ETV Bharat / bharat

Manipur Violence : শ্ৰীনগৰৰ এছএছপি ৰাকেশ বলৱালক মণিপুৰলৈ বদলি - Amit Shah on Manipur violence

বুধবাৰেলৈকে একেৰাহে দ্বিতীয় দিন মণিপুৰৰ ৰাজধানী কঁপাই আছিল হিংসাত্মক প্ৰতিবাদে । ইয়াৰ মাজতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী এন বীৰেন সিঙক দুগৰাকী ছাত্ৰ-ছাত্ৰীক অপহৰণ কৰি হত্যাত জড়িত অপৰাধীক ধৰিবৰ বাবে দ্ৰুততাৰে পদক্ষেপ লোৱাৰ আশ্বাস দিয়ে ।

Manipur Violence
Manipur Violence
author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 2:21 PM IST

নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ : হিংসাত্মক ঘটনা শামকটাৰ যেন নামেই লোৱা নাই মণিপুৰ । প্ৰায় পাঁচ মাহ ধৰি উত্তৰ-পূবৰ শান্তিপূৰ্ণ ৰাজ্যখন হিংসাৰ দাবানলত দগ্ধ হৈ আছে । হানি হৈছে ব্যাপক ধন-জনৰ । তাৰ মাজতে মণিপুৰত বৰ্ধিত হিংসাত্মক ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে শ্ৰীনগৰৰ শীৰ্ষ আৰক্ষী বিষয়া ৰাকেশ বলৱালক উত্তৰ-পূবৰ ৰাজ্যখনলৈ প্ৰত্যাৱৰ্তন কৰাই এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে ।

বিগত জুলাই মাহত নিৰুদ্দেশ হোৱা দুগৰাকী শিক্ষাৰ্থীৰ নিৰ্মম হত্যাকাণ্ডৰ পিছত উদ্ভৱ হোৱা অস্থিৰতাৰ নতুন ঢৌৰ মাজতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । উল্লেখ্য যে বিগত মে' মাহৰ পৰা চলি থকা হিংসাত্মক ঘটনাত জর্জৰিত মণিপুৰে এক সংকটজনক সন্ধিক্ষণৰ সন্মুখীন হৈছে । প্ৰতিবাদ, আক্ৰমণ-প্ৰত্যাক্ৰমণ অব্যাহত আছে । যাৰ ফলত কেন্দ্ৰীয় চৰকাৰে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ।

উল্লেখ্য যে মণিপুৰ কেডাৰৰ ২০১২ বৰ্ষৰ আইপিএছ বিষয়া ৰাকেশ বলৱাল জম্মু-কাশ্মীৰত নিযুক্ত আছিল । কিন্তু বৰ্তমান মণিপুৰৰ পৰিস্থিতি সুস্থিৰ কৰাত সহায় কৰিবলৈ তেওঁক গৃহৰাজ্যলৈ ঘূৰাই পঠোৱা হৈছে । আনহাতে, বলৱালক হঠাতে গৃহভূমিলৈ প্ৰত্যাৱৰ্তন কৰাৰ সিদ্ধান্তই মণিপুৰৰ পৰিস্থিতিৰ গুৰুত্ব আৰু অঞ্চলটোত শান্তি পুনৰুদ্ধাৰৰ তাৎক্ষণিক পদক্ষেপৰ বাবে চৰকাৰে যে গুৰুত্ব আৰোপ কৰিছে সেয়া প্ৰকাশ পাইছে ।

