ETV Bharat / bharat

প্ৰথমবাৰলৈ জম্মুূ-কাশ্মীৰত অনুষ্ঠিত হ'ব জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচন

author img

By

Published : Nov 5, 2020, 8:04 AM IST

জম্মু কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰথমবাৰৰ বাবে জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচন 28 নৱেম্বৰৰ পৰা 8 টা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব ৷ মুঠ 280 খন আসনৰ বাবে 8 টা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব জম্মু কাশ্মীৰ জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচন ৷

State Election Commission announces 8-phased first ever DDC polls in J&K from Nov 28
28 নৱেম্বৰত অনুষ্ঠিত কৰা হ'ব জম্মু কাশ্মীৰৰ জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচন

নিউজ ডেস্ক, 5 নৱেম্বৰ : বুধবাৰে জম্মু কাশ্মীৰৰ ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত কে.কে শৰ্মাই কয় যে, জম্মু কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰথমবাৰৰ বাবে হ'বলগীয়া জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচন 28 নৱেম্বৰত 8 টা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব ৷ এই নিৰ্বাচনৰ লগতে পঞ্চায়ত পৰ্যায়ৰ নিৰ্বাচনসমূহো একেলগে অনুষ্ঠিত কৰা হ'ব ৷

জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচন 28 নৱেম্বৰৰ পৰা পৰ্যায়ক্ৰমে 22 ডিচেম্বৰত শেষ হ'ব ৷ EVM মেচিন যোগে ভোট গ্ৰহণ কৰা হ'ব ৷ কিন্তু বেলট পেপাৰ যোগে আইচ'লেচনত থকা ক'ভিড ৰোগী, বয়োজ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম লোকসকলে ডাকসেৱা যোগে ভোটদান কৰিব পাৰিব ৷ 2020ৰ 1 জানুৱাৰীত সংশোধন কৰা পঞ্চায়ত পৰ্যায়ৰ নিৰ্বাচনসমূহৰ নিৰ্বাচনী নীতিসমুহ জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনতো প্ৰযোজ্য হ'ব ৷

প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে শুকুৰবাৰৰ পৰা অধিসূচনা জাৰি কৰা হ'ব ৷ জম্মু কাশ্মীৰৰ জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনৰ বাবে মুঠ 280 খন আসন চিহ্নিত কৰা হৈছে ৷ প্ৰতিখন পৰিষদৰ কাৰ্যকাল হ'ব 5 বছৰ ৷ লগতে কয় যে, পশ্চিম পাকিস্তানৰ পৰা অহা শৰনাৰ্থীয়ে নিৰ্বাচনত ভোটদান কৰিব পাৰিব ৷ সকলো ভোটগ্ৰহণ কেন্দ্ৰতে ক'ভিড প্ৰট'কল মানি চলা হ'ব বুলিও মন্তব্য কৰে ৷

জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনৰ প্ৰাৰ্থীসকলে 5 লাখ আৰু পঞ্চায়ত পৰ্যায়ৰ প্ৰাৰ্থীসকলে 50000 টকা খৰচ কৰিব পাৰিব ৷ নিৰ্দিষ্ট সুৰক্ষা আৰু নিৰাপত্তাৰ মাজেৰে এই নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব বুলি মন্তব্য কৰে নিৰ্বাচনী আয়ুক্ত শৰ্মাই ৷

লগতে পঢ়ক: ধেমাজিত বিজেপি ST মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.