ETV Bharat / bharat

Wrestlers Sexual harassment case : ৪ সাক্ষীয়ে প্ৰমাণ কৰিছে ব্ৰীজ ভূষণৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সত্যতা - 4 witnesses corroborate allegations against Brij

বিপদত ব্ৰীজ ভূষণ চৰণ সিং । তেওঁ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগত সমৰ্থন জনাইছে চাৰিজন সাক্ষীয়ে (4 witnesses corroborate allegations against Brij)। এই চাৰিজনৰ ভিতৰত আছে এগৰাকী অলিম্পিয়ান, এজন কমনৱেলথ স্বৰ্ণ পদক বিজয়ী, এজন আন্তৰ্জাতিক ৰেফাৰী আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষক ।

Wrestlers Sexual harassment case
৪ সাক্ষীয়ে ব্ৰীজ ভূষণৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সত্যতা প্ৰমাণ কৰিছে
author img

By

Published : Jun 4, 2023, 9:24 PM IST

স্পৰ্টছ ডেস্ক, ৪ জুন: ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ সভাপতি তথা বিজেপি সাংসদ ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে (Wrestlers Sexual harassment case) । মহিলা মল্লযুঁজাৰুসকল যৌন নিৰ্যাতনৰ গোচৰত আৰক্ষীয়ে প্ৰায় ১২৫ গৰাকী লোকৰ ভাষ্য সংগ্ৰহ কৰিছে । নতুন দিল্লী আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে ।

এই ক্ষেত্ৰত, ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা ৭ গৰাকী মল্লযুঁজাৰুৰ ভাষ্যও দণ্ডাধীশৰ সন্মুখত লিপিবদ্ধ কৰা হৈছে । এগৰাকী মহিলা মল্লযুঁজাৰুৱে দাবী কৰিছে যে, যেতিয়া ব্ৰীজ ভূষণে তেওঁক যৌন নিৰ্যাতন চলাইছিল তেতিয়া তেওঁ নাবালক আছিল । ইয়াৰ মাজতে চাৰিজন সাক্ষীয়ে ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ স্বীকাৰ কৰিছে । তেওঁলোকৰ ভিতৰত আছে অলিম্পিক খেলুৱৈ, কমনৱেলথ স্বৰ্ণ পদক বিজয়ী, আন্তৰ্জাতিক ৰেফাৰী আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষক ।

আৰক্ষীয়ে বিবৃতিত উল্লেখ কৰা মতে, ব্ৰীজ ভূষণৰ বিৰুদ্ধে পকচোৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে । আৰক্ষীয়ে ভুক্তভোগীগৰাকী নাবালিকা হোৱাৰ দাবীৰ তদন্ত কৰি আছে । ইয়াৰ উপৰিও, আন ৬ গৰাকী মহিলা মল্লযুঁজাৰুৰ ভাষ্যও দণ্ডাধীশৰ সন্মুখত লিপিবদ্ধ কৰা হৈছে ।

২৮ মে'ত, নতুন সংসদ ভৱনৰ উদ্বোধনৰ সময়ত মল্লযুঁজাৰুসকলে সংসদ ভৱনৰ সন্মুখত মহিলা পঞ্চায়ত অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল (Wrestlers protest)। প্ৰতিবাদকাৰীসকলে মহিলা পঞ্চায়তৰ বাবে সমদল কৰি যোৱাৰ সময়তে তেওঁলোকক আৰক্ষীয়ে আটক কৰিছিল । এই সময়ছোৱাত, আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ হতাহতি হোৱা দেখা গৈছিল । আৰক্ষীয়ে ৯ গৰাকী মল্লযুঁজাৰুৰ বিৰুদ্ধে ১৪৭, ১৪৯, ১৮৬ ধাৰাৰ লগতে ৰাজহুৱা সম্পত্তিৰ ক্ষতি প্ৰতিৰোধ আইনৰ ধাৰা ৩ ৰ অধীনত এটা গোচৰ ৰুজু কৰিছিল ।

আৰক্ষীয়ে এই মল্লযুঁজাৰুসকলক সোধা-পোছাৰ বাবে তলব কৰাৰ এখন জাননী প্ৰেৰণ কৰিছে । ইফালে ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা মহিলা মল্লযুঁজাৰুসকলে প্ৰায় ৩৫ দিন ধৰি যন্তৰ মন্তৰত অৱস্থান ধৰ্মঘট কৰিছিল কিন্তু ২৮ মে'ৰ হুলস্থূলৰ পাচত তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰা হৈছিল । মল্লযুঁজাৰুসকল ব্ৰীজ ভূষণ শৰণক গ্ৰেপ্তাৰ কৰাৰ দাবীত অটল আছে ।

লগতে পঢ়ক : FIR against WFI Chief : কি কি অভিযোগ আছে ব্ৰীজ ভূষণৰ বিৰুদ্ধে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.