ETV Bharat / bharat

মকছুদ আৰু মুজাম্মিলৰ হাতৰ পৰশত প্ৰাণ পাইছে হিন্দু দেৱ-দেৱীৰ মূৰ্তিয়ে - হিন্দু ধৰ্মৰ দেৱ দেৱী

দুজন ইছলাম ধৰ্মাৱলম্বী শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে হিন্দু ধৰ্মৰ দেৱ-দেৱীৰ মূৰ্তি ৷ অখ্যাত শিল্পী দুগৰাকীৰ মন্তব্য, কৰ্মতকৈ ডাঙৰ ধৰ্ম একো হ’ব নোৱাৰে ৷

Statues of Hindu gods and goddesses
মকছুদ আৰু মুজাম্মিলৰ হাতৰ পৰশত জী উঠে দেৱ-দেৱীৰ মূৰ্তি
author img

By

Published : Jul 10, 2022, 9:52 PM IST

নিউজ ডেস্ক: ঘৰৰ এটা চুকত শাৰী পাতি আছে হিন্দু দেৱ-দেৱীৰ মূৰ্তি (Statues of Hindu gods and goddesses)। মকছুদ আলম আৰু মুজাম্মিল হক নামৰ দুই মৃৎ শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে মূৰ্তিসমূহ (Maqsood Alam and Muzammil Haque)। তেওঁলোকক সহায় কৰিছে কল্পনা সিং নামৰ এগৰাকী মহিলাই । ত্ৰিপুৰাৰ বাবেই বিভিন্ন দেৱ-দেৱীৰ মূৰ্তি জীৱন্ত হৈ উঠে । এই তিনিগৰাকী লোকৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে দেৱ-দেৱীৰ মূৰ্তিসমূহ ৷

মকছুদ আৰু মুজাম্মিলৰ হাতৰ পৰশত প্ৰাণ পাইছে হিন্দু দেৱ-দেৱীৰ মূৰ্তিয়ে

এই দৃশ্য কলিকতাৰ গৌৰীবাৰীৰ ৷ গৌৰীবাৰীৰ মিৰ মছজিদ ঠিক বিপৰীত দিশত অৱস্থিত গৌৰীবাৰীৰ নামৰ সৰু ঘৰটোত মকছুদ আলম আৰু মুজাম্মিল হকে নিতৌ নিৰ্মাণ কৰি আহিছে মূৰ্তিসমূহ ৷ অখ্যাত শিল্পী দুগৰাকীক কাষৰীয়া লোকসকলেই আজি পৰ্যন্ত চিনি নাপালে ৷ বিগত ১৫-২০ বছৰ ধৰি শিল্পী দুগৰাকীয়ে নিৰ্মাণ কৰি অহা মূৰ্তিসমূহ দেশৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰা হয় ৷

বিশেষ ঘৰটোৰ নাম গৌৰীবাৰী হোৱাৰো আছে কাৰণ ৷ ঘৰখনৰ মালিক বিহাৰৰ গৌৰী ভাইৰ নাম অনুসৰিয়েই ঘৰখনৰ নাম ৰখা হয় গৌৰীবাৰী হিচাবে । বিশেষ ঘৰখনলৈ সোমাই যোৱাৰ লগেল গে চাৰি-পাঁচটা গৰু শাৰী পাতি থকা দেখা যায় । জখলাৰে কিছু ওপৰলৈ উঠি গ’লে দেখা যায় এটা সৰু কোঠা ৷ এই সৰু কোঠাটোতেই দৈনিক নামাজৰ পাচত মকছুদ আৰু মুজাম্মিলে হিন্দু দেৱ-দেৱীৰ মূৰ্তিসমূহ নিৰ্মাণত ব্যস্ত হৈ পৰিছে ।

ইটিভি ভাৰতৰে হোৱা এক সাক্ষাৎকাৰত শিল্পী দুগৰাকীয়ে কয় যে, উক্ত ঘৰখনৰ পৰাই ভিন্ন প্ৰান্তৰ লোকে হিন্দু দেৱ-দেৱীৰ মূৰ্তিসমূহ ক্ৰয় কৰে । শিল্পী মুজাম্মিলে লগতে কয় যে কৰ্মতকৈ ডাঙৰ ধৰ্ম একো হ’ব নোৱাৰে ৷

লগতে পঢ়ক: Punjab CM demand for land: পৃথকে বিধানসভা-উচ্চ ন্যায়ালয় সাজিব খোজে ভগৱন্ত মানে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.