ভিত্তিত কেইবামাহ ধৰি কাৰাগাৰত আছে নৱাব মালিক । অৱশ্যে, তেওঁৰ দুয়োটা বৃক্ক বিকল হোৱাৰ বাবে চিকিৎসাজনিত কাৰণত তেওঁ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । সেয়েহে নৱাব মালিকে চিকিৎসাজনিত কাৰণ উল্লেখ কৰি উচ্চতম ন্যায়ালয়ত জামিনৰ বাবে আবেদন দাখিল কৰিছিল ।
পলাতক আণ্ডাৰৱৰ্ল্ড ডন দাউদ ইব্ৰাহিমৰ সৈতে সম্পৰ্কিত এক ধন আত্মসাৎ গোচৰত ২০২২ চনৰ ফেব্ৰুৱাৰীত ইডিয়ে নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (এনচিপি) নেতাজনক গ্ৰেপ্তাৰ কৰিছিল ।