ETV Bharat / bharat

In the interest of justice: হত্যাৰ দোষীৰ মৃত্যুদণ্ড ২০ বছৰৰ কাৰাদণ্ডলৈ ৰূপান্তৰিত কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

উচ্চতম ন্য়য়ালয়ে সলনি কৰিলে হত্যাৰ অভিযুক্তৰ মৃত্যুদণ্ডৰ ৰায় ৷ অভিযুক্তৰ মৃত্যুদণ্ডক ৰেমিচন অবিহনে ২০ বছৰৰ বাবে যাৱজ্জীৱন কাৰাদণ্ডলৈ ৰূপান্তৰিত কৰিছে উচ্চতম ন্যায়লয়ৰ তিনিজনীয়া বিচাৰপীঠে ৷

SC converts death penalty of murder convict to 20 years imprisonment

author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 10:52 PM IST

নিউজ ডেস্ক, ৯ নৱেম্বৰ: উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে হত্যাৰ অভিযুক্তৰ মৃত্যুদণ্ডক ৰেমিচন অবিহনে ২০ বছৰৰ বাবে যাৱজ্জীৱন কাৰাদণ্ডলৈ ৰূপান্তৰিত কৰি কয় যে “বৰ্তমানৰ গোচৰটো এনে এটা গোচৰ নহয় য’ত মৃত্যুদণ্ড প্ৰদান কৰাটোৱেই একমাত্ৰ বিকল্প বুলি ধৰিব পৰা যায় ৷’’ ন্যায়াধীশ বি আৰ গাভাই, বি ভি নাগাৰথ্না আৰু প্ৰশান্ত কুমাৰ মিশ্ৰক লৈ গঠিত বিচাৰপীঠে কয় যে, “আমি দেখিবলৈ পাওঁ যে মৃত্যুদণ্ডক যাৱজ্জীৱন ২০ বছৰৰ কাৰাদণ্ডলৈ ৰূপান্তৰিত কৰিলে ন্যায়ৰ স্বাৰ্থ পূৰণ হ’ব” ।

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই আবেদনকাৰী মদন আৰু সুদেশ পালে দাখিল কৰা আবেদনৰ ওপৰত এই উচ্চতম ন্যায়ালয়ৰ ৰায়দান । উচ্চতম ন্যায়ালয়ে মদনৰ মৃত্যুদণ্ডৰ সন্দৰ্ভত ৰায় নিশ্চিত কৰে ৷ আনহাতে পালৰ আবেদন আংশিকভাৱে অনুমতি দিয়া হয় আৰু তেওঁক প্ৰদান কৰা মৃত্যুদণ্ডৰ শাস্তি যাৱজ্জীৱন কাৰাদণ্ডলৈ ৰূপান্তৰিত কৰা হয় । গাঁৱৰ নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাৰ বাবেই অভিযুক্তই ছয়জন ব্যক্তিক হত্যা কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰা হৈছিল ৷ তেওঁলোকৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰিছিল অভিযুক্তই । ২০০৩ চনৰ ১৪ অক্টোবৰত এই ঘটনা সন্দৰ্ভত এফআইআৰ ৰুজু কৰা হয় আৰু মদন, কানৱাৰ পাল, ঈশ্বৰ, পাল আদিৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হয় ।

বিচাৰপীঠৰ হৈ ৰায়দানকাৰী ন্যায়াধীশ গাভিয়াই কয়, ‘‘আমি দেখিবলৈ পাওঁ যে উচ্চ ন্যায়ালয়ে সুদেশ পালৰ ওপৰত আৰোপ কৰা মৃত্যুদণ্ডক যাৱজ্জীৱন কাৰাদণ্ডলৈ ৰূপান্তৰিত কৰাৰ সময়ত আবেদনকাৰী মদনৰ ওপৰত মৃত্যুদণ্ড প্ৰদান কৰাটো ন্যায্য নাছিল । যদি উচ্চ ন্যায়ালয়ৰ ৰায়দান বজাই ৰখা হয় তেন্তে ইয়াৰ ফলত এক বিষম পৰিস্থিতিৰ সৃষ্টি হ’ব ৷’’ বিচাৰপীঠে উল্লেখ কৰে যে য’ত পালে সংশ্লিষ্ট নিয়ম অনুসৰি নিৰ্দিষ্ট সংখ্যক বছৰ সম্পূৰ্ণ হ’লে তেওঁৰ গোচৰটো ৰেমিচন আৰু প্ৰি-মেচাৰ ৰিলিজৰ বাবে বিবেচনা কৰাৰ অধিকাৰী হ’ব ৷ আপীলকাৰী মদন মৃত্যুদণ্ডৰ সন্মুখীন হ’ব লাগিব।

