ETV Bharat / bharat

ভাৰতক প্ৰশংসা শ্ৰীলংকাৰ নতুন প্ৰধানমন্ত্ৰী ৰনিল ৱিক্ৰমসিংঘেৰ

author img

By

Published : May 13, 2022, 6:07 PM IST

সংকটৰ সময়ত সহযোগিতা আগবঢ়োৱা বাবে প্ৰধানমন্ত্ৰী ৰনিল ৱিক্ৰমসিংঘেই প্ৰশংসা কৰে চুবুৰীয়া দেশ ভাৰতক (PM Ranil Wickremesinghe praises neighbouring India)। আগলৈও এনেদৰে সহযোগিতা আগবঢ়াই যাব বুলি আশাবাদী প্ৰধানমন্ত্ৰীগৰাকী । প্ৰধানমন্ত্ৰী মোডীকো ধন্যবাদ জ্ঞাপন কৰিলে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

Prime Minister Wickremesinghe
ভাৰতক প্ৰশংসা শ্ৰীলংকাৰ নতুন প্ৰধানমন্ত্ৰী ৰনিল ৱিক্ৰমসিংঘেৰ

নেশ্যনেল ডেস্ক,১৩ মে' : তীব্ৰ সংকটৰ মাজতে বৃহস্পতিবাৰে শ্ৰীলংকাৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে পুনৰবাৰ শপত ল'লে ৰনিল ৱিক্ৰমসিংঘে (Ranil Wickremesinghe takes oath as Sri Lanka PM)। ইয়াৰ পূৰ্বেও দেশখনৰ প্ৰধানমন্ত্ৰী আছিল ৱিক্ৰমসিংঘে । প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈয়ে ভাৰতক ধন্যবাদ জ্ঞাপন কৰিলে ৱিক্ৰমসিংঘে (Sri Lanka new PM praises India)। তেওঁৰ কাৰ্যকালত ভাৰতৰ সৈতে শ্ৰীলংকাৰ সম্পৰ্ক আৰু বেছি ঘনিষ্ঠ হ'ব বুলি আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

দ্বীপৰাষ্ট্ৰখন প্ৰথমবাৰলৈ সন্মুখীন হোৱা এনে পৰিস্থিতিত ভাৰতে সহযোগিতা আগবঢ়োৱাৰ বাবে চুবুৰীয়া দেশখনৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতক ধন্যবাদ জ্ঞাপন কৰে । বিক্ৰমসিংঘে কোৱা মতে তেওঁ অৰ্থনৈতিক সংকটৰ মোকাবিলা কৰাৰ বাবে চেষ্টা কৰিব । তেওঁ এই সমস্যা সমাধান কৰিব বিচাৰে বুলিও উল্লেখ কৰে ।

উল্লেখ্য যে অৰ্থনৈতিক সংকটৰ (Economic crisis in Sri Lanka) সন্মুখীন হোৱা শ্ৰীলংকাক ভাৰতে এই বছৰৰ জানুৱাৰী মাহৰ পৰাই প্ৰায় ৩ বিলিয়ন আমেৰিকান ডলাৰৰ অধিক সহায়ৰ প্ৰতিশ্ৰুতি দিছে । ভাৰত চৰকাৰে বৃহস্পতিবাৰে উল্লেখ কৰিছে যে গণতান্ত্ৰিক প্ৰক্ৰিয়া অনুসৰি গঠন হোৱা নতুন শ্ৰীলংকা চৰকাৰৰ সৈতে কাম কৰিবলৈও ইচ্ছুক ভাৰত ৷ লগতে দ্বীপৰাষ্ট্ৰখনৰ জনসাধাৰণৰ প্ৰতি নতুন দিল্লীৰ প্ৰতিশ্ৰুতি অব্যাহত থাকিব বুলিও উল্লেখ কৰে ।

উল্লেখ্য যে দেশখনে সন্মুখীন হোৱা এনে সংকটৰ বাবে জনসাধাৰণে তেওঁলোকৰ চৰকাৰকে দোষাৰোপ কৰে । যাৰ বাবে ৰাজপথলৈ ওলাই দেশখনৰ হাজাৰ হাজাৰ লোক (Protest in Sri Lanka)। প্ৰধানমন্ত্ৰী তথা ৰাষ্ট্ৰপতিৰ পদত্যাগৰ দাবীত জনসাধাৰণে বহু স্থানত তীব্ৰ প্ৰতিবাদ কৰিছে । বহু ঠাইত প্ৰতিবাদে হিংসাত্মক ৰূপ লোৱাও দেখা গৈছে ।

এনে এক পৰিস্থিতিৰ মাজতে প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষে পদত্যাগ কৰে । ইয়াৰ পাছতে দেশখনৰ ৰাষ্ট্ৰপতিয়ে ৰনিল ৱিক্ৰমসিংঘেক প্ৰধানমন্ত্ৰী হিচাপে নিয়োগ কৰে । অৱশ্যে ২২৫ জনীয়া সংসদত তেওঁ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব । কিন্তু ৱিক্ৰমসিংঘেই দাবী কৰা মতে তেওঁ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰি দেখুৱাব ।

দেশত হোৱা প্ৰতিবাদৰ কথা উল্লেখ কৰি ৱিক্ৰমসিংঘে কয়, ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ সচিবালয়ৰ ওচৰত এমাহৰো অধিক সময় ধৰি চলি থকা মূল প্ৰতিবাদ অব্যাহত ৰাখিবলৈ অনুমতি দিয়া হ'ব । প্ৰতিবাদকাৰীসকলে বিচাৰিলে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ সৈতে কথা পাতিব বুলিও উল্লেখ কৰে । প্ৰধানমন্ত্ৰীগৰাকীৰ মতে তেওঁ প্ৰতিবাদকাৰীৰ সন্মুখীন হ'ব ।

ইফালে তেওঁক প্ৰধানমন্ত্ৰী হিচাপে নিয়োগ কৰাত বহুতো বিৰোধী নেতা অসন্তুষ্ট হোৱা দেখা গৈছে । কেইবাটাও দলে ৰাষ্ট্ৰপতিৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে । জেভিপি আৰু তামিল নেচনেল এলায়েন্সে দাবী কৰিছে যে তেওঁৰ নিযুক্তি অসাংবিধানিক । কিয়নো ৰনিল ৱিক্ৰমসিংঘেক ৰাষ্ট্ৰপতি পৰিয়ালৰ ঘনিষ্ঠ বুলি বিবেচনা কৰা হয় ।

লগতে পঢ়ক : Ranil Wickremesinghe takes oath as Sri Lanka PM: সক্ষম হ'বনে শ্ৰীলংকাক সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.