নেশ্যনেল ডেস্ক, ১০ মে': মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ দেশজুৰি টীকাকৰণ প্ৰদান প্ৰক্ৰিয়া অব্যাহত আছে । কিন্তু ইয়াৰ মাজতে কোনো কোনো ৰাজ্যত পৰ্যাপ্ত পৰমাণৰ ক'ভিড প্ৰতিষেধকৰ পালি উপলব্ধ নাই বুলি অভিযোগ উত্থাপন হৈছিল । এই অভিযোগৰ অৱসান ঘটাই সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কয় যে, বৰ্তমানেও এক কোটিৰো অধিক ক'ভিড প্ৰতিষেধকৰ পালি মজুত আছে । দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহে অহা তিনি দিনৰ ভিতৰত ৯ লাখতকৈও অধিক অতিৰিক্ত পালি লাভ কৰিব ।
বৰ্তমানলৈ কেন্দ্ৰই সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহক বিনামূলীয়াকৈ প্ৰায় ১৮ কোটি প্ৰতিষেধকৰ পালি প্ৰদান কৰিছে । অপচয়কে ধৰি ইয়াৰ ভিতৰত মুঠ ১৬,৮৯,২৭,৭৯৭ পালি ব্যৱহাৰ কৰা হৈছে বুলি মন্ত্ৰালয়ে কয় । উল্লেখ্য য়ে, দেশত কৰ’ণা মহামাৰীয়ে সৃষ্টি কৰা পৰিৱেশে সম্প্ৰতি ধাৰণ কৰিছে ভয়ংকৰ ৰূপ ৷ ভাৰতত এতিয়া তীব্ৰ সংকটৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক: ভাৰতে 3 লাখ ৰেমডেচিবিৰকে ধৰি বিভিন্ন ক’ভিড সম্পৰ্কীয় চিকিৎসা সাহাৰ্য লাভ কৰিছে