“এই সকলোবোৰ কাৰক বিবেচনা কৰি আমি দেখিবলৈ পাওঁ যে বৰ্তমানৰ গোচৰটো এনে এটা গোচৰ নহয় য’ত মৃত্যুদণ্ড প্ৰদান কৰাটোৱেই একমাত্ৰ বিকল্প বুলি ধৰিব পৰা যায় । আমাৰ মনলৈ অহা আন এটা কাৰণ হ’ল সাক্ষীৰ প্ৰমাণৰ পৰা স্পষ্ট যে সকলো অভিযুক্ত ব্যক্তিৰ ভূমিকা একেধৰণৰ আছিল ।’’ বিচাৰপীঠে ৭৬ পৃষ্ঠাৰ ৰায়দানত এইদৰে কয় ।

বিচাৰপীঠে উল্লেখ কৰে যে সাক্ষীৰ প্ৰমাণে দেখুৱায় যে আৰোপ কৰা গোচৰটো হ’ল ইয়াত আপীল কৰা দুয়োকে ধৰি সকলো অভিযুক্ত ব্যক্তিয়ে গুলীচালনা কৰিছিল আৰু নিৰ্বিচাৰ গুলীচালনাত লিপ্ত হৈছিল । ‘‘বিচাৰ আদালতে আপীলকাৰী মদন আৰু সুদেশ পালৰ ওপৰত মৃত্যুদণ্ড প্ৰদান কৰে । কিন্তু অভিযুক্ত ঈশ্বৰৰ ক্ষেত্ৰত যিমানদূৰলৈকে তেওঁৰ বিৰুদ্ধে প্ৰমাণ একে ধৰণৰ লাইনত আছে, তথাপিও তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে । উচ্চ ন্যায়ালয়ে একে প্ৰমাণৰ ভিত্তিত যদিও আপীলকাৰী মদনৰ ক্ষেত্ৰত মৃত্যুদণ্ড নিশ্চিত কৰিছিল, সুদেশ পালৰ আবেদনক আংশিকভাৱে অনুমতি দিছিল আৰু তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল ৷’’ বিচাৰপীঠে লক্ষ্য কৰে ।

উচ্চ ন্যায়ালয়ৰ ৰায়দান পঢ়িলেই স্পষ্ট হ’ব যে সুদেশ পাল আৰু মদনৰ গোচৰৰ মাজত ইয়াৰ একমাত্ৰ পাৰ্থক্যটোৱেই হৈছে অতিৰিক্ত কাৰক যে মদনক ইতিমধ্যে আন এটা গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে । বৰ্তমানৰ গোচৰটোত ২০২৩ চনৰ ১৬ মাৰ্চত উচ্চতম ন্যায়ালয়ে পৰীক্ষামূলক বিষয়াৰ প্ৰতিবেদন, কাৰাগাৰৰ আচৰণৰ প্ৰতিবেদন আৰু মানসিক মূল্যায়ন প্ৰতিবেদনৰ আহ্বান জনাইছিল ।

মদনৰ মানসিক মূল্যায়ন প্ৰতিবেদনত দাবী কৰা হৈছে যে তেওঁ নিজৰ দৈনন্দিন কাম-কাজ পৰ্যাপ্তভাৱে বজাই ৰাখিছে আৰু মাজে মাজে পাহৰি যোৱাৰ বাহিৰে তেওঁৰ সামাজিক-বৃত্তিগত কাৰ্যকলাপত কোনো প্ৰভাৱ নপৰে ৷ যিটো বয়সৰ লগত জড়িত হ’ব পাৰে । প্ৰতিবেদন অনুসৰি মদনে স্বেচ্ছাই কাৰাগাৰত নিজকে ব্যস্ত কৰি ৰাখিবলৈ কাম হাতত লৈছে আৰু লগতে কনিষ্ঠ কয়দীসকলক কাৰাগাৰত উন্নত জীৱন যাপন কৰাত সহায় কৰাৰ দায়িত্বও গ্ৰহণ কৰিছে ৷

