ETV Bharat / bharat

ভাৰতীয় সৈন্যৰ প্ৰৱেশক অস্বীকাৰ শ্ৰীলংকাৰ সেনাৰ

author img

By

Published : Apr 3, 2022, 12:30 PM IST

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষে শনিবাৰে দেশখনত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰে (President of Sri Lanka declares emergency) । এনে পৰিস্থিতিত দেশখনৰ নিৰাপত্তা সুৰক্ষিত কৰিবলৈ ভাৰতে সেনা প্ৰেৰণ কৰা বুলি এক বাতৰি প্ৰকাশ পাইছে । এই বাতৰিয়ে দেশখনত অশান্তিৰ সৃষ্টি কৰিছে । এই বাতৰিক ভুৱা বুলি দাবী কৰিলে শ্ৰীলংকাৰ সামৰিক বাহিনী আৰু ভাৰতীয় উচ্চ আয়োগে ।

Sri Lankan crisis
শ্ৰীলংকাত প্ৰৱেশ কৰা নাই ভাৰতীয় সেনা

নেশ্যনেল ডেস্ক, ৩ এপ্ৰিল : সম্প্ৰতি অস্থিৰতাই বিৰাজ কৰিছে দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাত । প্ৰথমে অৰ্থনৈতিক সংকট (Economic crisis in Sri Lanka) আৰু এতিয়া জৰুৰী অৱস্থা । অশান্তজৰ্জৰ শ্ৰীলংকাত এইবাৰ উৰা বাতৰিকলৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । ভাৰতীয় সেনাৰ প্ৰৱেশৰ উৰা বাতৰিয়ে বৰ্তমান দেশখনত আন এক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

উল্লেখ্য যে, পৰ্যটনৰ ওপৰত নিৰ্ভৰশীল শ্ৰীলংকাত শেহতীয়াকৈ অৰ্থনৈতিক সংকটে দেখা দিছে । অৰ্থনৈতিক সংকটৰ বাবে ৰাষ্ট্ৰপতিৰ লগতে চৰকাৰক দোষাৰোপ কৰিছে সাধাৰণ ৰাইজে । যাৰ বাবে দেশজুৰি তীব্ৰ আন্দোলন দেখিবলৈ পোৱা গৈছে । বহু স্থানত হিংসাত্মক প্ৰতিবাদৰ সৃষ্টি হৈছে ।

ফলস্বৰূপে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেয়ে শনিবাৰে দেশখনত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰে (President of Sri Lanka declares emergency) । এনে পৰিৱেশৰ মাজতে শ্ৰীলংকাত ভাৰতীয় সেনাৰ প্ৰৱেশৰ কথা পোহৰলৈ আহিছে ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ভাৰতে সেনা প্ৰেৰণ কৰাৰ খবৰ বিয়পি পৰাৰ পাছতে দেশখনত তীব্ৰ আশংকাই দেখা দিছে ।

অৱশ্যে এই বাতৰি ভুৱা আখ্যা দিছে শ্ৰীলংকাৰ সামৰিক বাহিনী আৰু ভাৰতীয় উচ্চ আয়োগে (Sri Lankan military denies arrival of Indian troops) । প্ৰতিৰক্ষা সচিব কমল গুণাৰতনে শনিবাৰে সামাজিক মাধ্যমত প্ৰচাৰিত ভাৰতীয় সৈন্যৰ আগমনৰ বাতৰি অস্বীকাৰ কৰে ৷ লগতে কয় যে ২০২১ চনৰ ভাৰত-শ্ৰীলংকাৰ যুটীয়া সামৰিক অনুশীলনৰ এক চৰকাৰী আলোকচিত্ৰ ভুৱা বাতৰিটোত প্ৰকাশ পাইছে ।

সচিবগৰাকীয়ে কয় যে, ২০২১ চনৰ শ্ৰীলংকা-ভাৰত যুটীয়া সামৰিক অনুশীলন 'মিত্ৰ শক্তি'ৰ সময়ত তোলা ভাৰতীয় সৈন্যৰ আলোকচিত্ৰসমূহ ভুৱা বাতৰিৰ জৰিয়তে প্ৰকাশ কৰা হৈছে । তেওঁ নিশ্চিত যে শ্ৰীলংকাৰ ত্ৰি-বাহিনীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা নিশ্চিত কৰিবলৈ যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'বলৈ সক্ষম । এনে ভুল তথ্যৰ দ্বাৰা মানুহক বিপথে পৰিচালিত নহ'বলৈও তেওঁ আহ্বান জনায় ।

ভাৰতীয় উচ্চ আয়োগে এই বাতৰি মিছা আৰু ভিত্তিহীন বুলি দাবী কৰে । একাংশ সংবাদ মাধ্যমে দেশখনত ভুৱা বাতৰি প্ৰকাশ কৰাৰো অভিযোগ কৰে উচ্চ আয়োগে ।

লগতে পঢ়ক : State of emergency in Sri Lanka : শ্ৰীলংকাত জৰুৰীকালীন অৱস্থা ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.