ETV Bharat / bharat

এমাহ পূৰ্বে মৃত্যু হোৱা শিশুক জীয়াই তুলিবলৈ কুল দেৱী মন্দিৰত পূজা গাঁওবাসীৰ

author img

By

Published : Aug 19, 2022, 5:58 PM IST

বৰ্তমান সমাজতো একাংশ লোক অন্ধবিশ্বাসত ডুব গৈ আছে । মধ্যপ্ৰদেশত অন্ধবিশ্বাসৰ বলি একাংশ লোক (Superstition that the goddess will bring the dead child back to life)। এটা মৃত শিশু পুনৰ জীয়াই উঠিব বুলি পূজা অৰ্চনা কৰিছে গাঁৱৰ ৰাইজে । শিশুটোৰ মাতৃক সপোনত দেৱীয়ে কৈছে শিশুটোক তেওঁ জীয়াই তুলিব ।

superstitious
এমাহ পূৰ্বে মৃত্যু হোৱা শিশুক জীয়াই তুলিবলৈ কুল দেৱী মন্দিৰত পূজা গাঁওবাসীৰ

নেশ্যনেল ডেস্ক,১৯ আগষ্ট: মধ্যপ্ৰদেশত অন্ধবিশ্বাসৰ ভয়ংকৰ দৃশ্য (A case of superstition in Madhya Pradesh)। এমাহ পূৰ্বে মৃত্যু হোৱা শিশুক পুনৰ জীয়াই তোলাৰ বাবে এটা মন্দিৰত চলিছে পূজা অৰ্চনা । শিশুটোৰ পৰিয়ালক সপোনত দেৱীয়ে আহি শিশুটোক জীয়াই অনাৰ আশীৰ্বাদ দিছে ।

এই ঘটনা ৰীবা জিলাৰ চাগ্ৰা আৰক্ষী থানাৰ অন্তৰ্গত বাক্সেৰা গাঁৱৰ । ১ মাহ পূৰ্বে মৃত্যু হোৱা ৪ বছৰীয়া শিশুটোক পুনৰ জীয়াই তোলাৰ বাবে গাওঁখনত থকা কুল দেৱীৰ মন্দিৰত শ শ গাঁওবাসীয়ে বহি উপাসনা কৰি থকা দেখা গৈছে । গাওঁবাসীৰ মতে, মৃত শিশুটোৰ পৰিয়ালক সপোনত দেৱীয়ে শিশুটোক জীয়াই অনাৰ আশীৰ্বাদ দিছে । সেই কাৰণে তেওঁলোকে উপাসনা কৰি আছে (Attempt to revive a dead child back to life)।

উল্লেখ্য যে ৰেৱা জিলাৰ গুধ আৰক্ষী থানাৰ অন্তৰ্গত ভিটি গাঁৱৰ বাসিন্দা এটা জনজাতীয় পৰিয়ালৰ চাৰি বছৰীয়া সন্তানটো এমাহ পূৰ্বে অসুস্থতাৰ বাবে মৃত্যুমুখত পৰিছিল । শিশুটো সঞ্জয় গান্ধী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে মৃত্যুমুখত পৰিছিল ।

শিশুটোক পাছত ঘৰলৈ অনা হৈছিল আৰু সমাধিস্থ কৰা হৈছিল । কিন্তু এতিয়া পৰিয়ালটোৱে দাবী কৰিছে যে তেওঁলোকক দেৱীয়ে সপোনত আহি পুত্ৰক জীয়াই তোলাৰ আশীৰ্বাদ দিছে । যাৰ বাবে তেওঁলোকে দেৱীৰ নিৰ্দেশনা অনুসৰি গাঁওখনৰ পৰা ২০ কিলোমিটাৰ দূৰত থকা বাক্সেৰা গাঁৱৰ কুল দেৱী মন্দিৰত উপাসনা আৰম্ভ কৰিছে (Villagers have resorted to superstitions to bring the dead child alive)।

জানিব পৰা মতে দেৱী মাতাই পৰিয়ালটোক সপোনত আহি কৈছিল যে শিশুটোক কবৰ দিয়া ঠাইৰ পৰা তেওঁৰ শৰীৰৰ মাটি আনি কুল দেৱী মন্দিৰত মাতৃৰ ভৰিত ৰাখিব লাগিব । সেই মতে পৰিয়ালটোৱে কবৰৰ পৰা ৰঙা কাপোৰত মাটি আনি দেৱী মাতাৰ মূৰ্তিটোৰ ওচৰত ৰাখিছে । পৰিয়ালটোৱে দাবী কৰিছে যে মাটিখিনি ফুললৈ পৰিৱৰ্তিত হৈছে আৰু তাৰ পিছত ফুলটো হাড়লৈ পৰিণত হৈছে । এতিয়া তাত জীৱ ঘূৰি অহাৰ বাবে তেওঁলোকে অপেক্ষা কৰি আছে ।

মাটিখিনি হাড়লৈ পৰিৱৰ্তন হোৱাৰ পাছত, তেওঁলোকে ঘৰত ১০ দিন উপাসনা কৰিছিল । ঘটনাটোৰ বিষয়ে তথ্য লাভ কৰাৰ পাছতে সংবাদ মাধ্যমৰ এটা দল নিশা প্ৰায় ১২ মান বজাত বাক্সেৰা গাঁৱত উপস্থিত হয় । সংবাদ মাধ্যম ঘটনাস্থলীত উপস্থিত হৈ এই আচৰিত দৃশ্যটো প্ৰত্যক্ষ কৰে ।

সাংবাদিকসকল উপস্থিত হোৱাৰ সময়ত গাওঁবাসীয়ে কুল দেৱীৰ মন্দিৰত বহি প্ৰাৰ্থনা কৰি আছিল । এটা বাস্কেটৰ তলত হাড়ৰ টুকুৰা ৰাখি মানুহবোৰে দেৱীৰ উপাসনাত ব্যস্ত আছিল । সংবাদ মাধ্যমে পৰিয়ালটোৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰাৰ সময়ত মৃত শিশুটোৰ মামীয়েকে কয় যে তেওঁৰ শৰীৰত বৰ্তমান দেৱী আছে আৰু লগে লগে তেওঁ চিঞৰিবলৈ আৰম্ভ কৰে ।

লগতে পঢ়ক :আহক জানো আমাৰ জীৱনত বিশেষ ভূমিকা পালন কৰা ৫ বিধ ড্ৰাগছ বিষয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.