“ভাগপাটৰ জিলা কাৰাগাৰ অধীক্ষকে দাখিল কৰা কাৰাগাৰ আচৰণ প্ৰতিবেদন অনুসৰি আবেদনকাৰী মদনৰ বয়স বৰ্তমান ৬৪ বছৰ । ১৮ বছৰ ৩ মাহ কাৰাবন্দী হৈ আছে । এই সমগ্ৰ সময়ছোৱাত তেওঁৰ কোনো ধৰণৰ কাৰাগাৰৰ অপৰাধৰ ইতিহাস নাই । প্ৰতিবেদনখনে আৰু দেখুৱাইছে যে তেওঁ কাৰাগাৰত কোনো ধৰণৰ কাজিয়াত জড়িত হোৱা নাই । প্ৰতিবেদনখনে দেখুৱাইছে যে তেওঁৰ বেৰেকৰ অন্যান্য কয়দীসকলৰ সৈতে তেওঁৰ আন্তৰিক সম্পৰ্ক আছে আৰু কাৰাগাৰৰ নিয়ম মানি চলে”, বিচাৰপীঠে লক্ষ্য কৰে ।

উচ্চতম ন্যায়ালয়ে লক্ষ্য কৰিছিল যে আবেদনকাৰী আৰু অন্যান্য অভিযুক্ত ব্যক্তিৰ নিৰ্মম গুলীচালনাৰ ফলত ছয়জন লোকৰ মৃত্যু হৈছে, বিচাৰ চলি থকাৰ সময়ত প্ৰত্যক্ষদৰ্শী এজনকো হত্যা কৰা হৈছে আৰু অভিযুক্ত ব্যক্তিৰ আতংক ইমানেই বেছি আছিল যে আনকি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সাক্ষীসকলেও বিচাৰৰ গোচৰটোক সমৰ্থন কৰা নাছিল ।

বিচাৰপীঠে কয় যে ইয়াৰ বিবেচিত মতামত যে আবেদনকাৰী আৰু আন অভিযুক্তসকলৰ এই কাৰ্যই নিশ্চিতভাৱে সমাজৰ সামূহিক বিবেকক স্তম্ভিত কৰি তুলিব আৰু বিৰল গোচৰৰ শ্ৰেণীত পৰিব । ৰাজ্য চৰকাৰে কয় যে কেৱল ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাৰ বাবেই আবেদনকাৰীয়ে ছয়জন নিৰীহ লোকক নিৰ্মমভাৱে হত্যা কৰিছে আৰু তেওঁলোক কোনো ধৰণৰ নমনীয়তাৰ অধিকাৰী নহয় ।

উচ্চতম ন্যায়ালয়ে সুদেশ পালে দাখিল কৰা আবেদন খাৰিজ কৰি মদনৰ আবেদন আংশিকভাৱে অনুমতি দিয়ে । “আইপিচিৰ ধাৰা ৩০২ৰ অধীনত দোষী সাব্যস্ত হোৱাটো যিমানদূৰলৈকে আবেদনকাৰী মদনৰ ক্ষেত্ৰত নিশ্চিত কৰা হৈছে । কিন্তু তেওঁৰ ওপৰত আৰোপ কৰা মৃত্যুদণ্ড ইতিমধ্যে পাৰ কৰা সময়সীমাকে ধৰি ২০ বছৰৰ নিৰ্দিষ্ট কাৰাদণ্ডলৈ ৰূপান্তৰিত কৰা হয়, ক্ষমা নোহোৱাকৈ”, বিচাৰপীঠে কয় ।

লগতে পঢ়ক: LTTE trying to regroup: পুনৰুত্থানৰ বাবে কুচকাৱাজ চলাইছে এল টি টি ইয়ে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.