মণিপুৰ হিংসাৰ শেহতীয়া ঢৌ ছ'চিয়েল মিডিয়াত প্ৰকাশিত কেতবোৰ ফটো আৰু ভিডিঅ'ৰ পৰা উদ্ভৱ হৈছে । দুগৰাকী নিৰুদ্দিষ্ট ছাত্ৰ-ছাত্ৰী ক্ৰমে ২০ বছৰীয়া ফিজাম হেমজিত আৰু ১৭ বছৰীয়া হিজাম লিন্থোইঙ্গম্বিৰ ভয়ংকৰ ভিডিঅ' আৰু ফটো ছ'চিয়েল মিডিয়াত প্ৰকাশ পাইছিল । তাত ঘন জংঘলৰ অস্থায়ী শিবিৰত বহি থকা শিক্ষাৰ্থী দুজনক সশস্ত্ৰ ব্যক্তিৰ সৈতে দেখা গৈছিল । কিন্তু দুখজনকভাৱে পৰৱৰ্তী ফটোত দুয়োগৰাকীৰে নিষ্প্ৰাণ দেহ মাটিত পৰি থকা দেখুওৱা হৈছিল, যিয়ে এক জঘন্য অপৰাধৰ কথা প্ৰকাশ্যে আনে ।

উল্লেখ্য যে হেমজিত আৰু লিনথোইঙ্গম্বিৰ নিৰুদ্দেশ হোৱাৰ ঘটনাটো চুৰাচান্দপুৰৰ পৰা ৩৫ কিলোমিটাৰ দূৰৈত অৱস্থিত বিষ্ণুপুৰ জিলাত সংঘটিত হৈছিল । উক্ত জিলাখনত ইতিমধ্যে মে' মাহৰ আৰম্ভণিতে হিংসাত্মক ঘটনা সংঘটিত হৈছিল । অভিযোগ অনুসৰি, সশস্ত্ৰ ব্যক্তিসকলে এই দুখন জিলাৰ মাজৰ অঞ্চলৰ পৰা ছাত্ৰ-ছাত্ৰী দুগৰাকীক অপহৰণ কৰি অৱশেষত চুৰাচান্দপুৰলৈ লৈ গৈছিল ।

এই আশ্চৰ্যচকিত হোৱা ফটো আৰু জনসাধাৰণৰ বৰ্ধিত ক্ষোভৰ প্ৰতিক্ৰিয়াস্বৰূপে সমগ্ৰ মণিপুৰজুৰি ব্যাপক প্ৰতিবাদ আৰম্ভ হয় । ৰাজধানী চহৰ ইম্ফলত শ শ শিক্ষাৰ্থীয়ে নিহত ছাত্ৰ-ছাত্ৰীকেইগৰাকীৰ ন্যায় দাবী কৰি মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ বাসগৃহ অভিমুখে যাত্ৰা কৰে । পৰিস্থিতি এনে পৰ্যায়লৈ গতি কৰে যে ৰাজ্যিক আৰক্ষীয়ে আন্দোলন দমন কৰিবলৈ সংঘৰ্ষ ৰোধৰ সঁজুলি আৰু কন্দুৱা গেছ ব্যৱহাৰ কৰিবলগা হয় । যাৰ ফলত আন্দোলন অধিক তীব্ৰতৰ হৈ পৰে ।

আনহাতে, বৃহস্পতিবাৰে পুৱতি নিশালৈকে হিংসাত্মক ঘটনা অব্যাহত আছে । প্ৰতিবাদকাৰীসকলে ইম্ফল পশ্চিমৰ উপায়ুক্তৰ কাৰ্যালয় তছনছ কৰে আৰু দুখন বাহনত অগ্নিসংযোগ কৰে । উৰিপোক, য়াইচকুল, চাগোলবান্দ আৰু তেৰাত প্ৰতিবাদকাৰী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষৰ ঘটনা সংঘটিত হয় । যাৰ ফলত নিৰাপত্তাৰক্ষীসকলে জনতাক ছত্ৰভংগ দিয়াবলৈ কন্দুৱা গেছ নিক্ষেপ কৰে ।

লগতে পঢ়ক :CBI team in Manipur: মণিপুৰত CBI ৰ নিৰাপত্তাৰ দায়িত্ব CRPF ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.