ETV Bharat / bharat

26 ভাৰতীয় মাছুৱৈক মুকলি কৰাৰ নিৰ্দেশ শ্ৰীলংকাৰ আদালতৰ

author img

By

Published : Jan 13, 2021, 10:15 PM IST

শ্ৰীলংকাৰ পানীত মাছ মৰাৰ অভিযোগত শ্ৰীলংকাৰ নেভীয়ে গ্ৰেপ্তাৰ কৰা 26 গৰাকী ভাৰতীয় মাছুৱৈক শ্ৰীলংকাৰ এখন আদালতে মুকলি কৰি দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ বুধবাৰে শ্ৰীলংকাৰ আদালতে এই নিৰ্দেশ প্ৰদান কৰে ৷

Sri Lankan court orders release of 26 Indian fishermen

নেচনেল ডেস্ক, 13 জানুৱাৰী: বুধবাৰে শ্ৰীলংকাৰ এখন আদালতে শ্ৰীলংকাৰ পানীত মাছ মৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা 26 গৰাকী ভাৰতীয় মাছুৱৈক মুকলি কৰাৰ নিৰ্দেশ দিয়ে ৷ অৱশ্যে আদালতে মাছুৱৈ কেইজনক গ্ৰেপ্তাৰ কৰাৰ সময়ত জব্দ কৰা অন্যান্য সামগ্ৰীৰ লগতে চাৰিখন মেচিন নাৱক ৰাষ্ট্ৰীয়কৰণৰ নিৰ্দেশ প্ৰদান কৰে ৷

বিগত মাহত গ্ৰেপ্তাৰ হোৱা ৰামেশ্বৰমৰ 22 গৰাকী আৰু পুঠুকট্টাইৰ চাৰিগৰাকী মাছুৱৈক আদালতে মুকলি কৰি দিয়াৰ নিৰ্দেশ প্ৰদান কৰে ৷ মাছুৱৈ কেইগৰাকীক অদূৰ ভৱিষ্যতে অবৈধভাৱে শ্ৰীলংকাৰ পানীত প্ৰৱেশ নকৰিবলৈ সকীয়াই দি কয় যে ভৱিষ্যতে অনুৰূপ ঘটনা সংঘটিত হ'লে তেওঁলোকক দুই বছৰৰ বাবে কাৰাগাৰলৈ নিক্ষেপ কৰা হ'ব ৷

উল্লেখ্য যে জব্দকৃত নাঁও আৰু মাছ ধৰা সঁজুলি সমূহ তেওঁলোকৰ জীৱন ধাৰণৰ একমাত্ৰ উপায় বুলি কৈ স্থানীয় মাছুৱৈ সংস্থাসমূহে এই সঁজুলিসমূহ ৰাখি থোৱাৰ বিৰোধিতা কৰে ৷

লগতে পঢ়ক:বিহাৰত মুক-বধিৰ নাবালিকাক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ তিনি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.